◆জমিৰ উদ্দিন তালুকদাৰ◆
এআইইউডিএফ দলৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমল আজি মুম্বাইত হঠাত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ মুম্বাইৰ পেডাৰ ৰোডস্থিত জচলুক চিকিৎসালয়ত ভৰ্তি কৰে৷ কিছু সময় চিকিৎসাৰ অন্তত আজমল চাহাব সুস্থ হয়৷ বৰ্তমান তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে৷ বদৰুদ্দিন আজমলৰ কনিষ্ঠ পুত্ৰ ৱালি আজমলে জানিবলৈ দিয়া মতে, বদৰুদ্দিন আজমল এতিয়া সম্পূৰ্ণ সুস্থ, তেওঁ চিকিৎসকৰ নিৰীক্ষণত আছে৷ তেওঁ অহা ২১ মে’ত পৰিয়ালৰ আন সদস্যসকলৰ লগত পবিত্ৰ হজ পালনৰ বাবে মক্কাভিমুখে ৰাওনা হব৷

মক্কা ভ্ৰমণৰ পূৰ্বে তেওঁক সতৰ্কতামূলক চিকিৎসকৰ পৰামৰ্শ লবলৈ জচলুক চিকিৎসালয়ত লৈ যোৱা হৈছে বুলি বদৰুদ্দিন আজমলৰ কনিষ্ঠ পুত্ৰ ৱালি আজমলে জানিবলৈ দিয়ে৷ ইপিনে অহা ২১ মে’ত ষষ্ঠদশ বিধানসভাৰ প্ৰথমখন এদিনীয়া অধিৱেশন অনুষ্ঠিত৷ এই অধিৱেশনত নৱ নিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব৷ কিন্তু বিন্নাকান্দিৰ নৱ নিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমল বিধানসভাৰ প্ৰথমখন অধিৱেশনত উপস্থিত নাথাকে৷ সেই সময়ত তেওঁ মক্কাত থাকিব৷ পৰৱৰ্তী সময়ত তেওঁ অসম বিধানসভাৰ পদ আৰু গোপনীয়তাৰ শপত লব৷