ডিজিটেল সেৱা, নগাঁও পানীযোগান আঁচনি এখন সম্পূৰ্ণ কৰিলেই বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দায়িত্ব আৰু কৰ্তব্য শেষ হৈ নাযায়। সেই কামটোৰ দ্বাৰা স্থানীয় ৰাইজে পানী সঠিকভাবে পোৱাটো যিকোনো উপায়ে নিশ্চিত কৰিব লাগিব। আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা পানী আৰু অনাময় সমিতিৰ সভাত সভাপতিত্ব কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ এই সুন্দৰ আঁচনিখনৰ দ্বাৰা প্ৰতিঘৰ লোকৰ পদূলিত বিশুদ্ধ খোৱা পানীৰ যোগান নিশ্চিত কৰিব লাগিব। তাৰবাবে আঁচনি সম্পূৰ্ণ হোৱাৰ পিছত ৰাইজৰ সৈতে মুকলিকৈ কথা পাতিব লাগিব। ইয়াৰ আৱশ্যকতা বুজাই ক’ব লাগিব। এই ক্ষেত্ৰত সকলো বিভাগৰ মাজত সমন্বয় সাধনৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে আৰু বিভাগীয় বিষয়াসকলক পৰস্পৰৰ মাজত সহযোগিতাৰ ভাব গঢ়ি তোলাৰ বাবে আহ্বান জনায়। তেওঁ এই বিষয়ৰ পৰবৰ্তী সভাত অধিক প্ৰগতি নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। আজিৰ সভাত জিলাখনত চলি থকা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ আঁচনি সমূহৰ অগ্ৰগতি আৰু প্ৰতিবন্ধকতা সম্পৰ্কে আলোচনা কৰা হয়। সভাত পাৱাৰ পইণ্টৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই প্ৰতিখন আঁচনিৰ শেহতীয়া তথ্য দাঙি ধৰে। সভাত ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰ, অতিৰিক্ত আয়ুক্ত দীপাংকৰ বৰ্মনৰ উপৰি আন আন সমষ্টিৰ বিধায়কৰ প্ৰতিনিধিসকল, লোক নিৰ্মাণ পথ, জলসিঞ্চন, জনসংযোগ আদি বিভাগ, অসম শক্তি বিতৰণ প্ৰতিষ্ঠানৰ বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা কৃষি বিষয়া, নগাঁও বন সংমণ্ডল বিষয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতি থাকে।
পানীযোগান আঁচনি সম্পূৰ্ণ কৰিলেই বিষয়াৰ দায়িত্ব শেষ নহয়:দেৱাশীষ শৰ্মা