◆নাছিৰ আহমেদ ◆
ধৰ্ম আৰু জাতিৰ মাজত তুলনামূলক আলোচনা আগবঢ়োৱাৰ আগতে আমি ধৰ্ম আৰু জাতি সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
ধৰ্ম:- ধৰ্ম কি, ধৰ্মৰ উদ্দেশ্য, লক্ষ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ আৰম্ভণিতে ধৰ্মসমূহ কেতিয়া আৱিৰ্ভাৱ হৈছিল, সেই বিষয়ে আলোচনা আগবঢ়াম। ধৰ্মসমূহ দুই ধৰণে আৱিৰ্ভাৱ হৈছিল। সেয়া হ’ল, সংগঠিত ৰূপত ধৰ্ম আৰু অসংগঠিত ৰূপত ধৰ্ম। সংগঠিত ৰূপত প্ৰধান ধৰ্মসমূহ হ’ল, হিন্দু, ইছলাম, খৃষ্টান, বৌদ্ধ, জৈন,শিখ, পাৰ্ছি আদি
পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ধৰ্ম হিন্দুৰ ( যাক সনাতন ধৰ্ম বুলিও কোৱা হয়) আৱিৰ্ভাৱ বৈদিক যুগ অৰ্থাৎ (১৫০০-৫০০খৃষ্টপূৰ্ব) অৰ্থাৎ ৪০০০ হাজাৰ বছৰ বুলি গণ্য কৰা হয়। অৱশ্যে অসংগঠিত ৰূপত হিন্দু ধৰ্ম সিন্ধু সভ্যতাৰ বিকাশৰ ধাৰা হিচাপে গঢ় লৈছিল ( ৩৩০০ – ১৩০০ খৃষ্টপূৰ্ব) অৰ্থাৎ ৬০০০ হাজাৰ বছৰ পুৰণি বু নাই কোৱা হয়। সংগঠিত ৰূপত বৌদ্ধ আৰু জৈন ধৰ্মৰ আৱিৰ্ভাৱ ক্ৰমে খৃষ্টপূৰ্ব ৬ষ্ঠ শতিকা অৰ্থাৎ ৩২০০ বছৰ অসংগঠিত ৰূপত হিন্দু ধৰ্মৰ বিকাশৰ ধাৰাৰ লগত সংলগ্ন। শিখ ধৰ্মৰ আৱিৰ্ভাৱ ১৫০০ শতিকা। অসংগঠিত ৰূপত হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰা আৰু ইছলাম ধৰ্মৰ সৈতে সামঞ্জস্যপূৰ্ণ।ইছলাম ধৰ্মৰ আৱিৰ্ভাৱ ২০০০ বছৰ, খৃষ্টান ধৰ্ম ২৫০০ বছৰ আৰু ইহুদী ধৰ্মৰ আৱিৰ্ভাৱ ৪০০০ বছৰ কিন্তু অসংগঠিত ৰূপত ইহুদী, খৃষ্টান আৰু ইছলাম ধৰ্মৰ আৱিৰ্ভাৱ হজৰত আদমৰ ( পৃথিৱীৰ আদিম সন্তান) সময়ৰ পৰাই কিন্তু মূলতঃ আব্ৰাহাম ( খৃষ্টান আৰু ইহুদীৰ মতে) হজৰত ইব্ৰাহিমৰ( ১৯৯৬ খৃষ্টপুৰ্ব ( ইছলাম মতে) সময়ৰ পৰাই অৰ্থাৎ ৪৫০০ বছৰ। পাৰ্ছী ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল খৃষ্টপূৰ্ব ৬ষ্ঠ – সপ্তম শতিকা অৰ্থাৎ ৩২০০ বছৰ আগতে। আৰু অসংগঠিত ৰূপত ই প্ৰাচীন পৰম্পৰাৰ লগত জড়িত।মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ পথত কেইবাহাজাৰ পিছতো মানুহে বিশ্ব-ব্ৰহ্মান্দৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম নহৈ বিশ্বাসৰ ভেঁটিতে অসংখ্য সূত্ৰ আৱিষ্কাৰ কৰিছিল। এই বিশ্বাসেই হৈছে ধৰ্মৰ মূল আধাৰ, যিয়ে মানুহৰ অন্তৰত দেৱ-দেৱী বা অতি-প্ৰাকৃতিক সত্তাৰ প্ৰতি ভক্তি আৰু ভয় ভাৱৰ সঞ্চাৰ কৰে। আৰু এই দেৱ-দেৱী বা অতি-প্ৰাকৃতিক সত্তাক বিভিন্ন ধৰণে পূজা-অৰ্চনা কৰি তেওঁলোকক সন্তুষ্ট কৰি সমাজৰ অপায়-অমঙ্গল বিঘিনিক বিনাশ কৰি মানৱ-কল্যাণ, শান্তি আৰু সমৃদ্ধি কামনা কৰে।মুঠতে ধৰ্মৰ মূল উৎস হ’ল ,প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতি বিস্ময়,ভয় আৰু অলৌকিকতা।এয়াও ঠিক, পৃথিৱীৰ মূল ধৰ্মসমূহ বিভিন্ন সময়ত সমাজৰ সৰ্বাংগীন উন্নতিৰ বাবে আৱিৰ্ভাৱ হৈছিল। মুঠতে, যেতিয়া এখন সমাজ ধ্বংসৰ গৰাহত ধাৱিত হয়, নানা ধৰণৰ অপায়,অমঙ্গল আৰু বেয়া বেয়া কু-কৰ্মসমূহৰ দ্বাৰা সমাজ কলুষিত হয়, সমাজৰ বেছিভাগ মানুহেই অন্যায়, দুৰ্নীতি,ভ্ৰষ্টাচাৰ আৰু অসৎ প্ৰবৃত্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ সমাজক ধ্বংস কৰিবলৈ উঠি পৰি লাগে, তেতিয়া এই দুৰ্নীতি-পৰায়ণ, কলুষিত সমাজখনক উদ্ধাৰ কৰাৰ বাবে ধৰ্ম-গুৰুসকলে সংস্কাৰ-মূলক কামৰ দ্বাৰা সমাজক নতুনকৈ গঢ় দিয়ে। এনেকৈ উচ্ছৃংখল সমাজক সুশৃংখল ৰূপ দিবলৈ পৃথিৱীৰ সকলো ঠাইতে বিভিন্ন সময়ত ধৰ্মসমূহ বৈপ্লৱিক ভূমিকা গ্ৰহণ কৰে। কালক্ৰমত, পৃথিৱীৰ বিভিন্ন ভৌগোলিক পৰিৱেশত বসবাস কৰা জাতিসমূহক এক বিশেষ ধৰ্মৰ ছত্ৰছায়াত আনি ধৰ্মীয় আচাৰ-আচৰণ, ৰীতি-নীতি, বিশ্বাস অনুষ্ঠান-প্ৰতিষ্ঠান , উৎসৱ-পাৰ্বন আদিৰে আৱদ্ধ কৰিছিল। এনেদৰে, বিশ্বৰ মূল মূল ধৰ্মৰ উপৰিও সৰু সৰু ধৰ্মসমূহে বিশ্বাস,ভয়, অলৌকিকতাৰ আধাৰত বিভিন্ন নিয়ম-নীতি তৈয়াৰ কৰাৰ উপৰিও মানৱৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰি মানৱ-সভ্যতাক উন্নতিৰ জখলালৈ অগ্ৰসৰ হোৱাত অনুপ্ৰাণিত কৰি আছে। কিন্তু বিজ্ঞানৰ অভূতপূৰ্ব আৱিষ্কাৰৰ ফলত ধৰ্মসমূহৰ সীমাবদ্ধতাও চকুত পৰিছে।জাতি :- মানৱ-সভ্যতাৰ বিকাশৰ লগে লগে নৃগোষ্ঠীয় সংমিশ্ৰণ, কলা কৃষ্টি আৰু সাংস্কৃতিক একত্ৰিকৰণ, ভাষিক আদান-প্ৰদান, ঐতিহাসিক, সামাজিক, অৰ্থনৈতিক, দাৰ্শনিক বিৱৰ্তন আদি বিভিন্ন কাৰকৰ দ্বাৰা জাতি গঠনৰ প্ৰক্ৰিয়া পৰিচালিত হৈছে। ক’বলৈ গ’লে এই প্ৰক্ৰিয়াৰ সময় প্ৰায় ১০০০০ বছৰ বা এই প্ৰক্ৰিয়াটো কোনো এটা নিৰ্দিষ্ট সময়সীমাত বান্ধিব নোৱাৰি, বৰঞ্চ যুগে যুগে বিভিন্ন মানৱ গোটৰ ই প্ৰব্ৰজন আৰু স্থায়ীকৰণৰ ফল।
মানৱ জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল মানুহে যেতিয়া স্থায়ীভাৱে কোনো বৃহত্তৰ নদীৰ পাৰত বসতি স্থাপন কৰি খাদ্য-সামগ্ৰীৰ বাবে কৃষিকাৰ্য আৰম্ভ কৰিছিল, বাসস্থানৰ বাবে কাঠ-বাঁহ উৎপাদন কৰিছিল, বস্ত্ৰৰ বাবে সৰু-সুৰা উদ্যোগ গঢ়ি তুলিছিল আৰু লৌহ,তাম্ৰ,সোণ,ৰূপ, হীৰা বা খনিজাত সামগ্ৰী সংৰক্ষণ কৰিছিল।পৰৱৰ্তী এক নিৰ্দিষ্ট ভৌগলিক সময়সীমাত পৃথিৱীৰ বিভিন্ন মূল ভাষা-গোষ্ঠী যেনে, ইন্দো-ইউৰোপীয়, দ্ৰাবিড়, অষ্ট্ৰিক,চেমিটীক -হেমেটিক, তিব্বত- বৰ্মীয় আদিৰ পৰা উদ্ভৱ হোৱা এটি বিশেষ ভাষা, কলা- কৃষ্টি- সংস্কৃতি- সাহিত্য আৰু সামাজিক, অৰ্থনৈতিক, দাৰ্শনিক মূল্যবোধৰ ভিত্তিত একো একোটা জাতি গঠিত হৈছিল। পৃথিৱীৰ মূল ভাষা-গোষ্ঠীৰ ভিত্তিত আমি আৰ্য, দ্ৰাবিড়, অষ্ট্ৰিক চেমিটীক- হেমেটিক, তিব্বত বৰ্মীয় আদি জাতি হিচাপে চিহ্নিত কৰিব পাৰোঁ। এইদৰে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বহুত পিছতহে মানৱ-সমাজত পৃথিৱীৰ মূল ধৰ্মসমূহৰ উদ্ভৱ হৈছিল ; যাৰ ফলত, একে জাতিৰ অন্তৰ্গত অসংখ্য ধৰ্মীয় জনগোষ্ঠীৰ মানুহ অন্তৰ্ভুক্ত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও প্ৰত্যেক দেশৰ বা ৰাজ্যৰ ভিত্তিতো জাতি গঠনৰ প্ৰক্ৰিয়া পৰিচালিত হৈছে। যেনে- ভাৰতীয় জাতি, পাকিস্তানী, বাংলাদেশী, আফগান, আৰবীয়, তুৰ্কী, মালয়েছিয়া, জাপানী,চিনৰ জাতি, ইন্দোনেছিয়ান, কোৰিয়ান, ইংৰাজ জাতি, আমেৰিকান ৰাছিয়ান, জাৰ্মানী, ফৰাচী, ইটালীয়ান ইত্যাদি।তেনেকৈ, আমাৰ ভাৰততো ভাষাৰ ভিত্তিত ৰাজ্যিক জাতি, অসমীয়া, বাঙালী, বিহাৰী, মাৰোৱাৰী,উৰিয়া,হিমাচল অঞ্চলৰ পাহাৰী জনগোষ্ঠী, পাঞ্জাবী, গুজৰাটী, সিন্ধী, তামিল, তেলেগু, কানাড়ী, মালয়ালম ইত্যাদি। আকৌ সকলো ৰাজ্যতে অসংখ্য উপজাতি আছে। যেনে – আমাৰ অসমত ৰাভা,গাৰো,মেচ, বড়ো, কাৰ্বি মিচিং,আদি, ৰাজবংশী, আহোম, চুতীয়া, ডিমাছা, মনিপুৰী, কাছাৰী,ছিলেটী, মৈমনসিঙীয়া, চাহ বাগিচাৰ জনগোষ্ঠী, মৰাণ, মটক , গৰিয়া ,মৰিয়া, দেশী, জলহা, চৈয়দ ইত্যাদি উল্লেখযোগ্য।ওপৰত উল্লিখিত তালিকাবোৰৰ ওপৰত নিৰ্ভৰ কৰি স্পষ্ট ধাৰণা হয় যে, পৃথিৱীৰ মূল ভাষা-গোষ্ঠীৰ ভিত্তিত গঢ়ি উঠা একো একোটা জাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশ, ৰাজ্য আৰু আঞ্চলিক তথা একেবাৰে তলৰ পৰ্যায়ত বিভিন্ন জনগোষ্ঠী কোনো ধৰ্মৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা নাই ; গঢ়ি উঠিছে বিভিন্ন নৃগোষ্ঠীয় সংমিশ্ৰণ, নিৰ্দিষ্ট ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ একত্ৰিকৰণ আৰু সামাজিক, অৰ্থনৈতিক, দাৰ্শনিক আদি বিকাশৰ জৰিয়তে। গতিকে, সকলো জাতিৰ ভিতৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ অস্তিত্ব বিদ্যমান।গতিকে, নিঃসন্দেহে ক’ব পাৰি যে, পৃথিৱীৰ ধৰ্মসমূহ সৃষ্টি হোৱাৰ বহু আগতে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৰ্থাৎ ধৰ্মতকৈ জাতি সদায় আগত। সেয়ে, আমি সকলোৱে ধৰ্মীয় পৰিচয় দিয়াতকৈ জাতি হিচাপে পৰিচয় দি গৌৰৱ অনুভৱ কৰা উচিত। উদাহৰণ স্বৰূপে, আমি অসমৰ অসমীয়া সকলে নিজকে ধৰ্মীয় পৰিচয় দিয়াতকৈ অসমীয়া জাতি হিচাপে পৰিচয় দিয়া একান্তই কাম্য।