ডিজিটেল সেৱা,বটদ্ৰৱা : একেৰাহে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়ে অসমৰ অন্যতম তীৰ্থপীঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত আজি ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মূৰ দোৱায়। এই ঐতিহাসিক তীৰ্থপীঠ দৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। ধাম দৰ্শনৰ সমাপ্তিৰ পিছত তেওঁ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে পবিত্ৰ ধামখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰস্তাৱিত নতুন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। তদুপৰি শ্ৰীশ্ৰীশঙ্কৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম-কাজৰো তেওঁ বুজ লয়।উক্ত ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ইয়াৰ উপৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈ প্ৰমুখ্যে থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু অগণন স্থানীয় ৰাইজ উপস্থিত থাকে। সত্ৰত সভাঘৰত থানৰ তৰফৰ পৰা আৰু লগতে বিভিন্নজনে মুখ্যমন্ত্ৰীক সম্বৰ্দ্ধনা জনায়।
মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়ে বৰদোৱাত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই