ডিজিটেল সেৱা : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱথৰীয়া গাওঁত আয়োজিত এটি অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰি ৰাইজক প্ৰকৃতি সংৰক্ষণৰ হকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। তেওঁ জানিবলৈ দিয়া মতে, আজি জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে অন্ততঃ এটাকৈ গছপুলি ৰোৱা হৈছে। এই পুলিবোৰ সযতনে ডাঙৰ-দীঘল কৰাটোও নিশ্চিত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত কলিয়াবৰ সম-জিলা আয়ুক্ত ৰাজ বৰুৱাও উপস্থিত থাকে। ইয়াৰ পিছতে জিলা উপায়ুক্ত গৰাকীয়ে পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি তেখেতৰ বাসভৱন চৌহদত এটি নাহৰৰ পুলি ৰোপণ কৰে। এই উপলক্ষে আয়োজিত এটি চমু অনুষ্ঠানত তেওঁ কয় যে, আমাৰ সুন্দৰ পৃথিৱীখন বৰ্তাই ৰাখিবলৈ আৰু মানৱ জাতিক জীয়াই ৰাখিবলৈ পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা অতিকৈ আৱশ্যকীয়। সেয়ে আমি প্ৰত্যেকে গছপুলি ৰোৱা আৰু প্ৰতিপালন কৰাটো এটা অভ্যাসত পৰিণত কৰিব লাগিব। তেওঁ কয় যে, গছ আৰু প্ৰকৃতিক ভালপাবলৈ শিকিব লাগিব। গছ অবিহনে পৃথিৱীত মানুহ জীয়াই থাকিব নোৱাৰে, এই কথা উপলব্ধি কৰিব লাগিব ।

তদুপৰি সকলোকে তেওঁ পৰিৱেশ সুৰক্ষাৰ বাবে এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰি পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ বাবে আজিৰ দিনটোতে সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তাৰ পিছতে নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছোচিয়েচনৰ তৰফৰ পৰাও পৰিবেশ দিৱস তথা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাসভৱন চৌহদত গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পিছতে নগাঁৱৰ আৰ্ট ভিলেজত সংগঠনটোৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস তথা পৰিৱেশ দিৱস উপলক্ষে এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। “অসমৰ জনসমষ্টি প্ৰকৃতি আৰু পৰিবেশ” বিষয়ক মূল বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী তথা প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈয়ে।

জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ সভাপতিত্ব কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও দুআষাৰ কয়। তেওঁ পৰিবেশ ৰক্ষাত সংবাদ মাধ্যমে ল’ব পৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰে। ইলেক্ট্ৰ’নিক মিডিয়া এছোচিয়েচনৰ সাধাৰণ সম্পাদক জ্যোতি প্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট শিল্পী সুজিত দাস, ইলেক্ট্ৰ’নিক মিডিয়া এছোচিয়েচনৰ সভাপতি মানৱজ্যোতি বৰা প্ৰমুখ্যে সন্থাৰ সদস্য আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।