ডিজিটেল সেৱা, গেলেকী: যোৱা নিশাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত গেলেকীৰ অভ্যন্তৰীণ তথা ভিতৰুৱা বহু অঞ্চলত তীব্ৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। স্থানীয় কেইবাখনো নদীৰ বাঢ়নী পানীয়ে ক্ষিপ্ৰতাৰে সমগ্ৰ অঞ্চল বুৰাই পেলোৱাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। বানৰ কৱলত পৰা উল্লেখযোগ্য অঞ্চলসমূহৰ ভিতৰত নামতি অঞ্চলৰ লোণপুৰীয়া, গেলেকীৰ ন-পাম বাৰুৱতীৰ গোহাঁই গাঁও, চাংমাই টিং, বৰহোলা, ন-পুখুৰী, দূলাকাষৰীয়া, নামদঙ্গীয়া আৰু মৰাণ গাঁও অন্যতম। বৰষুণ আৰু নদীৰ বাঢ়নী পানীয়ে এই গাঁওসমূহৰ বিস্তৰ ক্ষতিসাধন কৰিছে।অঞ্চলকেইটাৰ প্ৰতিটো সংযোগকাৰী বাট-পথ বৰ্তমান সম্পূৰ্ণৰূপে পানীৰ তলত। ইয়াৰ উপৰি, অপৰ্যাপ্ত জলনিষ্কাষণৰ বাবে স্থানীয় ৰাইজৰ ঘৰৰ ভিতৰতো পানী সোমাই পৰাত জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে এইবাৰ কেইবাটাও নতুন নতুন অঞ্চল নতুনকৈ কৃত্ৰিম বানৰ কবলত পৰিছে, কিছু কিছু অঞ্চলত পৰ্যাপ্ত জলনিষ্কাষণ ব্যৱস্থা নথকাৰ বাবেই অধিক ক্ষয়-ক্ষতি হোৱাৰ আশংকা ই দেখা দিছে । যোৱা নিশাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে নদীসমূহৰ জলস্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰিছে । যদি আজি দিনটোও এনেদৰেই বৰষুণ অব্যাহত থাকে, তেন্তে নিশাৰ ভাগলৈ উপৰোক্ত অঞ্চলসমূহ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ তীব্ৰ আশংকাই দেখা দিছে
কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিভিন্ন অঞ্চল: জলমগ্ন বহু গাঁও