ডিজিটেল সেৱা: জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা অধিক সুদৃঢ় কৰা আৰু পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ পথ সুৰক্ষাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰাৰ লগতে দুৰ্ঘটনা মুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিগত সময়চোৱাত জিলাখনত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ ঘটনাৰাজিক অত্যন্ত গুৰুত্বসহকাৰে লৈ আজিৰ বৈঠকৰ জৰিয়তে জিলাখনত পথ দুৰ্ঘটনাত ৰোধ কৰিবলৈ ল’বলগীয়া বিশেষ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। সভাত যোনি মাহটোত সংঘটিত প্ৰতিটো পথ দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে পৰ্যালোচনা কৰা হয়। সভাত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলে বৰ্তমানৰ পথ সুৰক্ষা সম্পৰ্কীয় পৰিস্থিতি আৰু তথ্য-পাতি উপস্থাপন কৰাৰ লগতে ভৱিষ্যতে গ্ৰহণ কৰিব পৰা বিভিন্ন সুৰক্ষামূলক ব্যৱস্থাসমূহৰ বিষয়ে গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায়।
উক্ত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা প্ৰমুখ্যে জিলা পথ সুৰক্ষা সমিতিৰ আটাইকেইটা সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া আৰু সদস্যসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
নগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সভাত প্ৰতিটো দুৰ্ঘটনাৰ কাৰণৰ পৰ্যালোচনা