উত্তৰ খাটোৱালত ভূৱা কৱৰস্থান সজাই চৰকাৰী ধন আত্মসাতৰ ফন্দি !

ডিজিটেল সেৱা: নগাঁও জিলাৰ গড়াজান উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ খাটোৱাল গাওঁ পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ (15TH FINANCE COMMISSION) ধন চৰকাৰী নীতি-নিৰ্দেশনাক চুড়ান্ত অৱমাননা কৰি আচঁনিৰ ধন সৰকাই অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি অলপতে পঞ্চায়তটোৰ একাংশ ৰাইজে নগাঁও জিলা আয়ুক্ত ,নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ লগতে গড়াজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰিছে। তাৰ উপৰিও এই সংক্ৰান্তত যোৱা ২৩ মে’ তাৰিখে ৰূপহীহাট আৰক্ষী থানাত ১০জন ব্যক্তিৰ স্বাক্ষৰিত এখনি এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে। প্ৰাপ্ত অভিযোগ মতে, 2024-25 বৰ্ষৰ 15TH FINANCE COMMISSIONৰ ধনেৰে Const.of Boundary Wall at Pachim Khatuwal Anchalik Kabarstan North side of Khatuwal Iddgha. এই ঠাই ডোখৰত কোনোধৰণৰ আঞ্চলিক কৱৰস্থান নাই। যিটো ঠাইত কামৰ ফলক আৰি বাউণ্ডাৰী ৱাল নিৰ্মাণৰ যো-জা চলাই আছে সেই মাটিডোখৰ এজন ব্যক্তিৰ ব্যক্তিগত মাটি হয়। মাটিডোখৰ ৰূপহী ৰাজহ চক্ৰৰ অন্তৰ্গত ছাইদৰীয়া মৌজাৰ উত্তৰ খাটোৱাল কিছামতৰ ৯৭ নং ম্যাদি পট্টাৰ ১৮০ আৰু ১৮৭ নং দাগৰ মাটি হয়। মাটি ডোখৰ উত্তৰ খাটোৱাল গাওঁ পঞ্চায়তৰ উপ-সভানেত্ৰীৰ শশুৰ আব্দুৰ ৰহমান নামত থকা মাটি হয়। আঞ্চলিক কৱৰস্থানৰ নামত কোনো মাটি নাই ও আঞ্চলিক কৱৰস্থানো নহয় ও ভূৱা কৱৰস্থান বুলি ৰাইজে অভিযোগ কৰিছে। উত্তৰ খাটোৱাল গাওঁ পঞ্চায়তৰ সভানেত্ৰী, সভানেত্ৰীৰ স্বামী এমদাদুল হক ফকিৰ, উপ-সভানেত্ৰীৰ স্বামী আনোৱাৰ হুছেইন আৰু গাওঁ পঞ্চায়তটোৰ তদানীন্তন সচিবৰ ঐক্যবদ্ধ ভাবে মিলি গোপন বুজাবুজিৰ মাধ্যমত একমাত্ৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত এক মুঠা অংকৰ ধন আত্মসাৎ কৰাৰ পৰিকল্পনাৰে চৰকাৰৰ নীতি নিৰ্দেশনাক জ্বলাঞ্জলি দি আঞ্চলিক কৱৰস্থান সজাই চৰকাৰৰ পৰা ধন সৰকাই লুটি-পুটি খোৱাৰ ফন্দি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। আঞ্চলিক কৱৰস্থানৰ নামত কোনো মাটি নথকা ও আঞ্চলিক কৱৰস্থান নথকা সত্বেও ধুৰন্ধৰ ব্যক্তি কেইজনে ব্যক্তিগত মাটিত আঞ্চলিক কৱৰস্থানৰ ছাইনবোৰ্ড বনাই সম্প্ৰতি বাউণ্ডাৰী ৱালৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। বিভাগীয় নীতি নিৰ্দেশনা অনুযায়ী আঁচনি এটা আৱণ্টন কৰাৰ পূৰ্বে গাওঁ সভাত প্ৰস্তাৱ মৰ্মে অনুমোদন লৈ গৃহীত কৰিব লাগে যদিও উল্লেখিত আচঁনিটোৰ বিষয়ে গাওঁ পঞ্চায়তৰ ৰাইজ তথা পঞ্চায়তৰ ৱাৰ্ড সদস্য/সদস্যা কোনো ধৰণৰ অৱগত নহয় বুলি অভিযোগটোত উল্লেখ কৰিছে। ওপৰ উল্লেখিত ব্যক্তি কেইজনে মিলি এক গোপন বুজাবুজিত চুড়ান্ত জালিয়াতি ও দুৰ্নীতিৰে আৱণ্টিত ধনৰ এটা অংশ অপব্যৱহাৰ কৰি আৱণ্টিত ধনৰ সিংহভাগেই লুটি-পুটি খোৱাৰ বাবে ফন্দি কৰিছে বুলি একাংশ ৰাইজে কুৱা-কুই কৰিছে। 15TH FINANCE COMMISSION ৰ ধন যাতে অপব্যৱহাৰ,আত্মসাৎ,লুণ্ঠন নহৈ চৰকাৰী ধন যাতে ৰাজহুৱা কামত নিয়োজিত হয় তাৰ বাবে পঞ্চায়ত খনৰ ৰাইজে দাবী উত্থাপন কৰিছে। ব্যক্তিগত মাটিত আঞ্চলিক কৱৰস্থানৰ নাম দি চৰকাৰী ধন অপব্যৱহাৰেৰে নিৰ্মাণ কাৰ্য চলাই থকা আঁচনিটোৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে বন্ধ কৰা, আঁচনিটোৰ আৱণ্টিত ধন মোকলাই নিদিয়াৰ লগতে এক উচিত তদন্ত মৰ্মে দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে ৰাইজে।

Related Articles