ডিজিটেল সেৱা,গুৱাহাটী: অসম বাৰ্তাজীবী সংঘৰ এটা প্ৰতিনিধি দলে আজি অসম চৰকাৰৰ শ্ৰম বিভাগৰ উপ-আয়ুক্ত অজন্তা শৰ্মা আৰু কনপাই দাসক নিজ কাৰ্যালয়ত সাক্ষাৎ কৰি ২০২৫ চনৰ ৩০ আগষ্টত শ্ৰম বিভাগৰ মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা ত্ৰিপাক্ষিক বৈঠকত গ্ৰহণ কৰাৰ সিদ্ধান্ত কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰে । এই আলোচনাত মাঝিথিয়া আয়োগৰ পৰামৰ্শৰ ভিত্তিত সাংবাদিকৰ দা-দৰমহা,আন সা-সুবিধা আদায় আদি বিভিন্ন বিষয় ঠাই পায় । আলোচনাত ৰাজ্যৰ শ্ৰম বিভাগৰ উপ-আয়ুক্তই সাংবাদিকসকল আজিও বিভিন্ন কাৰণত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰি নতুন শ্ৰম মন্ত্ৰীৰে আলোচনাৰ অন্তত অহা জুন, জুলাইৰ ভিতৰত পুনৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব বুলি কয় । আলোচনাৰ পূৰ্বে অসম বাৰ্তাজীবী সংঘৰ বিগত বৰ্ষৰ আয়-ব্যয়ৰ পৰীক্ষিত হিচাপ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰা হয় । অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা সংঘৰ প্ৰতিনিধি দলটোত আছিল সংঘৰ সন্মানীয় উপদেষ্টা মুকুটৰাজ শৰ্মা,উপ-সভাপতি ভাস্কৰ শৰ্মা, যতীন ভাগৱতী আৰু কাৰ্যালয় সম্পাদক আদিত্য চন্দ্ৰ বৰ্মন।
অসম চৰকাৰৰ শ্ৰম বিভাগৰ উপ আয়ুক্তক সাক্ষাৎ বাৰ্তাজীৱী সংঘৰ