◆মোস্তাফা কামাল◆
নগাঁও লোকসভা উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নিষ্প্ৰভ ভুমিকাৰ সুযোগ গ্ৰহণ কৰি শাসকীয় বিজেপি আৰু এআইইউডিএফ দলৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে।

সোমবাৰৰ দিনটোত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত গড়াজান মণ্ডল বিজেপিৰ উদ্যোগত ১৫ খনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হয়। পুৱা দহ বজাৰ পৰা নিশা দহ বজালৈকে এখন দীঘলীয়া সময় সূচীৰ আধাৰত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ভাজপা দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ।

দিনটোত বৰভেটি, শিমলুগুৰি, বেলতলি, হেৰাপাতি, কাঞ্চনপুৰ, হাতী পুখুৰী, তাৰাবাৰী, উত্তৰ খাটোৱাল, গড়াজান,ৰূপহী আদি বৃহত্তৰ অঞ্চলত ১৫ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দেৱাশীষ শৰ্মাই। “ৰাইজসকল, সুতৰ বিপৰীতে নাযাব। সুতৰ বিপৰীতে যোৱাজনে জীৱনত কৃতকাৰ্য লাভ কৰিব নোৱাৰে।

কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ চৰকাৰ আছে, উন্নয়ন, প্ৰগতি আৰু পৰিৱৰ্তন কৰিবলৈ হ’লে শাসকীয় দল আৰু চৰকাৰৰ পক্ষত থাকিব লাগিব।কাজেই আমি এইবাৰ সকলোৱে বিজেপিৰ মনোনীত প্ৰাৰ্থী জনক ভোট দি দিল্লীলৈ যোৱাৰ বাট মুকলাই দিব লাগিব।সুতৰ বিপৰীতে যোৱাটো সঠিক পথ নহ’ব” ।

নিৰ্বাচনী বতৰত বিভিন্ন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে নগাঁও-মৰিগাওঁ জিলাৰ তদানীন্তন আয়ুক্ত তথা বৰ্তমানৰ বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই। চামগুৰি সমষ্টিৰ গড়াজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা চামগুৰি সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাৰ নিৰ্বাচনী সভাবোৰত সংখ্যালঘু আই মাতৃ সকলৰ উপস্থিতি আছিল আশাব্যঞ্জক।

এলেকাটোৰ বিভিন্ন মছজিদ, মাদ্ৰাছা আৰু ধৰ্মীয় উপাসনাৰ আলীম উলামা জোনাব সকলেও স্বেচ্ছাই সভাবোৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, নগাঁও লোকসভা উপ নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দিনে নিশাই ৰাইজৰ মাজত সোমাই থকাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী শিবামণি বৰাই লেহেমীয়া গতিত চলাইছে প্ৰচাৰ অভিযান।

ইফালে এআইইউডিএফ দলৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল কংগ্ৰেছতকৈ এখোজ আগুৱাই গৈছে নিৰ্বাচনী প্ৰচাৰত। এআইইউডিএফ দলৰ ছুপ্ৰিম মৌলানা আজমলে বিন্নাকান্দি সমষ্টিৰ বিধায়ক পদ এৰি সাংসদ হোৱাৰ বাবে ককালত টঙালি বান্ধি পুনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত গৈ মছজিদ মাদ্ৰাছাৰ নামত আবেগিক মন্তব্য দি মুছলমানক উত্তেজিত কৰি কৌশলেৰে ভোট বিভাজনৰ ৰাজনীতিত নামিছে।

ইতিমধ্যে লাহৰিঘাট, ৰূপহীহাট, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত একাধিক সভাত অংশগ্ৰহণ কৰিছে আজমলে। নগাঁৱৰ ধিংৰোড চলচলিত নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰি আজমলে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। এক কথাত ক’বলৈ গ’লে নগাঁও লোকসভা উপ নিৰ্বাচনত কংগ্ৰেছৰ নিষ্প্ৰভ ভুমিকাৰ সুযোগ গ্ৰহণ কৰিছে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই।