নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ চেকনী চাহবাগিচা পৰিদৰ্শন

ডিজিটেল সেৱা,কলিয়াবৰ: নগাঁও জিলাৰ জখলাবন্ধাস্থিত চেকনী চাহ বাগিচাত চলি থকা তলাবন্ধ আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহৰ খতিয়ান লোৱাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি সন্ধিয়া বাগিচাখন পৰিদৰ্শন কৰে। কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাৰ সৈতে সমগ্ৰ চেকনী চাহ বাগিচা অঞ্চলটো পৰিদৰ্শন কৰি তলাবন্ধৰ বাবে বাগিচাখনত পূৰ্বতে কৰ্মৰত শ্ৰমিকসকলে বৰ্তমান দৈনিক জীৱন প্ৰবাহ চলাই নিয়াত সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লয়।

জিলা আয়ুক্ত গৰাকীয়ে পোনে পোনে শ্ৰমিকৰ বাসস্থান সমূহত উপস্থিত হৈ শ্ৰমিক পৰিয়ালসমূহৰ সৈতে অন্তৰংগভাবে আৰু পোনপটীয়াকৈ মতবিনিময় কৰে। অঞ্চলটোৰ ভালেসংখ্যক ক্ষতিগ্ৰস্ত শ্ৰমিক তথা স্থানীয় বাসিন্দাৰ সৈতে হোৱা এই বাৰ্তালাপত আয়ুক্তগৰাকীয়ে সকলোকে ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায় আৰু বৰ্তমানৰ এই অচলাৱস্থা দূৰ কৰাৰ লগতে অনাগত দিনত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবলগীয়া অন্যান্য সহায়কাৰী ব্যৱস্থাসমূহ যাতে তেওঁলোকে যথাসময়ত লাভ কৰিব পাৰে, তাৰ বাবে জিলা প্ৰশাসনে ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে সকলোকে আশ্বস্ত কৰে।


পৰিদৰ্শনৰ সময়ছোৱাত জিলা আয়ুক্ত‌ই চাহ বাগিচাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ আধ্যাত্মিক আৰু ঐতিহাসিক মহত্ব থকা শিলখূৰং শিৱ থান তথা বনদুৰ্গা মন্দিৰো দৰ্শন কৰে। কিছুদিন পূৰ্বে জখলাবন্ধাৰ সমীপৱৰ্তী বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে উক্ত মন্দিৰ প্ৰাংগণত চলোৱা উপদ্ৰৱৰ ফলত হোৱা ক্ষয়-ক্ষতিৰো তেওঁ বুজ লয়।

Related Articles