ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ‘ৰান্ধনীশালত বিজ্ঞান’ শীৰ্ষক কৰ্মশালা

ডিজিটেল সেৱা ,গেলেকী: ইলোৰা বিজ্ঞান মঞ্চ, শিৱসাগৰ শাখাৰ উদ্যোগত আৰু সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নাজিৰা শিক্ষাখণ্ডৰ সহযোগত শেহতীয়াকৈ মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘ৰান্ধনীশালত বিজ্ঞান’ শীৰ্ষক এখনি স্বাস্থ্য সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হৈ যায়।
ইলোৰা বিজ্ঞান মঞ্চৰ শিৱসাগৰ শাখাৰ সাধাৰণ সম্পাদক ব্ৰজেন ফুকনে আঁতধৰা আৰু শাখা সভাপতি দিলীপ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ উপেন গগৈ আৰু জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক তীৰ্থ বৰুৱাই। দুয়োগৰাকী সমল ব্যক্তিয়ে বিজ্ঞানসন্মতভাৱে ৰান্ধনীশালত স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নাজিৰা শিক্ষাখণ্ডৰ সম্পাদিকা প্ৰণামী গগৈ, ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মিহিৰ ভঁৰালী, শিৱসাগৰ শাখাৰ প্ৰাক্তন সভাপতি ড° যুগল খাৰঘৰীয়া, বিশিষ্ট শিক্ষাবিদ অসমী গগৈ বৰুৱা, ইলোৰা বিজ্ঞান মঞ্চৰ হাঁহচৰা শাখাৰ সভাপতি নিৰঞ্জন চেতীয়াৰ লগতে মঞ্চৰ সদস্য গোবিন গগৈ, সৌৰভ নেওগ, ইন্দিৰা খনিকৰ, মিতালী শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।শিক্ষাবিদ অসমী গগৈ বৰুৱাই তেওঁৰ শুভেচ্ছামূলক বক্তব্যত ইলোৰা বিজ্ঞান মঞ্চৰ এই প্ৰশংসনীয় পদক্ষেপৰ শলাগ লয়। কৰ্মশালাৰ অন্তত উপস্থিত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে সমল ব্যক্তিৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ লগতে স্বাস্থ্যজনিত বিভিন্ন দিশত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়।

Related Articles