ডিজিটেল সেৱা: চামগুৰি আৰু ৰূপহীহাট বিধান সভা সমষ্টিৰ নিৰ্বাচনী সভাত অংশ ল’লে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে ৷বদৰুদ্দিন আজমল নেতৃত্বাধীন অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নেতাগৰাকীয়ে ৷ চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আব্দুল আজিজ আৰু ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ জনসভা সম্বোধন কৰে আছাদুদ্দিন ওৱেইছিয়ে ৷ নগাঁও জিলাৰ জুৰীয়াত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত আছাদুদ্দিন ওৱেছিয়ে হিমন্ত চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰি এক উদান্ত ভাষন প্ৰদান কৰে।

জুৰীয়াৰ উদমাৰীত এআইইউডিএফৰ সমৰ্থনত আয়োজিত এই বিশাল জনসভাত অংশ লৈ ওৱেছিয়ে হিমন্ত চৰকাৰক ‘জালিম’ (অত্যাচাৰী) আখ্যা দিয়াৰ লগতে মিঞা জনগোষ্ঠীৰ ভৱিষ্যতক লৈ এক বিশেষ মন্তব্য কৰে। ওৱেছিয়ে আৱেগিক সুৰত কয় যে অসমত বৰ্তমান মিঞা জনগোষ্ঠীৰ লোকসকলেই আটাইতকৈ বেছি কষ্ট আৰু লাঞ্ছনাৰ বলি হৈছে। তেওঁ কয়, “আজি যিসকল মিঞা লাঞ্ছিত- বঞ্চিত হৈছে, এদিন তেওঁলোকেই সন্মানৰ মুকুট পিন্ধিব। যিদিনা এই জালিমসকল তলত থাকিব আৰু মিঞাসকল ওপৰত থাকিব, সেই দিনটো চাবলৈ যেন আল্লাই মোক জীয়াই ৰাখে- তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ।” তেওঁৰ এই মন্তব্যই উপস্থিত ৰাইজৰ মাজত সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰে।

ভাষনত ওৱেছিয়ে আৰু কয় – হিমন্ত চৰকাৰে কংগ্ৰেছৰ কোনোবা বিধায়ক জেলত পঠাইছে নেকি বুলি জনতাক প্ৰশ্ন কৰে। বিধায়ক আমিনুলক দুবাৰকৈ জেললৈ প্ৰেৰণ কৰাৰ কৰণ হ’ল আমিনুলক চৰকাৰে ভয় কৰে বাবেহে জেললৈ পঠিয়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ঘৃণাৰ ৰাজনীতি চলোৱাৰ অভিযোগ উত্থাপন কৰি আছাদুদ্দিন ওৱেইছিয়ে কয়,” বদৰুদ্দিন আজমলে অসমৰ মুছলমানক সুৰক্ষা দিব, সেয়ে আজমলক সমৰ্থন কৰক ৷”ওৱেইছিয়ে পুনৰ কয়, “যেতিয়ালৈকে অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্বা শৰ্মা থাকিব তেতিয়ালৈকে অসমত ঘৃণাৰ ৰাজনীতি চলি থাকিব ৷ কংগ্ৰেছে বিজেপিক ৰোধ কৰাত বিফল হৈছে ৷

আজিৰ দিনত হিমন্ত বিশ্ব শর্মা আৰু বিজেপি ক্ষমতাত থকাৰ অন্যতম কাৰণ হৈছে কংগ্ৰেছ ৷”অসমত চলা উচ্ছেদৰ প্ৰসংগৰে তেওঁ পুনৰ কয়, “বৰ্তমানলৈকে অসমত প্ৰায় ৫০ হাজাৰ মুছলমান পৰিয়ালক চৰকাৰে উচ্ছেদ কৰি গৃহহীন কৰিলে ৷ দুখীয়া মুছলমান পৰিয়ালক অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে ৷ সেয়ে এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ হ’লে বদৰুদ্দিন আজমলক সমৰ্থন কৰিব লাগিব ৷ তেওঁ উচ্ছেদিত তথা গৃহহীন মুছলমান পৰিয়ালক সাংবিধানিক অধিকাৰ প্ৰদান কৰিব পাৰিব ৷ আজমল সদায় সেই দুৰ্ভগীয়া পৰিয়ালৰ লগত আছে ৷”আনফালে,ওৱেছিৰ এই জনসভাত লোকে লোকাৰণ্য হোৱাত ঠাই নোপোৱাত বহু সমৰ্থকে টিনৰ চালিত উঠা পৰিলক্ষিত হয়। উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মধ্য উদমাৰী মোক্তাব বিদ্যালয়ৰ টিঙৰ চালিত শ শ কৰ্মী-সমৰ্থক উঠি যোৱাৰ ফলত বিদ্যালয় দুখনৰ চালিৰ টিনবোৰ কিছু পৰিমাণে নষ্ট হৈ পৰে।

ওৱাছিয়ে চামাগুৰিত আব্দুল আজিজক আৰু ৰূপহীহাটত আমিনুল ইছলাম ভোট প্ৰদান কৰিবলৈ সভাত উপস্থিত জনতাক আহ্বান জনায়। ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে ওৱাইছিৰ এই ‘বিস্ফোৰক’ ভাষণে আগন্তুক দিনত কি মোৰ লয়, সেয়া লক্ষণীয় হ’ব। বিশাল গণ সমাবেশত এ আই ইউ ডি এফৰ ছু’প্ৰিমু বদৰ উদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমল,কেন্দ্ৰীয় কমিটিৰ সম্পাদক চম্পক কলিতা, ৰূপহীহাটৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বিধায়ক আমিনুল ইছলাম, চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজে ভাষণ প্ৰদান কৰে।