মহাসাগৰৰ যুদ্ধজাহাজত খাদ্যৰ সুৱাস, যুদ্ধভূমিত ভোকৰ হাহাকাৰ

ড° শৰৎ বৰকটকী

খাদ্যৰ সুৱাসে সাধাৰন মানুহৰ মন জয় কৰাৰ লগতে যুদ্ধভূমিৰ পৰা শিবিৰলৈ উভতি অহা সৈনিকৰ হৃদয়লৈ গৰম ধোঁৱা ওলোৱা চুৰুহাৰ বাতি, একাহী গৰম ভাত বা পিজ্জাই মনোবল কঢ়িয়াই আনে। এই মানবীয় অনুভৱৰ কথা মহাসাগৰৰ বুকুত প্ৰহৰী হৈ থকা আমেৰিকাৰ ঐতিহাসিক বিশাল যুদ্ধজাহাজৰ সৈনিক সকলে প্ৰকাশ কৰিছে।যুদ্ধৰ ক্ষেত্ৰত অস্ত্ৰ-শস্ত্ৰ, কৌশল আৰু প্ৰযুক্তিৰ লগতে সৈনিকসকলৰ খোৱা-বোৱা আৰু জীৱন-যাপনৰ ব্যৱস্থাও এক গুৰুত্বপূর্ণ বিষয়। এখন দেশৰ সামৰিক শক্তি কিমান সংগঠিত আৰু শক্তিশালী, তাৰ এক গুৰুত্বপূর্ণ সূচক হৈছে- সৈনিকসকলৰ খাদ্য, স্বাস্থ্য আৰু দৈনন্দিন ব্যৱস্থা। এই প্ৰেক্ষাপটত আমেৰিকাৰ আধুনিক যুদ্ধজাহাজসমূহ আৰু ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰত থকা সৈনিকসকলৰ অৱস্থাৰ মাজত আকাশ- পাতাল পাৰ্থক্য দেখা পোৱা যায়।আমেৰিকাৰ দৰে উন্নত দেশৰ অধীনত চলা বিমানবাহী যুদ্ধজাহাজবোৰ এখন উপঙি থকা চহৰৰ দৰে। প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ,আৰব মহাসাগৰত আমেৰিকাৰ পৰমাণৱিক শক্তিৰে চলা তিনিখন বিশাল যুদ্ধ জাহাজত প্ৰায় পোন্ধৰ হাজাৰ সেনা আছে। আমেৰিকাৰ আব্ৰাহাম লিংকন যুদ্ধ জাহাজত ৫,০০০ সৈনিকৰ বাবে দিনটোত তিনিবাৰ এশ গৰাকী ৰান্ধনীয়ে মুঠ দৈনিক ১৮,০০০ জনৰ বাবে ৰান্ধে আৰু পঞ্চাশ জনে খাদ্য পৰিবেশন কৰে । মাহিলী ২ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৬.৬ কোটি টকাৰ বাজেটৰ সৈতে ২৫০০ পাউণ্ড অৰ্থাৎ ২.৬২ লাখ টকাৰ কুকুৰাৰ মঙহ আৰু আৰু ২০ হাজাৰ কাপ কফি সৈনিকে খায়।ভাত, ৰুটি, মাংস, মাছৰ উপৰিও কণী, গাখীৰ ,ফল-মূল,পাস্তা, বাৰ্গাৰ, পিজ্জা আদি খাদ্যৰ তালিকাত ঠাই পায়।১৬০ গেলন গাখীৰ অৰ্থাৎ ৭২৭ লিটাৰ দৈনিক প্ৰয়োজন হয়। সতেজ উৎপাদিত সামগ্ৰীও পুষ্টিৰ বাবে অগ্ৰাধিকাৰ দিয়া হয়।দৈনিক ৩৭ হাজাৰ টকাৰ লেটুচৰ দৰে অতিৰিক্ত খাদ্যৰে দৈনিক সৈনিক , নাৱিক সকলক সুস্থ কৰি ৰখা হয়। মাজ সাগৰত থকা এই যুদ্ধ জাহাজলৈ অন্য যোগান ধৰা জাহাজৰ পৰা (Supply Ship) কেঁচা মাল আহে।কেতিয়াবা হেলিকপ্টাৰেও খাদ্য- সামগ্ৰী যোগান ধৰে।বাকী মহাসাগৰৰ বিশাল যুদ্ধ জাহাজ দুখনতো একেই ব্যৱস্থা অনুসৰণ কৰা হয়।এই বিশাল জাহাজসমূহ কেৱল লোহাৰ গঠনত সৃষ্ট ৰণতীৰ নহয়; এইবোৰ হৈছে জীৱন্ত চহৰ য’ত হাজাৰ হাজাৰ সৈনিকৰ হাঁহি, ক্লান্তি আৰু আশা একেলগে ধ্বনিত হয়। দিনটোত তিনিবাৰকৈ পৰিবেশন কৰা খোৱাৰ মাজত কেৱল পুষ্টি নাই, আছে এক অদৃশ্য আবেগ—ঘৰৰ মাকৰ বা পত্নীৰ হাতৰ ৰন্ধনৰ স্মৃতি। গৰম ভাতৰ ধোঁৱা, মাংসৰ সুগন্ধ আৰু ৰুটিৰ কোমলতাই যেন যুদ্ধৰ গৰম বুলেটৰ মাজতো এক ক্ষণিক শান্তিৰ সুৰ বুলাই দিয়ে। ই যেন এখন ওপঙি থকা নগৰী, য’ত খাদ্য প্ৰস্তুতি কেৱল এক দৈনন্দিন কৰ্ম নহয়, এক শিল্প। ৰান্ধনীসকলে সৃষ্টি কৰে সোৱাদৰ সুৰ। ৰাতিপুৱাই ব্ৰেকফাষ্ট, দুপৰীয়া লাঞ্চ আৰু ৰাতি ডিনাৰৰ উপৰিও ৰান্ধনীসকলে “মিড্ৰেটছ” বা মাজনিশাৰ ৰেচন নামেৰে জনাজাত এটা গুৰুত্বপূৰ্ণ আহাৰ প্ৰস্তুত কৰে। এই গভীৰ নিশাৰ আহাৰ নাৱিক, মেকানিক আৰু পাইলটসকলক খুৱাই সাজু কৰা অতি প্ৰয়োজনীয় । সৈনিক সকলক অহৰহ সবল কৰি ৰাখি আক্ৰমণৰ ক্ষমতা বজাই ৰাখিবলৈ ৰাতিৰ ভাগতো ৰান্ধনীয়ে কাম কৰে।আমেৰিকাৰ এই যুদ্ধজাহাজসমূহ আধুনিক প্ৰযুক্তি আৰু সুসংগঠিত ব্যৱস্থাৰ এক উৎকৃষ্ট উদাহৰণ। এইবোৰে কেৱল দেশৰ সুৰক্ষা নিশ্চিত নকৰে, বৰং হাজাৰ হাজাৰ লোকৰ দৈনিক জীৱন-যাপন সুস্থ আৰু সুশৃঙ্খলভাৱে চলিবলৈ সহায় কৰে।খাদ্য কেৱল জীৱনৰ বাবে নহয়, ই এক কৌশলগত শক্তি ,এই কথা আমেৰিকাই ভালদৰে বুজি পায়। ইতিহাসত বহু সময়ত যুদ্ধ কেৱল অস্ত্ৰ-শস্ত্ৰে নহয়, খাদ্যৰ অভাৱেই পৰাজয়ৰ মূল কাৰণ হৈছিল। জেমছ এম. মেক্যফেৰচন নামৰ বিখ্যাত আমেৰিকান ইতিহাসবিদে আমেৰিকাৰ গৃহযুদ্ধৰ ওপৰত ‘বেটেল ক্রাই অফ ফ্ৰিডম'(‘Battle Cry of Freedom ‘) নামৰ এখন কিতাপ লিখিছিল। কিতাপ খনত কেৱল যুদ্ধৰ বৰ্ণনা নাই; সৈনিকৰ দেহ-মন ভাঙি পেলোৱা কষ্ট, ভোক, ভয় আৰু সহনশীলতাৰ গভীৰ কাহিনী মৰ্মস্পৰ্শী ভাষাত বৰ্ননা কৰিছে। সৈনিকৰ পেট খালী হ’লে তেওঁলোকৰ শক্তি, মনোবল আৰু ধৈৰ্য—সকলো হ্ৰাস পায়। ইউজিন স্লেজ নামৰ আন এগৰাকী আমেৰিকান সৈনিক, জীৱবিজ্ঞানীয়ে লিখা’ ‘With the Old Breed কিতাপখনত যুদ্ধৰ ভয়ংকৰ বাস্তৱতা, সৈনিকৰ ভোক আৰু মানসিক আঘাতৰ ওপৰত বৰ্ননা কৰিছে।যি দেশে নিজৰ সৈনিকক পুষ্টিকৰ খাদ্য দিব নোৱাৰে, সেই দেশৰ বাবে যুদ্ধত জয় লাভ কৰা কঠিন হয়।ফ্ৰান্সৰ সম্ৰাট নেপোলিয়নৰ সেনা ৰাছিয়ালৈ আগবাঢ়িছিল শক্তিশালী ৰূপত। কিন্তু ঠাণ্ডা বতৰ আৰু খাদ্যৰ অভাৱত সৈনিকসকল দুৰ্বল হৈ পৰে। ফলত সেনাবাহিনীৰ মনোবল ভাঙি পৰে আৰু নেপোলিয়নৰ পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। ‘এনেমী এট দ্য গেইট ‘( ”Enemy at the Gates ” )নামৰ উইলিয়াম ক্ৰেইগে লিখা গ্ৰন্থত যুদ্ধৰ কেতবোৰৰ বাস্তৱ কাহিনী বৰ্ণনা কৰা হৈছে। গ্ৰন্থ খনৰ মতে দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ সেনা ষ্টেলিনগ্ৰেডত আৱদ্ধ হৈ পৰিছিল। শীতল বৰফ, খাদ্যৰ অভাৱ আৰু যোগান ব্যৱস্থা বন্ধ হৈ যোৱাত সৈনিকসকলৰ অৱস্থা অতি দুৰ্বল হৈ পৰে। শেষত জাৰ্মান সেনাই আত্মসমৰ্পণ কৰে।An army marches on its stomach কথাষাৰ দেশে দেশে সেনাৰ বিষয়া সকলে সদায় ভালদৰে বুজিবলৈ চেষ্টা কৰে। যুদ্ধ আৰু খাদ্য— দুয়োটা বিপৰীত দিশৰ কথা নহয়। যুদ্ধৰ ইতিহাসে আমাক এটা গুৰুত্বপূর্ণ শিক্ষা দিয়ে। উন্নত প্ৰযুক্তি আৰু শক্তিশালী অৰ্থনীতি থকা দেশবোৰে নিজৰ সৈনিকসকলৰ বাবে উন্নত জীৱন-যাপন আৰু খাদ্য ব্যৱস্থা নিশ্চিত কৰিব পাৰে। সাগৰৰ মাজত ওপঙা যুদ্ধজাহাজত গৰম ভাতৰ ধোঁৱা থাকে, পাকঘৰত ৰান্ধনীসকলৰ কেৰাহীত সোৱাদৰ সুৰেৰে ৰন্ধা হয় আৰু সৈনিকসকলে কেতিয়াবা ক্ষণিকৰ বাবে হলেও ঘৰৰ,পৰিয়ালৰ স্নেহ অনুভৱ কৰে। কিন্তু পৃথিৱীৰ আন এটা কোণত, কিছু দুখীয়া দেশত নিষ্ঠুৰ বাস্তৱত, এই সোৱাদ যেন কেৱল সপোন হৈ পৰে। ইউক্ৰেনৰ সেনাৰ বহুদিন নকটা ডাঢ়ি, হাড় ওলোৱা মুখ, শুকান চকুৰ গভীৰতা—এইবোৰে যুদ্ধৰ নিষ্ঠুৰ মুখখন উন্মোচিত কৰে। মেটা থ্রেডছ নামৰ সামাজিক মাধ্যমত “আই. পেট্ৰভেনা” নামৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা কিছুমান ছবি যেন জীৱন্ত কাহিনী—য’ত সৈনিকসকলে বৰষুণৰ পানী খাই জীৱন কটাবলগীয়া হয়। এই অৱস্থাক ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থাই নিজেই এক “দুঃস্বপ্ন” বুলি স্বীকাৰ কৰিছে। যুদ্ধভূমিৰ মাজত আৱদ্ধ এই সৈনিকসকলৰ জীৱন যেন এক নিষ্ঠুৰ উপন্যাসৰ পৃষ্ঠা, য’ত প্ৰতিটো শব্দই বিষাদেৰে লিখা।খাদ্যৰ অভাৱ ইয়াত কেৱল পেটৰ জুই নহয়—ই এক গভীৰ মানসিক যন্ত্ৰণা। গৰম ভাতৰ ধোঁৱা যেন এটা স্বপ্ন আৰু শুকান ৰুটিৰ টুকুৰাই বাস্তৱৰ একমাত্ৰ সঁচা। বৰফৰ দৰে ঠাণ্ডা বতাহে হাড় কঁপায়, ভোকে অন্তৰত জুই জ্বলাই; এই দুয়োটাৰ সংঘাতে সৃষ্টি কৰে এক নিঃশব্দ আৰ্তনাদ। লিউ টলষ্টয়ৰ সেই বাণী—“The strongest of all warriors are these two—Time and Patience.” সৈনিক সকলক শিকোৱা হয়, কিন্তু এই ধৈৰ্যও কেতিয়াবা খুদ-কণৰ অভাৱত কঁপিবলৈ ধৰে।আনহাতে জৰ্জ অৰৱেল কৈছিল—“Freedom is the freedom to say that two plus two make four.” কিন্তু যুদ্ধক্ষেত্ৰত এই স্বাধীনতা কেতিয়াবা এটুকুৰা ৰুটিৰ লগত জড়িত হৈ পৰে। খাদ্যৰ অভাৱত মানুহৰ স্বাধীনতাও সংকুচিত হয়। দুখন দেশৰ ছবিৰ তুলনাই স্পষ্টকৈ দেখুৱায়—এফালে প্ৰাচুৰ্য, আনফালে হাহাকাৰ। উন্নত দেশৰ যুদ্ধজাহাজত খাদ্যৰ সজীৱতা, আনহাতে যুদ্ধবিধ্বস্ত ভূমিত খাদ্যৰ বাবে নীৰৱ কান্দোন। যুদ্ধ কেৱল বন্দুক, মিছাইল আৰু বোমাৰ শব্দ নহয়; ই মানুহৰ ভোক, সহনশীলতা আৰু আশা-আকাংক্ষাৰ এক গভীৰ কাব্য।খাদ্যই মানুহক জীয়াই ৰাখে—এইটোৱেই সত্য। খাদ্যৰ অভাৱে মানুহৰ আত্মাকো কঁপাই তোলে—এইটোও সমানেই সত্য। সৈনিকসকলৰ বাবে পৰ্যাপ্ত খাদ্য নিশ্চিত কৰাটো কেৱল এখন দেশৰ দায়িত্ব নহয়, ই এক গভীৰ মানবীয় কৰ্তব্য। কিয়নো তেওঁলোকেই নিজৰ জীৱন বিপন্ন কৰি আনৰ জীৱন সুৰক্ষিত কৰে।যুদ্ধৰ খবৰবোৰ আমি দুৰদৰ্শনৰ পৰ্দাত দেখি থাকোঁ, কিন্তু তাৰ অন্তৰত লুকাই থকা মানুহৰ কাহিনী বহু সময়ত নীৰৱ হৈ ৰয়। আজি ইউক্ৰেইনৰ সৈনিকসকল সেই নীৰৱ কাহিনীৰ বাহক। হেমিংৱেৰ কথাৰে ক’ব পাৰি—“But man is not made for defeat.” এই অদম্য বিশ্বাসে তেওঁলোকক আগবঢ়াত সহায় কৰে।ইউক্ৰেনৰ সৈনিকৰ বিষয়ে সামাজিক মাধ্যমত মেটা থ্ৰেডছৰ ,সেইটো আমাৰ বাবে হয়তো এটা পোষ্ট, এটা খবৰ,এটা স্ক্ৰ’ল। কিন্তু সেই সকল সৈনিকৰ বাবে সেয়েই জীৱন। পেটৰ ভোক, চকুৰ নিদ্ৰাহীনতা আৰু ঘৰলৈ উভতি যোৱাৰ সপোন—এইবোৰেই তেওঁলোকৰ নীৰৱ যুদ্ধ। ৰাষ্ট্ৰ প্ৰধান সকলে এই কথাবোৰ কেতিয়াবা চিন্তা কৰেনে!

Related Articles