◆ড° শৰৎ বৰকটকী◆
আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত চলোৱা সামৰিক আক্ৰমণে মধ্যপ্ৰাচ্যৰ ৰাজনীতিৰ লগতে বিশ্বৰ ৰাজনীতি গভীৰভাৱে কঁপাই তুলিছে। বিশেষকৈ ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনীৰ বোমা বিস্ফোৰণত মৃত্যু হোৱা ঘটনাই এই সংঘাতক এক নতুন স্তৰত লৈ গৈছে। আমেৰিকা-ইজৰাইলৰ ইৰানৰ ওপৰত এই আক্ৰমণ কেৱল সামৰিক দিশতে নহয়, কূটনৈতিক, ৰাজনৈতিক আৰু ভূ-ৰাজনৈতিক ক্ষেত্ৰতো বহুত ডাঙৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা গৈছে।যুদ্ধ বিশেষজ্ঞসকলৰ মতে, ইজৰাইল আৰু আমেৰিকাই বহুদিন ধৰি এই অভিযানৰ বাবে প্ৰস্তুতি চলাই আহিছিল। দুয়োখন দেশে উন্নত গুপ্তচৰৰ তথ্য আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ইৰানৰ উচ্চ সামৰিক নেতৃত্ব আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ বিষয়ে সঠিক তথ্য সংগ্ৰহ কৰিছিল। মন কৰিব লগীয়া যে,এই আক্ৰমণৰ ৰাজনৈতিক তাৎপৰ্য্য অত্যন্ত গুৰুত্বপূর্ণ। কোনো স্বতন্ত্ৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানক হত্যা কৰাৰ লক্ষ্যৰে কৰা এনে ধৰণৰ অভিযান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত অতি দুৰ্লভ, সমৰ্থন যোগ্য নহয়। এই আক্ৰমণৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত এক ডাঙৰ প্ৰশ্ন হিচাপে ঠিয় কৰিছে। ইজৰাইলৰ দৃষ্টিভংগীত ইৰান মধ্যপ্ৰাচ্যৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। বিশেষকৈ ইৰানৰ ব্যালিষ্টিক ক্ষেপণাস্ত্ৰ আৰু পাৰমাণৱিক কাৰ্যসূচী ইজৰাইলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল। সেয়ে ইজৰাইলে আগতীয়াকৈ শক্তিশালী আঘাত কৰাৰ কৌশল গ্ৰহণ কৰিছে। ইৰানত ইছলামিক কঠোৰ শাসনতন্ত্ৰৰ বিৰুদ্ধে ইৰানৰ বহুত মানুহ চৰকাৰ বিৰোধী হৈ আন্দোলনত নামি পৰিছিল।ইৰানৰ শাসন ব্যৱস্থা দমনমূলক আৰু মানৱাধিকাৰ লংঘনকাৰী বুলি বিশ্বজুৰি সমালোচিত হৈছিল।যোৱা জানুৱাৰী মাহত ইৰানত হোৱা চৰকাৰবিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল যদিও নিৰাপত্তা বাহিনীয়ে কঠোৰভাৱে চলোৱা দমন অভিযানত কেইবা হাজাৰ লোক নিহত হৈছিল। তাৰ পিছতো আন্দোলনকাৰীয়ে প্রতিবাদ অব্যাহত ৰাখিছিল। আমেৰিকা আৰু ইজৰাইলৰ পৰা এনে আন্দোলনত ভাগ লবলৈ ইৰানৰ মানুহক উচতনি দিছিল। ইৰানৰ সৰ্বোচ্চ নেতা খামেইনীৰ মৃত্যুৰ খবৰ নিশ্চিত হোৱাৰ পিছত বহু লোকে ৰাজহুৱা ভাবে আনন্দ প্ৰকাশ কৰিছিল যদিও তেওঁলোকে সংঘাতৰ আশংকাত সীমা অতিক্ৰম কৰিব নোৱাৰিলে। মন কৰিব লগীয়া যে,ইৰানৰ নিজা নিৰাপত্তা বাহিনী ইছলামিক ৰিভলুচনেৰী গাৰ্ডৰ ওপৰিও Basij-e Mostaz’afin নামৰ স্বেচ্ছাসেৱী অৰ্ধসামৰিক বাহিনী আছে। এই সংগঠনটো ১৯৭৯ চনৰ পিছতেই প্ৰতিষ্ঠা কৰা হৈছিল।এই স্বেচ্ছাসেৱী বাহিনীত যুৱক, ছাত্ৰ, মহিলা আদিও জড়িত হৈ আছে। এই বাহিনীটোৱে ইৰানৰ মুখ্য সামৰিক সংগঠনৰ অধীনত কাম কৰে। এওঁলোকে দেশৰ ভিতৰত শৃংখলা ৰক্ষা, ধৰ্মীয় আৰু ৰাজনৈতিক আদৰ্শ সুৰক্ষা কৰাত জড়িত হোৱাৰ লগতে যুদ্ধকালীন সময়ত সামৰিক সহায় আগবঢ়োৱা, ৰাজনৈতিক প্ৰতিবাদ নিয়ন্ত্ৰণ আৰু সমাজত চৰকাৰী নীতি সমৰ্থন কৰা কামত সক্ৰিয়।এই বাহিনীটোৰ দেশজুৰি প্ৰায় দহ লাখ অধিক সদস্য আছে আৰু ইতিমধ্যে ৰাজধানীৰ চাৰিওফালে মোতায়েন কৰা হৈছে। চৰকাৰ বিৰোধী প্ৰতিবাদ এওঁলোকেই নিয়ন্ত্ৰণ কৰে।এই বাহিনীৰ ভয়ত সাধাৰণ জনতাই মত প্ৰকাশ কৰিব পৰা নাই।
ইজৰাইলে ইৰানৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি পৰমাণৱিক বোমা নিৰ্মাণৰ অভিযোগ কৰি আহিছে যদিও ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী হঠাৎ জন্ম লোৱা নহয়। ১৯৫০ চনৰ শেষৰ পৰা আমেৰিকাৰ সহায়তেই আৰম্ভ হৈছিল। ইৰানৰ বাবে এইয়া কেৱল সামৰিক প্ৰকল্প নহয়,ই ৰাষ্ট্ৰীয় পৰিচয়ৰ অংশ হৈ পৰিল।ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী কেৱল এটা সামৰিক প্ৰযুক্তি নহয়; ই ইতিহাস, ৰাজনীতি, ৰাষ্ট্ৰীয় আত্মসম্মান আৰু সুৰক্ষাৰ সৈতে গভীৰভাৱে সম্পৃক্ত। ইতিহাসৰ পৃষ্ঠা মেলি চালে পোৱা যায় মধ্যপ্ৰাচ্য অতীতৰ পৰাই এক অতি অস্থিৰ অঞ্চল। মধ্যপ্ৰাচ্যৰ ৰাজনীতিত ইৰান এক কেন্দ্ৰীয় শক্তি। কিন্তু ইৰানৰ আধুনিক ৰাজনৈতিক ইতিহাস তিনিটা গুৰুত্বপূৰ্ণ ঘটনাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত। ইৰানৰ ১৯৫৩ চনৰ অভ্যুত্থান, ১৯৭৯ চনৰ ইছলামিক বিপ্লৱ আৰু ২০০৩ চনৰ ইৰাক যুদ্ধৰ আঞ্চলিক প্ৰভাৱ উল্লেখ যোগ্য। এই ঘটনাবোৰে ইৰানৰ অভ্যন্তৰীণ ৰাজনীতি আৰু বৈদেশিক নীতিক পুনৰ গঢ়ি তুলিছিল।১৯৫১–১৯৫৩ সময়ছোৱা ইৰানৰ ইতিহাসত এক টাৰ্নিং পইণ্ট। তেল ৰাষ্ট্ৰীয়কৰণ আছিল স্বায়ত্তশাসন আৰু অৰ্থনৈতিক স্বাধীনতাৰ প্ৰচেষ্টা। কিন্তু ১৯৫৩ চনৰ বিদেশী সমৰ্থিত অভ্যুত্থানে দেখুৱালে যে শীতল যুদ্ধৰ যুগত শক্তিশালী ৰাষ্ট্ৰসমূহে নিজৰ কৌশলগত আৰু অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে ক্ষুদ্ৰ বা উন্নয়নশীল দেশৰ ৰাজনীতিত হস্তক্ষেপ কৰিব পাৰে।১৯৫১ চনত ইৰাণৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগয়ে দেশৰ তেল উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰাৰ আগলৈকে ইৰানৰ তেল উদ্যোগ এংলো ইৰানিয়ান অইল কোম্পানী সম্পূৰ্ণভাৱে ব্ৰিটিছ নিয়ন্ত্ৰণত আছিল । প্ৰধানমন্ত্ৰী মোছাদ্দেকৰ যুক্তি আছিল ইৰানৰ প্ৰাকৃতিক সম্পদ ইৰানৰ জনগণৰ। ইয়াৰ লাভ দেশৰ উন্নয়নত ব্যৱহাৰ হোৱা উচিত।তেল উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰাৰ বাবে ইৰানত শক্তিশালী জাতীয়তাবাদী আন্দোলনৰ অংশ আছিল।তদুপৰি বিদেশী অৰ্থনৈতিক আধিপত্যৰ বিৰুদ্ধে ই এক প্ৰত্যাহ্বান আছিল। ইয়াৰ বিপৰীতে ব্ৰিটেইনৰ অৰ্থনৈতিক স্বাৰ্থত এই সিদ্ধান্তই গভীৰ আঘাত হানিছিল।তেল ৰাষ্ট্ৰীয়কৰণৰ পাছত ব্ৰিটেইনে ইৰানৰ ওপৰত অৰ্থনৈতিক অবৰোধ আৰোপ কৰে। পৰৱৰ্তী সময়ত আমেৰিকাৰ গুপ্তচৰ চি. আই. এ.(Central Intelligence Agency চমুকৈ CIA) আৰু ব্ৰিটেইনেৰ ছিক্ৰেট ইন্টেলিজেন্ট চাৰ্ভিচৰ পৰিচালনাত ১৯৫৩ চনত “অপাৰেচন আজাক্স”( (Operation Ajax) নামৰ গোপন অভিযান চলোৱা হয়। এই অভিযানৰ উদ্দেশ্য আছিল ইৰানৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগক ক্ষমতাৰ পৰা আঁতৰোৱা।মোছাদ্দেগক আঁতৰাই ইৰানত আমেৰিকাপন্থী মোহাম্মদ ৰেজা পাহলভী (শাহ)ৰ শাসন দৃঢ় কৰা হয় । পিছলৈ শাহ পহলভীৰ শাসন অধিক স্বৈৰাচাৰী হৈ উঠে।জনসাধাৰণৰ মাজত পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে অসন্তোষ বৃদ্ধি পায়।এই অসন্তোষেই ১৯৭৯ চনৰ ইৰানত বিপ্লৱৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হিচাপে গণ্য কৰা হয়। ১৯৫৩ চনৰ বিদেশী হস্তক্ষেপে ৰাজনৈতিক অসন্তোষ সৃষ্টি কৰিছিল। ১৯৭৯ চনৰ ইছলামিক বিপ্লৱ সেই অসন্তোষৰ এক ঐতিহাসিক পৰিণতি বুলি বহু বিশ্লেষকে মত প্ৰকাশ কৰে।এই বিপ্লৱে ৰাজতন্ত্ৰৰ অবসান ঘটায় আৰু “ইছলামিক ৰিপাব্লিক” স্থাপন কৰে।আমেৰিকাৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰে। বৰ্তমানৰ যুদ্ধই ইৰানত ডাঙৰ পৰিবর্তন প্ৰায় নিশ্চিত কৰিছে কিন্তু কেনেধৰণৰ হ’ব সেইটো ডাঙৰ প্ৰশ্ন।বিশেষজ্ঞসকলৰ মতে, ইৰানৰ ধৰ্মীয় নেতৃত্বাধীন শাসন ব্যৱস্থা ইমান গভীৰভাৱে স্থাপিত যে সাধাৰণ জনতাই সহজে তাক দলিয়াই পেলাব নোৱাৰিব। লগতে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে ইৰানত অধিক উগ্ৰতা আৰু হিংসা সৃষ্টি কৰাৰ আশংকা আছে।ইৰানৰ সৰ্বোচ্চ নেতা খামেইনীৰ মৃত্যু ইৰানৰ বাবে ৪৭ বছৰীয়া ইছলামিক প্ৰজাতন্ত্ৰৰ ইতিহাসত এক গুৰুত্বপূর্ণ অধ্যায় বুলি বিবেচিত হৈছে। আমেৰিকাৰ নিউ ইয়ৰ্ক টাইমছ কাকতৰ ১ মাৰ্চৰ সম্পাদকীয়ত ইৰাণৰ ওপৰত আমেৰিকাৰ সামৰিক আক্ৰমনক এক অদূৰদৰ্শী আৰু বিপদজ্জনক পদক্ষেপ বুলি কৈছে। শান্তিৰ নোবেল বঁটা বিচৰা আৰু নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত যুদ্ধ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া ডনাল্ড ট্ৰাম্পৰ নাম উল্লেখ কৰি লিখিছে যে এই আক্ৰমণৰ সুস্পষ্ট কৌশল বা গণতান্ত্ৰিক বৈধতা লৈ প্ৰশ্ন উঠিছে। সম্পাদকীয়টোত স্পষ্টকৈ লিখিছে যে ,সামৰিক সিদ্ধান্ত লোৱাৰ আগতে জনগণ আৰু সংসদক অৱগত কৰা উচিত আছিল। আক্ৰমণৰ উদ্দেশ্য কি -কেৱল ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী ৰোধ কৰা নে শাসন পৰিবর্তন ঘটোৱা? যদি পাৰমাণৱিক অস্ত্ৰ বিকাশ ৰোধেই লক্ষ্য আছিল তেন্তে সেইটো ৰোধ কৰা কূটনৈতিক উপায়েৰে সম্ভৱ নাছিল নে? যদি শাসন পৰিবর্তনৰ উদ্দেশ্য, তেন্তে তাৰ পিছত কি হ’ব? ইৰাক আৰু আফগানিস্তানৰ অভিজ্ঞতাই দেখুৱাইছে যে সামৰিক বিজয়ে ৰাজনৈতিক স্থিতিশীলতা আনিব নোৱাৰে।ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় আইন আৰু নৈতিকতা প্ৰশ্ন উত্থাপিত হৈছে।একপক্ষীয় সামৰিক আক্ৰমণে ৰাষ্ট্ৰসংঘৰ নীতি আৰু বিশ্ব ৰাজনৈতিক সমতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ইৰাণৰ শাসন ব্যৱস্থা দমনমূলক আৰু মানৱাধিকাৰ লংঘনকাৰী বুলি বিশ্বজুৰি সমালোচিত যদিও কোনো চৰকাৰৰ দমনমূলক স্বৰূপ সামৰিক আক্ৰমণৰ একমাত্ৰ যুক্তি হ’ব নোৱাৰে। কূটনৈতিক চাপ, অৰ্থনৈতিক নিষেধাজ্ঞা আৰু বহুপাক্ষিক আলোচনা অধিক দীৰ্ঘস্থায়ী সমাধান হ’ব পাৰে।সামৰিক অভিযান কেতিয়াবা ৰাষ্ট্ৰৰ প্ৰধান সকলৰ বাবে ৰাজনৈতিক সমৰ্থন আদায় কৰাৰ উপায় হৈ পৰে। কিন্তু যুদ্ধৰ মূল্য পৰিশোধ কৰিব লাগে সাধাৰণ নাগৰিক আৰু সৈনিকসকলে। সেয়েহে যুদ্ধক কৌশলগত আৰু নৈতিক দুয়ো দিশৰ পৰা গভীৰভাৱে বিবেচনা কৰাটো প্ৰয়োজনীয়। ইৰানৰ ওপৰত সামৰিক আক্ৰমণ বিষয়টো কেৱল এটা ৰাজনৈতিক সিদ্ধান্ত নহয়; ই বিশ্ব ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় আইন, মানৱাধিকাৰ আৰু আঞ্চলিক স্থিতিশীলতাৰ সৈতে সম্পৃক্ত। ভূ-ৰাজনৈতিক দিশৰ পৰা চালে কব পাৰি যে ,মধ্যপ্ৰাচ্য অঞ্চল বহুদিন ধৰি বিশ্ব ৰাজনীতিৰ এক অতি সংবেদনশীল অঞ্চল বুলি বিবেচিত হৈ আহিছে।ইৰানৰ ওপৰত কৰা এই আক্ৰমণৰ ফলত অঞ্চলটোৰ আন দেশসমূহ বিশেষকৈ চৌদি আৰব, তুৰ্কী আৰু ৰাছিয়াৰ নীতি আৰু অৱস্থানো পৰিবৰ্তন হ’ব পাৰে। বিশেষকৈ ৰাছিয়া আৰু চীনৰ দৰে শক্তিধৰ দেশসমূহে এই ঘটনাক কেনেদৰে গ্ৰহণ কৰে তাৰ ওপৰত বিশ্ব ৰাজনীতিৰ ভবিষ্যৎ নিৰ্ভৰ কৰিব । এই আক্ৰমণৰ মানৱীয় আৰু অৰ্থনৈতিক প্ৰভাৱো গুৰুত্বপূর্ণ। যুদ্ধ বা সামৰিক সংঘাতে সদায় সাধাৰণ মানুহক আটাইতকৈ বেছি ক্ষতি কৰে। ইৰানত আকাশ আক্ৰমণ, ক্ষেপণাস্ত্ৰ যুদ্ধ আৰু সামৰিক সংঘাতে অসংখ্য সাধাৰণ নাগৰিকৰ জীৱনলৈ বিপদ মাতি আনিছে। বিশ্ববজাৰত তেলৰ মূল্য বৃদ্ধি , বাণিজ্যিক অস্থিৰতা আৰু অৰ্থনৈতিক অনিশ্চয়তাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বাণিজ্যৰ সাগৰীয় পথ বন্ধ হোৱাৰ বাবে ভাৰতৰ দৰে দেশৰ ৰপ্তানি – আমদানিৰ পথত বাধাৰ সৃষ্টি হৈছে।ইৰানৰ ওপৰত হোৱা এই আক্ৰমণ কেৱল এটা সামৰিক অভিযান নহয়; ই বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূর্ণ টাৰ্ণিং পইন্ট। ইয়াৰ ফলত মধ্যপ্ৰাচ্যত নতুন সংঘাত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু বিশ্ব শক্তিসমূহৰ মাজত নতুন কূটনৈতিক টনা -আজোৰা হ’ব পাৰে। যদি এই পৰিস্থিতি নিয়ন্ত্ৰণ নকৰা হয়, তেন্তে ই বৃহৎ আঞ্চলিক যুদ্ধ বা বিশ্ব ৰাজনৈতিক অস্থিৰতাৰ দিশেও আগবাঢ়িব পাৰে।সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনীৰ মৃত্যুৰ পিছত ইৰানত দেশজুৰি দুটা দৃশ্য দেখা গৈছে—কিছুমান মানুহে ৰাজপথত আনন্দ প্ৰকাশ কৰিছে, আনহাতে বহুতে শোক প্ৰকাশ কৰিছে। এই দুয়োটা দৃশ্যই ইৰানৰ ভবিষ্যৎ সম্পৰ্কে গভীৰ অনিশ্চয়তাৰ সংকেত দিছে বুলি বিশেষজ্ঞ সকলে কৈছে । প্ৰশ্ন উঠিছে ইৰানৰ ইছলামিক কঠোৰ শাসন ব্যৱস্থা টিকি থাকিব নে? আমেৰিকা- ইজৰাইলৰ আক্ৰমণে ক্ষমতাৰ বাবে ইৰানত এক অস্থিৰ সংঘৰ্ষ আৰম্ভ কৰিব নেকি!ইৰানৰ জনতাক এই মুহূৰ্তক এক ঐতিহাসিক সুযোগ বুলি উল্লেখ কৰি ইজৰাইল আৰু আমেৰিকাই ইৰানৰ ইছলামিক চৰকাৰ ওফৰাই পেলাবলৈ আহ্বান জনাইছে। কিন্তু অস্ত্ৰবিহীন সাধাৰণ জনতাই কেনেদৰে শক্তিশালী আৰু সুৰক্ষা বাহিনীৰ মুখামুখি হ’ব সেইটো স্পষ্ট নহয়।যদি কূটনৈতিক সমাধান আৰু আস্থা-নির্মাণ ব্যৱস্থা শক্তিশালী নহয়, তেন্তে ইৰানকে ধৰি মধ্যপ্ৰাচ্য পুনৰ বিশ্ব ৰাজনীতিত এক কেন্দ্ৰীয় সংঘাতক্ষেত্ৰ হৈ পৰিব। আজিৰ প্ৰেক্ষাপটত আমেৰিকা আৰু ইজৰাইলে মধ্যপ্ৰাচ্য আৰু বিশ্ব ৰাজনীতিত নতুন দীৰ্ঘস্থায়ী সংঘাতৰ বীজ ৰোপণ কৰিলে বুলি ক’ব পাৰি।