আগন্তুক লোকপিয়লত সঠিক তথ্য আহৰণ কৰিবলৈ জিলা আয়ুক্তৰ আহ্বান

ডিজিটেল সেৱা: আগন্তুক লোকপিয়লৰ সম্পৰ্কীয় এক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰি কয় যে, সঠিক গণনাইহে দেশৰ প্ৰগতিৰ গতি তৰান্বিত কৰিব। এই পিয়লৰ পৰা প্ৰাপ্ত তথ্য দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ’ব। সেয়েহে তেওঁ পিয়লত জৰিত বিষয়া-কৰ্মচাৰীসকলক এই কাম অতি শুদ্ধভাবে আৰু আন্তৰিকতাৰে সম্পাদন কৰিবলৈ আহ্বান জনায়। উদ্বোধনী সভাত অতিৰিক্ত আয়ুক্ত কমল জিৎ শৰ্মা, সহকাৰী আয়ুক্ত অঞ্জলি কুমাৰীৰ উপৰিও জিলাখনৰ চক্ৰ বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে। প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল সম্পৰ্কীয় এই প্ৰশিক্ষণ কাইলৈ ৩ জুন আৰু অহা ৮ জুনতো অনুষ্ঠিত হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হয়। তেওঁ জনোৱা মতে, এইবাৰ দেশত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল সঁজুলি আৰু অনলাইন ব্যৱস্থাৰ জৰিয়তে দ্ৰুত তথা নিৰ্ভুলভাৱে লোকপিয়ল সম্পন্ন কৰা হ’ব। আগন্তুক পিয়লৰ সময়সূচী অনুসৰি অহা ২ আগষ্টৰ পৰা নাগৰিকসকলৰ বাবে স্ব-পিয়ল ব্যৱস্থা আৰু ১৭ আগষ্টৰ পৰা আনুষ্ঠানিকভাৱে গৃহ তালিকাভুক্তি কাৰ্য আৰম্ভ হ’ব, যাৰ মূল জনসংখ্যা পিয়ল প্ৰক্ৰিয়া ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক স্বচ্ছ আৰু সঠিক লোকপিয়ল সফলভাৱে সম্পন্ন কৰাৰ স্বাৰ্থত ঘৰে ঘৰে যোৱা তথ্য সংগ্ৰহকাৰী দলসমূহক সকলো তথ্য সঠিকভাৱে আৰু কোনো সংকোচ নোহোৱাকৈ প্ৰদান কৰি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ জিলাবাসীক আহ্বান জনাইছে।

Related Articles