অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

◆ডী.কে.চৌহান◆

অসমৰ ৰাজনৈতিক ইতিহাসত চাহ বাগিচা আৰু আদিবাসী সমাজে দীৰ্ঘদিন ধৰি নীৰৱভাৱে অংশগ্ৰহণ কৰি আহিছে। বহু বছৰ ধৰি এই সমাজসমূহৰ ভূমিকা কেৱল ভোটদানতেই সীমাবদ্ধ আছিল। কিন্তু সময়ৰ লগে লগে এই নীৰৱতা ভাঙি পৰিছে। আজি অসমৰ ৰাজনীতিত এই সত্য অস্বীকাৰ কৰিব নোৱাৰি যে চাহ বাগিচা আৰু আদিবাসী সমাজৰ সমৰ্থন অবিহনে ৰাজ্যত কোনো চৰকাৰ গঠন কৰা সম্ভৱ নহয়। এই সমাজসমূহ এতিয়া কেৱল ভোট বেংক নহয়; তেওঁলোকেই অসমৰ ৰাজনৈতিক ক্ষমতাৰ অন্যতম মূল আধাৰ।অসমত ৮৫০ খনতকৈও অধিক ডাঙৰ চাহ বাগিচা আৰু গাঁও আছে যত এওলোকৰ জনসংখ্য়া কোটীতকৈ অধিক। ব্ৰিটিছ শাসনৰ সময়ৰ পৰা চাহ বাগিচা অঞ্চলসমূহ অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে পৰিচিত। অসমীয়া চাহে বিশ্ববজাৰত অসমক স্বতন্ত্ৰ পৰিচয় দিছে আৰু ৰাজ্যৰ অৰ্থনৈতিক ভেটি মজবুত কৰিছে। তথাপি, এই চাহ উৎপাদনৰ সৈতে জড়িত শ্ৰমিক আৰু আদিবাসী সমাজসমূহ ৰাজনৈতিকভাৱে প্ৰায়েই অৱহেলিত হৈ আহিছে। বহু দশক ধৰি তেওঁলোকৰ ৰাজনৈতিক অংশগ্ৰহণ কেৱল ভোটদানৰ মাজতেই সীমাবদ্ধ আছিল।
কিন্তু শিক্ষা, সংগঠন, সামাজিক সচেতনতা আৰু ৰাজনৈতিক বুজ বৃদ্ধি পোৱাৰ লগে লগে এই পৰিস্থিতি লাহে লাহে পৰিৱর্তিত হৈছে। নতুন প্ৰজন্মৰ আদিবাসী আৰু চাহ বাগিচাৰ নেতা-নেত্ৰীয়ে এতিয়া ৰাজনৈতিক নেতৃত্বৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। ফলস্বৰূপে, আজিৰ অসমত এই সমাজসমূহ ৰাজনৈতিকভাৱে অধিক সংগঠিত, সচেতন আৰু দাবিসম্পন্ন।চাহ বাগিচা আৰু আদিবাসী সমাজ উজনি অসম, নামনি অসম, বড়োলেণ্ড আঞ্চলিক পৰিষদ এলেকা আৰু বৰাক উপত্যকাৰ বহু অংশত বিস্তাৰিত। অসমৰ ১২৬ টা বিধানসভা সমষ্টীৰ ভিতৰত মৰাণ, লাহোৱাল, টিংখাং, চাবুৱা, ডুলিয়াজান, নাহৰকটিয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, তিনিচুকীয়া, মাহমৰা, থাওৰা, সোণাৰি, নাজিৰা, মৰিয়নি, তিতাবৰ, খুমটাই, বোকাখাট, সৰুপথাৰ, কলিয়াবৰ, নাওবৈচা, গহপুৰ, বিহালি, বিশ্বনাথ চাৰিআলি, চতিয়া, ৰঙাপাৰা, ঢেকিয়াজুলি, বৰছলা, মাজবাট, পানেৰী, উদালগুৰি, গোঁসাইগাঁও, লক্ষীমপুৰ, উদাৰবন্দ, ৰামকৃষ্ণ নগৰ (ৰাতাবাৰী), হাইলাকান্দি, ধলাই, পাথাৰকান্দি, লক্ষীপুৰ আৰু বৰখলা আদি বহু সমষ্টিত চাহ বাগিচা আৰু আদিবাসী ভোট নিৰ্ণায়ক ভূমিকা পালন কৰে। বহু সমষ্টিত জয়-পৰাজয়ৰ ব্যৱধান মাত্ৰ কেইহাজাৰ ভোটৰ ভিতৰত সীমাবদ্ধ থাকে। সেয়েহে এই ভোট একত্ৰিত হ’লে যিকোনো ৰাজনৈতিক দলৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে।
এই বাস্তৱতাক উপলব্ধি কৰি আজিৰ দিনত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে চাহ বাগিচা আৰু আদিবাসী সমাজৰ নেতাসকলক বিধানসভা আৰু লোকসভাৰ টিকট প্ৰদান কৰিছে। ই কেৱল প্ৰতীকী পদক্ষেপ নহয়, বৰঞ্চ এক গভীৰ আৰু সুপৰিকল্পিত ৰাজনৈতিক কৌশল। প্ৰথমতে, নিজৰ সমাজৰ পৰা অহা প্ৰাৰ্থীয়ে ভোট একত্ৰিত কৰিবলৈ অধিক সক্ষম হয়। চাহ বাগিচাৰ ভোটাৰসকলে নিজৰ জীৱনৰ বাস্তৱতা বুজা, একে ভাষা, সংস্কৃতি আৰু অভিজ্ঞতাৰ অংশীদাৰ নেতাক অধিক বিশ্বাস কৰে। দ্বিতীয়তে, এনে প্ৰাৰ্থীয়ে ভোটদানৰ হাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি কৰে। আগতে বহু চাহ বাগিচা অঞ্চলত ভোটদান কম আছিল, কিন্তু সমাজৰ নিজৰ নেতা প্ৰতিদ্বন্দ্বিতা কৰিলে ভোটাৰৰ উপস্থিতি বৃদ্ধি পায়। তৃতীয়তে, চাহ বাগিচা আৰু আদিবাসী নেতাসকলক আগবঢ়াই দিলে ৰাষ্ট্ৰীয় দলসমূহে বহু ক্ষেত্ৰত পুৰণি ৰাজনৈতিক আধিপত্য ভাঙিবলৈ সক্ষম হৈছে।
বৰাক উপত্যকাৰ দীনেশ প্ৰসাদ গুৱালা, জগন্নাথ সিং, উজনি অসমৰ পৃথিৱী মাঝী, ৰামেশ্বৰ ধানোৱাৰ, পৱন সিং ঘাটোৱাৰ, দিন্নেশ্বৰ তাঁতী আদি নেতাসকল এক সময়ত এই সমাজসমূহৰ শক্তিশালী ৰাজনৈতিক প্ৰতিনিধি আছিল। কিন্তু দুখৰ বিষয় যে তেওঁলোকৰ নেতৃত্বত সমাজখন যিমান উন্নতি হ’ব লাগিছিল, সেই অনুসাৰে নহ’ল। ফলত চাহ বাগিচা আৰু আদিবাসী সমাজক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হ’ল।
এই অভিজ্ঞতাৰ পৰাই শিক্ষা লৈ আজিৰ চাহ বাগিচাৰ ৰাইজে যাকেই নেতৃত্ব দিয়ে, তেওঁৰ ওপৰত সচেতন আৰু চোকা দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়। ৰাজনৈতিক জীৱন কোনো মানুহৰ বাবে চিৰস্থায়ী নহয়। আজি যি ক্ষমতাত আছে, কাইলৈ আন কাৰোবাৰ হাতলৈ যাব পাৰে এই সকলোয়ে ৰাইজৰ ভোটৰ ওপৰতেই নিৰ্ভৰশীল।
বৰ্তমান বিজেপি চৰকাৰে এই চাহ বাগিচা আৰু আদিবাসী সমাজসমূহৰ বাবে কিছু পদক্ষেপ লোৱা দেখা গৈছে। তথাপি পৰিতাপৰ বিষয় এই যে বহু গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও সম্পূৰ্ণ ৰূপে বাস্তৱায়িত হোৱা নাই। চাহ শ্ৰমিকৰ মাটি পট্টা, দৈনিক হাজিৰা বৃদ্ধি আৰু আদিবাসী সমাজৰ জনজাতিকৰণ এই তিনিওটা দাবী আজিও অপূৰ্ণ। আজিৰ দিনতো চাহ বাগিচাৰ শ্ৰমিকক দৈনিক মাত্ৰ ২৫০ টকা হাজিৰা দিয়া হয়, যি এই প্ৰযুক্তিবিদ্যাৰ যুগত সম্পূৰ্ণৰূপে অযৌক্তিক। এনে অৱস্থাত তেওঁলোকে কেনেকৈ অন্য সমাজৰ লগত আগবাঢ়ি যাব?মাটি পট্টা নথকাৰ বাবে বহু শ্ৰমিকৰ সন্তান উচ্চশিক্ষা গ্ৰহণ কৰিব নোৱাৰে বা কিবা বাণিজ্যিক কাম আৰম্ভ কৰিব নোৱাৰে, কিয়নো বেংকে ঋণ দিবলৈ মাটি পট্টা বিচাৰে। এই বাস্তৱ সমস্যাবোৰ আজিও সমাধান নোহোৱাকৈয়ে আছে। আনফালে, চাহ বাগিচা আৰু গাঁও অঞ্চলত বসবাস কৰা আদিবাসী সমাজৰ জনজাতিকৰণৰ বিষয়টোও আজিলৈ সম্পূৰ্ণ নহ’ল, যাৰ ফলত সামাজিক আৰু সাংবিধানিক অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে।
যদি ৰাজনৈতিক দলসমূহে সঁচাকৈয়ে অসমক উন্নতিৰ পথত আগবঢ়াব বিচাৰে, তেন্তে উপৰত উল্লেখ কৰা সমষ্টিসমূহত চাহ বাগিচা আৰু আদিবাসী সমাজৰ যোগ্য, শিক্ষিত আৰু সৎ প্ৰাৰ্থীক আগবঢ়াব লাগিব। চাহ বাগিচাৰ নেতা সকলে পুনৰ শক্তিশালীভাৱে বিধানসভাত উপস্থিতি নিশ্চিত কৰাটো সময়ৰ প্ৰয়োজন। অন্যথা, এই সমাজসমূহৰ অসন্তোষ ভৱিষ্যতে যিকোনো চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংকট হৈ উঠিব পাৰে।
শেষত এইটো স্পষ্টকৈ ক’ব পাৰি যে চাহ বাগিচা আৰু আদিবাসী সমাজ অসমৰ ৰাজনীতিত কেৱল অংশীদাৰ নহয় তেওঁলোকেই আজিৰ দিনত ৰাজনৈতিক সিদ্ধান্ত নিৰ্ধাৰণ কৰা এক শক্তিশালী শক্তি। এই সমাজসমূহক উপেক্ষা কৰি কোনো ৰাজনৈতিক দলে অসমত দীৰ্ঘস্থায়ী চৰকাৰ গঠন কৰিব নোৱাৰে এইটো এতিয়া খাটাং সত্য।

Related Articles