ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

◆লিম্পী শইকীয়া◆

ৰুদ্ৰাণী শৰ্মা অসমীয়া সাহিত্য জগতৰ এটা চিনাকি নাম। তেওঁৰ শেহতীয়া উপন্যাস ‘চফৰনামা’। ৰুদ্ৰাণী শৰ্মাৰ আন আন উপন্যাস সমূহ হ’ল- উত্তৰকাল (২০১৩) দমিতাৰ দস্তাবেজ (২০১৪) লৌহিত্য তীৰৰ অমৃত গাথা (২০১৫) পাণবজাৰৰ পাণ্ডুলিপি (২০১৬) কাঁহিবুনৰ মালিতা (২০১৭), ত্রিভুজ (২০২০) বতাহৰ ছবি (২০২১)। ‘চফৰনামা’ এখন ভ্রমণ উপন্যাস। চফৰনামা শব্দটো উর্দুমূলৰ। ইয়াৰ অসমীয়া অৰ্থ ভ্রমণ বিৱৰণ। উপন্যাসখন ২০২৫ চনৰ ডিচেম্বৰ মাহত প্রথম প্রকাশ হয়। জাগৰণ সাহিত্য প্রকাশনে উপন্যাসখন প্রকাশ কৰি উলিয়ায়। মুঠ ১৫৮ পৃষ্ঠাৰ সৰু কলেৱৰৰ এই উপন্যাসখনত প্রচলিত সমাজ ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা আৰু ইতিহাসৰ কিছুমান ঘটনাৰ টুকুৰা ছবি পোৱা যায়। ইয়াৰ লগতে আছে লেখিকাৰ আত্মদৰ্শনৰ উপলব্ধি আৰু মানুহৰ অস্তিত্বৰ ধাৰণা। প্ৰথম পুৰুষত বর্ণিত উপন্যাসখনৰ আৰম্ভণি হৈছে কাহিনীকথকৰ চাৰিদিনীয়া ভ্রমণসূচীৰে। চণ্ডীগড়, অমৃতসৰ আৰু দিল্লী ভ্ৰমণৰ অভিজ্ঞতাৰ কাহিনী বিবৃত এই উপন্যাসখনৰ সামৰণি পৰিছে লেখিকা ঘৰলৈ ওভতি অহাৰ মাজেদি। লেখিকাৰ ভাষাত-মানুহৰ জীৱনৰ প্ৰতিটো দিনেই একো একোটা যাত্রা। এই যাত্ৰাৰ অন্তত মানুহ ঘৰলৈ ঘূৰি আহে বাহিৰৰ পৰা ভিতৰলৈ, নিজৰ মাজলৈ।” চণ্ডীগড়, অমৃতসৰ আৰু দিল্লীৰ বাহ্যিক চফৰৰ মাজেদিয়েই উপন্যাসখনৰ লেখিকাই এক গভীৰ আভ্যন্তৰীণ যাত্রা সম্পন্ন কৰিছে। এই যাত্রা কেৱল ভৌগোলিক সীমাত আবদ্ধ নহয়; ই বৰ্তমানৰপৰা অতীতলৈ, আৰু এগৰাকী ৫২ বছৰীয়া ধীৰ-স্থিৰ মহিলাৰপৰা শৈশৱৰ নীলা-সেউজীয়া ফুটুকীয়া চোলা পিন্ধা চিৎ-পখিলী ছোৱালীজনীলৈ বিস্তৃত এক মানসিক চফৰ।উপন্যাসখনত মনৰ গতিশীলতা এক গুৰুত্বপূর্ণ দিশ হিচাপে উত্থাপিত হৈছে। লেখিকাই দেখুৱাইছে যে মানৱ মন প্ৰকৃততে নিৰন্তৰ যাত্ৰাশীল-ই ঘৰৰপৰা বাহিৰলৈ আৰু বাহিৰৰপৰা ঘৰলৈ, ইঠাইৰপৰা সিঠাইলৈ অহৰহ চলি থাকে। এই মানসিক গতিৰ মাজতেই চৰিত্ৰটোৰ আত্মানুসন্ধান সংঘটিত হয়। দিল্লীৰপৰা ঘূৰি আহি লেখিকাই ‘নিজৰ ঘৰ’ বুলি যিখন স্বাধীন ঘৰ পাইছে, সেই ঘৰ কেৱল ভৌতিক বাসস্থান নহয়; ই প্রকৃত শান্তি আৰু আত্মসুখৰ প্ৰতীক হিচাপে উপন্যাসখনত উদ্ভাসিত হৈছে। বাহ্যিক জগতখনৰ বিভিন্ন অভিজ্ঞতাৰ মাজত ঘূৰি-ফুৰি শেষত চৰিত্ৰটোৱে পুনৰ নিজৰ অন্তর্মুখী জগতখনত প্ৰৱেশ কৰিছে। শৈশৱ, অতীত আৰু বৰ্তমানৰ স্মৃতিৰ মাজেৰে কৰা এই আভ্যন্তৰীণ চফৰেই উপন্যাসখনক এক গভীৰ মনস্তাত্ত্বিক মাত্ৰা প্ৰদান কৰিছে।শিল্পৰীতিৰ ফালৰপৰা ‘চফৰনামা’ক চেতনাস্রোত ৰীতিৰ উল্লেখযোগ্য নিদর্শন বুলিব পৰি। উপন্যাসখনৰ কাহিনী ক্রমবদ্ধমান ঘটনাৰ শৃংখলাৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰঞ্চ চৰিত্ৰৰ মনোজগতত অহৰহ প্ৰবাহিত হোৱা চিন্তা, স্মৃতি আৰু অনুভৱৰ স্বতঃস্ফূর্ত ধাৰাকেই মুখ্য কৰি তোলা হৈছে। লেখিকাৰ চেতনাৰ তৰপবোৰ পিয়াজৰ খোলৰ দৰে বহুতৰপীয়া। বাহ্যিক ভ্ৰমণৰ ঘটনাসমূহো আভ্যন্তৰীণ চেতনাৰ উদ্দীপক ৰূপে কাম কৰিছে। মানুহৰ স্বপ্ন আৰু মনৰ গোপন ৰহস্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ফ্ৰান্সৰ অধিবাস্তববাদী ধাৰণাইও উপন্যাসখনত ভুমুকি মাৰিছে। আন্ধাৰৰ ছায়াৰে আবৰা গুহা আৰু উলংগ ভুতুনীৰ সপোনৰ প্ৰসংগটো বিশেষভাবে উল্লেখনীয়।ৰুণীৰ মাতৃৰ সৈতে কথাৰ টনা-আজোৰাবোৰৰ মাজেৰে প্ৰজন্মৰ ব্যৱধানৰ ফলত হোৱা সংঘাতৰ ছবিখন স্পষ্ট।ৰুণী সমাজত প্রচলিত কেতবোৰ নিয়মৰ বান্ধোনৰ পৰা মুক্তপ্রয়াসী, স্বাধীন। কিন্তু একেবাৰেস্বাধীন নহয়, সময়ে সময়ে আৰোপিত হৈয়ে থাকে নাৰীকেন্দ্ৰিক ঘুণে ধৰা নিয়মবোৰ। মাতৃৰ ওপৰত জাপি দিয়া সমাজ নিৰ্ধাৰিত নিয়মবোৰ ৰুণীৰ ওপৰতো জাপি দিব খোজে জোৰ কৰি। ৰুণীয়ে এনে নিয়মবোৰৰ প্রতিবাদ কৰিছে, ঘুণে ধৰা হোকা সদৃশ সমাজৰ নিয়মবোৰ ওফৰাই স্বাধীন জীৱন বাচি লৈছে। সমাজৰ প্রচলিত কিছুমান নিয়ম, অস্পৃশ্যতাৰ ধাৰণা, নাৰী-পুৰুষৰ অসমতা, সামাজিক বৈষম্যৰ বিধিনিষেধ আদিত ৰুণীৰ প্ৰতিবাদী মনোভাৱ আৰু কার্যকলাপে লেখিকাৰ নাৰীবাদী চেতনাক ব্যক্ত কৰিছে।ভ্রমণ সাহিত্য হৈছে এগৰাকী ব্যক্তিৰ ভ্ৰমণ সম্পৰ্কীয় অভিজ্ঞতাৰ কলাত্মক প্রকাশ। ভ্রমণ সাহিত্যত লেখকৰ ভ্ৰমণ সম্পৰ্কীয় অভিজ্ঞতাৰ লগতে ব্যক্তিগত জীৱনৰো প্রকাশ ঘটে। ভ্রমণ সাহিত্যত ভ্ৰমণৰত ঠাইখনৰ লগতে লেখকৰ নিজৰ ঠাইৰো বিভিন্ন দিশ প্রতিফলিত হয়। ‘চফৰনামা’ ইয়াৰ ব্যতিক্ৰম নহয়।উপন্যাসখনত লেখিকাৰ আত্মদর্শন বহুমাত্রিক দার্শনিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। উপন্যাসখনত ‘নামঘোষা’ৰ ভক্তিমূলক আধ্যাত্মিকতা, শিখ ধৰ্মৰ পবিত্র ধর্মগ্রন্থ ‘গুৰু গ্ৰন্থ চাহিব’ত প্রতিফলিত মানৱিক সমতা আৰু নিৰ্ভয়তাৰ বোধ, পাশ্চাত্য অস্তিত্ববাদী চিন্তা, ডাচ দার্শনিক বাৰুখ স্পিনোজাৰ দৰ্শন আদিৰ সমন্বয় লক্ষ্য কৰা যায়। লেখিকা কেতিয়াবা নামঘোষাৰ ৰসময়ী ভকতিত নিন্মজ্জিত হৈছে, কেতিয়াবা শিখসকলৰ ‘নিৰভউ নিৰ্বেৰ’ বাণীৰে নিৰ্ভয় আৰু ঘৃণাহীন আত্মশক্তিক জগাই তুলিছে। আকাংক্ষাশূণ্য হৈ ভকতিত ডুব দিছে। গভীৰভাৱে উপলব্ধি কৰিছে স্বৰ্গ, মর্ত্য, অতীত, বর্তমান, ভৱিষ্যত সকলো শূণ্য। উদাহৰণস্বৰূপে উপন্যসখনৰ কেইটামান শাৰী তুলি দিয়া হৈছে-(১) ‘মই স্বৰ্গ আৰু নৰকৰ কাল্পনিক জগতৰ পৰা আঁতৰত থকা মানুহ। মোৰ শেষ নিশ্বাস পৃথিৱীৰ বুকুত এৰি দিয়াৰ পিছতে মোৰ শেষ।’ (চফৰনামা পৃ ১৩) (২) নিজকে নিজে বুজাওঁ- নিজৰ অস্তিত্ব বুজি উঠ ৰুণী। (চফৰনামা পৃ ৪৪)(৩) মোৰ আত্মশক্তিয়েই মোৰ ঈশ্বৰ। (চফৰনামা পৃ ৬৬)(৪)বিশাল পৃথিৱীখনত মই এক ক্ষুদ্র প্রাণী-পৰুৱা, পিপৰা, চৰাই এটাৰ দৰে। (চফৰনামা পৃ৭৮)(৫) ন্যায় পাওক। অকল মানুহেই কিয় জীৱ-জন্তু, পশু-পক্ষী, গছ-গছনি সকলোৱে পাওক। পৃথিৱীখন জানো মানুহৰ একচেটিয়া অধিকাৰৰ গ্ৰহ। (চফৰনামা পৃ৭৮)এই সকলোবোৰ লেখিকাৰ স্বতন্ত্র আধ্যাত্মিক-মানৱতাবাদী চিন্তাৰ প্ৰকাশ ।ইয়াৰ উপৰিও, উপন্যাসখনত প্রতিফলিত মানৱমুক্তিৰ আকাংক্ষা আৰু বিশ্বজনীন কল্যাণকামিতাই লেখিকাৰ গভীৰ মানৱতাবাদী মনোভাৱৰ পৰিচয় দিছে। প্রকৃতি, সমাজ আৰু সাধাৰণ মানুহৰ মঙ্গল কামনা কৰা উক্তিসমূহতো প্রকাশ পাইছে লেখিকাৰ অন্তর্মুখী মানৱীয় দৃষ্টিভংগী -“কুশলে থাকক গছ আৰু বতাহ, কুশলে থাকক নদী আৰু অৰণ্য, কুশলে থাকক সৰু সৰু মানুহ।” চফৰনামা পৃ৬৭-৬৮)’চফৰনামা’ এখন সাধাৰণ ভ্রমণ উপন্যাস নহয়; ই আত্মানুসন্ধান, স্মৃতি আৰু মানৱ মনৰ সূক্ষ্ম গতি-বিধিৰ সাহিত্যিক দলিল। বাহ্যিক চফৰৰ অন্তৰালত নিহিত আভ্যন্তৰীণ যাত্রাই উপন্যাসখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ।

Related Articles