অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক উপদেষ্টা গোলোক চন্দ্ৰ নাথৰ বিয়োগ

ডিজিটেল সেৱা: নগাঁও চহৰৰ নিকটবৰ্তী খুটিকটীয়া নিবাসী বিশিষ্ট সমাজকৰ্মী, লেখক- সাহিত্যিক, শিক্ষাবিদ গোলোক চন্দ্ৰ নাথৰ আজি পুৱতি নিশা নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত স্বৰ্গগামী হয়। “নিগম কল্পতৰু আৰু তত্ত্ব দৰ্শন”, “ভাগৱতৰ আংশিক তত্ত্ব নিৰুপন”, “আমেৰিকাৰ নানা কথা “, “এৰিঅহা দিনৰ সুবাস” আদিকে ধৰি ছয়খন গ্ৰন্থৰ প্ৰণেতা নাথৰ মৃত্যুৰ সময়ত বয়স ৯৩ বছৰ হৈছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য গোলোক চন্দ্ৰ নাথৰ জন্ম হৈছিল ৰহাৰ পহুপুৰি গাঁ‌ৱত। দীঘলদৰি কাকতিগাও হাইস্কুলৰ প্ৰতিষ্ঠাপক নাথ আছিল জন্মস্থানৰ সকলো ৰাজহুৱা অনুষ্ঠানৰ এজন গুৰি ধৰোঁতা। তেখেতৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ লগতে বিভিন্ন দল সংগঠন, আত্মীয় কুটুমে শোক প্ৰকাশ কৰিছে।মৃত্যুৰ সময়ত নাথে তিনিগৰাকী পুত্ৰ, তিনিগৰাকী বোৱাৰী, দুগৰাকী জীয়ৰী, দুজন জোঁৱাই, দহগৰাকী নাতিক এৰি থৈ যায়।উল্লেখ্য যে, তেখেতৰ কনিষ্ঠ পুত্ৰ হেমাংগ ৰঞ্জন নাথ আৰু কনিষ্ঠ জী জ্যোতিশ্ৰী দেৱী বৰ্তমান আমেৰিকাত কৰ্মৰত।

Related Articles