ডিজিটেল সেৱা, নগাঁও: অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু নগাঁৱৰ গ্ৰাম্য বিকাশ পৰিষদৰ ব্যৱস্থাপনাত বিগত ৩০ আৰু ৩১ মে’ত জিলাখনৰ চাপানালাৰ ‘হাতী বন্ধু” শিবিৰত পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত এটি দুদিনীয়া “প্ৰকৃতি শিবি”ৰ সফলতাৰে সম্পন্ন হৈ যায়। পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য, বহনক্ষম জীৱনশৈলী আৰু অনাগত প্ৰজন্মৰ বাবে প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজিত এই শিবিৰত ৩১ মে’ৰ দেওবাৰে অনুষ্ঠিত এটি কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি অংশ গ্ৰহণকাৰীসকলৰ সৈতে ট্ৰেকিংত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে প্ৰকৃতি সংৰক্ষণ বিষয়ত মত বিনিময় কৰে। তেওঁ এখন সেউজীয়া আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে পৰিৱেশৰ ৰক্ষাত সমাজৰ সক্ৰিয় অংশগ্ৰহণ আৰু দায়িত্বশীল পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। যুৱ প্ৰজন্মৰ মাজত পৰিৱেশ চেতনা জগাই তোলা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সামূহিক প্ৰচেষ্টাক উৎসাহিত কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ আৰু পৰিৱেশ প্ৰেমীয়ে অংশগ্ৰহণ কৰে।
চাপানলা পাহাৰত ছাত্ৰৰ সৈতে ট্ৰেকিঙত ভাগ ল’লে আয়ুক্ত দেৱাশীষ শৰ্মাই