ডিজিটেল সেৱা: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত প্ৰতিখন বিদ্যালয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ডবকাৰ ভেলৌগুৰিৰ আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা ৯৫.৬৫ শতাংশ উত্তীৰ্ণৰে ঐতিহাসিক ফলাফল প্ৰদৰ্শন কৰে। পিতৃহাৰা ৪৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সপোন বাস্তৱায়িত কৰিলে আজমল ফাউণ্ডেচনে। আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা আশ্বিয়াম আহমেদে ৯৫.১৭ শতাংশৰে হোজাই জিলাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। ফতেহপুৰ ইছলাম নগৰৰ আশ্বিয়াম আহমেদক ৫ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মৌলানা বদৰুদ্দিন আজমলে।

জন্মৰ ৩০ দিন পিছত পিতৃহাৰা হোৱা সেই শিশুৱে সদ্য ঘোষিত মেট্ৰিকৰ ফলাফল ৯৫.১৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৌলানা বদৰউদ্দিন আজমলৰ মহানুভৱতাৰ আন এটি নিদৰ্শন। বিদ্যালয়খনৰ মাহিয়ান আলমে ৯১ শতাংশ আৰু মবৰুল আলম ৯১ শতাংশ ফলাফলেৰে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। এনেদৰে সৰ্বমুঠ ৪৬ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি আজমল পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনে৷

উল্লেখ্য যে ২০১৯ চনত আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ তৎপৰতাত এইখন বিদ্যালয় স্থাপন কৰা হৈছিল৷ বিদ্যালয়খনৰ উদ্দেশ্য কেৱলমাত্ৰ অসহায় অনাথ শিশু যাৰ পিতৃ-মাতৃ নাই, তেনে শিশুক উন্নত শিক্ষা প্ৰদান কৰাই আছিল মূল লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্যক সাৰোগত কৰি একেবাৰে সৰুৰে পৰা এই সকল মেধাৱী শিক্ষাৰ্থীক অতি উন্নতমানৰ শিক্ষা প্ৰদান কৰা হৈছিল।

অকল ইমানেই নহয়, এই শিক্ষাৰ্থী সকলৰ পৰিয়ালতো আজমল ফাউণ্ডেচনৰ জৰিয়তে একোখনকৈ পকীঘৰ প্ৰদান কৰা হৈছিল। যাৰ ফলত তেওঁলোকে আজি আকাশ চোৱাৰ সপোন দেখিব পাৰিছে। আগন্তুক দিনত তেওঁলোকক আজমল ছুপাৰ ৪০ত সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি আজমল পৰিয়ালে জানিবলৈ দিয়ে৷

আজমল মৰ্ডাণ ৰেচিডেনশ্বিয়েল স্কুলৰ এই অভূতপূৰ্ব সফলতাত উৎফুল্লিত হৈ পৰে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম।

উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক উষ্ম অভিনন্দন জ্ঞাপন কৰে মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমল, আজমল ফাউণ্ডেচন সঞ্চালক ড° খচৰুল ইছলাম আৰু আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে। আজমল পৰিয়ালৰ এইধৰণৰ মহান উদ্যোগ সঁচাকৈয়ে সমাজৰ বাবে এক উজ্জ্বল উদাহৰণ।