ডিজিটেল সেৱা, নগাঁও : নগাঁও জিলাৰ ৰাঙলুৰ বৰকন্দলী মিকিৰপাৰ অঞ্চলত সোমবাৰে নিশা প্ৰায় ২ বজাত আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এটা কুখ্যাত ডকাইত নিহত হয় ৷ উল্লেখ্য যে এই ডকাইতটো বিগত এপ্ৰিল মাহত নগাঁও জিলাৰ মৰিকলঙত সংঘটিত ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৷ নিহত ডকাইত খাইৰুল আলীক আৰক্ষীৰ দুটাকৈ গুলীয়ে ধৰাশায়ী কৰে ৷ নগাঁও আৰক্ষীয়ে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি অভিযান চলাবলৈ গৈ ৰাঙলুৰ সমীপৰ বৰকন্দলী এলেকাত নগাঁও আৰক্ষীৰ এটা দল ডকাইতৰ দলটোৰ মুখামুখি হয় ৷ চাৰিওফালে ঘোপমৰা এন্ধাৰ, বতৰো প্ৰতিকূল ৷ তাৰ মাজতেই ডকাইতৰ দলে চলোৱা গুলীয়ে আঘাত কৰে আৰক্ষীৰ বাহনত ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় খাইৰুল নামৰ ডকাইতটো ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে আন কেবাটাও ডকাইত ঘটনাৰ সময়ত আছিল যদিও এন্ধাৰৰ সুযোগ লৈ আন ডকাইতকেইটা পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ গুলীত নিহত খাইৰুলৰ ঘৰ লখিমপুৰ জিলাত ৷ লখিমপুৰৰ পৰা আহি নগাঁৱত বাহৰ পাতি ডকাইতি কাৰ্য সংঘটিত কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোৱে ৷ এখন হোটেলত প্ৰায়েই আশ্ৰয় গ্ৰহণ কৰিছিল ডকাইত খাইৰুলে ৷ বিভিন্ন স্থানত ডকাইতিৰ পৰিকল্পনা কৰি নিজৰ সহযোগীৰ সৈতে ত্ৰাস সৃষ্টি কৰিছিল কুখ্যাত ডকাইত খাইৰুল আলীয়ে ৷ এই ঘটনা সন্দৰ্ভত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে সংবাদ মাধ্যমৰ আগত সদৰি কৰে, ‘‘মৰিকলং ডকাইতিকাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড লখিমপুৰৰ খাইৰুল আলীৰ নেতৃত্বত পুনৰ নগাঁৱত ডকাইতি সংঘটিত কৰাৰ খবৰ পোৱা গৈছিল ৷ লগে লগে জিলাখনৰ প্ৰত্যেকখন থানাৰ আৰক্ষীক সষ্টম হৈ থকাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল।”এই সন্দৰ্ভত আৰক্ষী বিষয়াজনে লগতে কয় যে, “গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সোমবাৰে নিশা নগাঁৱৰ ৰাঙলু আৰক্ষী চকীৰ অন্তর্গত বৰকন্দলী মিকিৰপাৰাত ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল ৷ সেই সময়তে ডকাইতৰ দলটোৱে আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি গুলী চলায় ৷ দুটা গুলী আমাৰ বাহনত লাগে ৷ আত্মৰক্ষাৰ বাবে আমাৰ আৰক্ষীয়ে গুলী চলোৱাত ডকাইতৰ দলটোক নেতৃত্ব দিয়া খাইৰুল আলী ওৰফে মনিৰ গাত দুটা গুলী লাগে ৷ আন্ধাৰৰ সুযোগ লৈ ডকাইতৰ দলটোৰ বাকী সদস্যই পলায়ন কৰে ৷’’ খাইৰুল আলীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত অপৰাধৰ গোচৰ থকাৰ কথা উল্লেখ কৰি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে কয়, “নগাঁৱৰ ষ্টাৰ হোটেলত থাকি লখিমপুৰৰ খাইৰুল আলীয়ে বিগত দুবছৰ ধৰি অপৰাধ সংঘটিত কৰি আহিছিল ।”নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে সংবাদ মেলত কয় যে, “গুলীবিদ্ধ হৈ নিহত হোৱা খাইৰুল আলী আছিল মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড। খাইৰুল আলীয়ে চিকিৎসক ৰঞ্জিত শইকীয়াক প্ৰথমেই আক্ৰমণ কৰিছিল। নিশা আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা স্থানৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, দুটা খালী কাৰ্টিজ, চোকা অস্ত্ৰসহ ডকাইতিত ব্যৱহাৰ কৰা বহু সামগ্ৰী জব্দ কৰা হৈছে। ”আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে ষ্টাৰ হোটেলত খাইৰুলে বাহৰ পতাৰ বহু তথ্য তেওঁলোকে লাভ কৰিছিল ৷ ইতিমধ্যে হোটেলৰ স্বত্বাধিকাৰীৰ ভাষ্যও আৰক্ষীয়ে সংগ্ৰহ কৰিছে যদিও তদন্তৰ খাতিৰত সেয়া প্ৰকাশ কৰা নাই ৷ নগাঁৱত আছে খাইৰুলৰ আত্মীয় ৷ যাৰ পৰা খাইৰুলে সহায় লাভ কৰিছিল ৷ কিন্তু সেই আত্মীয় কোন সেই কথা অৱগত কৰাৰ পৰা বিৰত আছে আৰক্ষী ৷ ইপিনে, মৰিকলং ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড লখিমপুৰ জিলাৰ খাইৰুল আলী আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছত সন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী চিকিৎসক ৰঞ্জিত শইকীয়াই। ’’উল্লেখযোগ্য যে, আৰক্ষীৰ গুলীত নিহত হোৱা খাইৰুল আলীৰ বিৰুদ্ধে নগাঁৱৰ মৰিকলং ডকাইতি ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ২৯২/২৬ নম্বৰত প্ৰথমে ভাৰতীয় ন্যায় সংহিতাৰ ডকাইতি আৰু পাছত ডকাইতিৰ লগত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু হৈ আছে । খাইৰুল আলীৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত ৩২/২০২৫ নম্বৰত চুৰিৰ গোচৰ ৰুজু হৈ আছে । নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰে জনোৱা মতে, উত্তৰ লখিমপুৰ আৰক্ষী থানাতো খাইৰুল আলীৰ বিৰুদ্ধে ৫০/২০২২ নম্বৰত ৰুজু হৈ আছে লুটপাতৰ গোচৰ । তদুপৰি, বিহপুৰীয়া আৰক্ষী থানাত ২৫/২০২৫ নম্বৰত আন এক অপৰাধৰ গোচৰ ৰুজু হৈ আছে খাইৰুল আলীৰ বিৰুদ্ধে ।
মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী গুলীবিদ্ধ হৈ নিহত