◆ডাঃ মৃদুল কুমাৰ নাথ◆
মৌচুমী বতাহৰ আগমনৰ লগে লগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বর্ষা ঋতুৰ আগমন হয়। বাবিষা অহাৰ লগে লগে বানপানী, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদি সকলোৰে হেঁচা মাৰি ধৰে। বিভিন্ন মহামাৰীৰ লগতে সর্পদংশন হোৱা ৰোগীৰ সংখ্যাও এই সময় বিলাকত বৃদ্ধি পায়। বিশ্বস্বাস্থ্য সংস্থাই সর্পদংশনক অৱহেলিত ৰোগৰ (Neglected Disease) ৰ শাৰীত স্থান দিছে। এই সমীক্ষাত তেওঁলোকে কৈছে যে, বিশ্বত প্ৰতি মিনিটত প্ৰায় ১৫৮ জন লোকৰ সর্পদংশনত মৃত্যু হয়।
◆সর্পদংশন নো কি
সর্প বহুবিধ আছে যদিও প্ৰকৃতার্থত বহুলভাৱে মুখ্যত দুটা ভাগত ভগাব পাৰি- বিষাক্ত প্ৰজাতি আৰু অবিষাক্ত প্ৰজাতি। আমাৰ অসমত সাধাৰণতে ছয়বিধ বিষাক্ত সর্প থকাৰ উমান পোৱা গৈছে। সেইবিলাক হল- পিট ভাইপাৰ (Pit Viper), চকৰীফেঁটী (Monocled Cobra) কলা গোৱালা বা কলা শংখচূৰ (Black Krait) বাটৰাজ বা ৰঙামুৰীয়া সাপ (Red Necked Keelback) গোৱালা বা শংখা শাপ (Branded Krait) আৰু ৰাজ ফেঁটী (King Cobra)। এতিয়া আহো এই বিষাক্ত সাপ বিলাকে দংশন কৰিলেনো আমাৰ কি হয়! বিষাক্ত সাপে দংশন কৰিলে যদি বিষ (Poison) আমাৰ শৰীৰত নিদিয়ে, তেনেহলে আমাৰ শৰীৰৰ একো অপকাৰ নহয়, তেনেধৰণৰ অৱস্থাক শুকান দংশন (Dry Bite) বুলি কোৱা হয়। তাৰ পিছত আহো যদি বিষ আমাৰ শৰীৰত সোমায় তেনেহলে কি হ’ব পাৰে ? সাপৰ বিষ মূলত তিনিধৰণৰ হয়- এবিধে স্নায়বিক প্ৰক্ৰিয়াক আক্ৰান্ত কৰে (Neuroparalytic)। অন্য এবিধ বিষে মাংসপেশীক আক্ৰান্ত কৰে। তেনেবিধক Myotoxic Poison বুলি কোৱা হয়। শেষবিধ হৈছে ৰক্তকনিকাক আক্ৰান্ত কৰা Haemolytic Poison।
◆সর্পদংশন হ’লে কি কৰিব লাগে
১। সাপটোৰ কাষৰ পৰা ব্যক্তিগৰাকীক আঁতৰাই আনিব লাগে। পাৰিলে সাপটোৰ এখন ফটো উঠাই ৰাখিব লাগে।
২। সাপে কামুৰিলে আতংকিত হ’ব নালাগে আৰু তেনে ব্যক্তিক পৰাপক্ষত সাহস যোগাব লাগে।
৩। সাপে কামোৰা অংশ লৰচৰ নকৰাকৈ ৰাখিব লাগে।
৪। সাপে কামোৰা অংশৰ ওচৰত পিন্ধি থকা আঙুঠি, খাৰু, বেল্ট আদি টিলা কৰি দিব লাগে।
৫। তৎক্ষণাত এম্বুলেঞ্চলৈ ফোন কৰিব লাগে। যদি এম্বুলেঞ্চ নাথাকে তেনেহ’লে ব্যক্তিগৰাকীক বেছি লৰচৰ নকৰাকৈ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা উচিত।
৬। সাপে কামোৰা ব্যক্তি গৰাকীক পৰাপক্ষত বাঁওফালে মুৰ দি শুৱাব লাগে।
◆সাপে কামোৰাৰ আশংকা কেতিয়া থাকে
১। খালী ভৰিৰে খেতি পথাৰ নাইবা বাগিছা ইত্যাদিৰ কাম কৰিলে।
২। মৃত অথবা জীয়াই থকা সাপডাল হাতেৰে ধৰিবলৈ চেষ্টা কৰা।
৩। পুখুৰী বা নদীত গাধোৱা, কাপোৰ ধোৱা, ইত্যাদি।
৪। আঠুৱা ব্যৱহাৰ নকৰাকৈ মাটিত শুই থকা।
৫। ঘৰ বা চোতালত এন্দুৰ, নিগনি আদি থাকিলে।
৬। শুকান খৰি, ঘাঁহ, গৰু-ছাগলীৰ খাদ্য আদি সংগ্ৰহ কৰিবলৈ গ’লে।
৭। টৰ্চৰ পোহৰ নোহোৱাকৈ আন্ধাৰত খোজ কঢ়া।
৮। মুকলি ঠাইত শৌচ কৰা।
৯। খোলা ভৰিৰে ভুলবশত সাপৰ ওপৰত ভৰি দিয়া।
১০। ঘৰ, শৌচালয়, পথ, পার্কিং আদি স্থানত পোহৰৰ ভাল ব্যৱস্থা নথকা।
◆সৰ্প দংশনৰ পুৰণি বিশ্বাস
তাহানিৰ ৰামায়ণ, মহাভাৰতৰ যুগৰ পৰা আৰম্ভ কৰি লক্ষীন্দৰ বেউলাৰ কাহিনীলৈকে আমি সকলোৰে জ্ঞাত যে, বিষাক্ত সর্প দংশন হ’লে চিকিৎসা কৰি কোনো লাভ নাই। আনকি এনেকুৱা কিছুমান অন্ধবিশ্বাস আৰু লোকবিশ্বাস আছে যে, সর্পদংশনৰ ফলত মৃত্যু হোৱা লোকজনৰ চিতা জ্বলোৱা বা কবৰ দিয়া নহয়। বোৱতী নদীত কলৰ ভেল বনাই উটুৱাই দিয়া হয়-
বিশ্বাসত যে, কৰবাত হয়তো তেওঁ জীয়াই উঠিব!!
◆ সর্প দংশনৰ আধুনিক চিকিৎসা
আধুনিক চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ ফলত সর্পদংশনৰ চিকিৎসা বহুখিনি উন্নত তথা নিখুঁতভাৱে গঢ় লৈ উঠিছে। বর্তমান সর্পবিষৰ বিৰুদ্ধে Antisnake Venom (ASV) আৱিষ্কাৰ হৈছে ; যিয়ে মৃত্যুমুখী ৰোগীক নিশ্চিত মৃত্যু মুখৰ পৰা ঘূৰাই আনিব পাৰে। তদুপৰি মায়াপাইৰোলেট (Myopyrolate) কেলচিয়াম গ্লুকুনেট (Calcium Gluconate) আদি জাতীয় ঔষধেও সর্প দংশনৰ চিকিৎসাত উল্লেখযোগ্য ভূমিকা লোৱা দেখা যায়।
◆চৰকাৰী পদক্ষেপ
ভাৰত তথা অসম চৰকাৰে সর্প দংশনৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লোৱা দেখা গৈছে। যোৱা ২০২৪ চনৰ মাৰ্চৰ পৰা ভাৰত তথা অসম চৰকাৰে Snake Bite Control Programme আৰম্ভ কৰিছে।
◆সর্প দিৱস
সাপৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে অসম তথা ভাৰতবৰ্ষত ১৯ ছেপ্তেম্বৰ দিনটো ‘সর্প দংশন সজাগতা দিৱস (Snake Bite Awareness Day) হিচাবে উদযাপন কৰা হয়। তদুপৰি জুলাই মাহৰ ১৬ তাৰিখ দিনটো ‘বিশ্ব সর্প দিৱস( World Snake Day) হিচাবে পালন কৰা হয়।
◆উপ সংহাৰ
সর্প দংশন এবিধ মৃত্যুমুখী Life Threatening দুৰ্যোগ। অসম চৰকাৰে অলপতে ইয়াক Notifiable Disease ৰ তালিকাভুক্ত কৰিছে। সজাগতা, তৎপৰতা আৰু আধুনিক উন্নত মানৰ চিকিৎসাই বিষাক্ত সাপৰ দংশনৰ ৰোগীকো আৰোগ্ৰ্য কৰা সম্ভৱ কৰি তুলিছে
ম’বাইল নম্বৰ- 9435070836