সদলবলে মনোনয়ন দাখিল এ আই ইউ ডিএফ প্ৰমুখ বদৰুদ্দিন আজমলৰ

জমিৰ উদ্দিন তালুকদাৰ, ডবকা:


নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত নগাঁৱত তীব্ৰ হ’ল ৰাজনৈতিক তৎপৰতা। আজি সদলবলে মনোনয়ন পত্ৰ দাখিল কৰে এআইইউডিএফৰ প্ৰমুখ তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ উপৰি বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ প্ৰাৰ্থী শিবামণি বৰা, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুছ ছালামসহ কেইবাগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ১৬ ছেপ্টেম্বৰ। আজমলৰ মনোনয়নক কেন্দ্ৰ কৰি পুৱাৰে পৰা হোজাইৰ গোপালনগৰস্থিত আজমল হাউচত দেখা যায় ব্যাপক তৎপৰতা। মনোনয়ন দাখিল কৰিবলৈ ওলোৱাৰ পূৰ্বে আজমল হাউচত আয়োজন কৰা হয় দোৱা মেহফিল। দোৱা মেহফিলত অংশগ্ৰহণ কৰাৰ পিছত দলীয় নেতা-কৰ্মীৰ বৃহৎ দলক লগত লৈ নগাঁও অভিমুখে ৰাওনা হয় এআইইউডিএফ প্ৰমুখগৰাকী। আজমলৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে তেওঁৰ পুত্ৰ তথা দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহমান আজমল, জনিয়াৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলাম, মৌলানা আব্দুল কাদিৰসহ এআইইউডিএফৰ কেইবাগৰাকী শীৰ্ষ নেতা আৰু দলীয় কৰ্মী-সমৰ্থকে। মনোনয়ন দাখিলৰ পূৰ্বে দলীয় সমৰ্থকৰ উপস্থিতিত নগাঁও চহৰত সৃষ্টি হয় ব্যাপক ভিৰ। উল্লেখ্য, এআইইউডিএফে মনোনয়ন দাখিলৰ মাত্ৰ এদিন পূৰ্বে দলৰ প্ৰমুখ বদৰুদ্দিন আজমলক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। দলীয় ক’ৰ কমিটীৰ অনুমোদনৰ পিছতেই আজমলৰ প্ৰাৰ্থিত্ব চূড়ান্ত হয়। বৰ্তমান তেওঁ হোজাই জিলাৰ বিন্নাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক আৰু পূৰ্বে ধুবুৰী লোকসভা সমষ্টিৰ পৰা তিনিবাৰ সাংসদ নিৰ্বাচিত হৈছিল। মনোনয়ন দাখিলৰ পিছতে বদৰুদ্দিন আজমল পোনে পোনে গৈ উপস্থিত হয় ধিং সমষ্টিৰ ফৰমাইভেটিত। তাত উত্তৰ-পূব ভাৰতৰ প্ৰাক্তন আমিৰে শ্বৰিয়ত প্ৰয়াত মুফতী খাইৰুল ইছলামৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে আলোচনাত মিলিত হয় আজমল। ইয়াৰ পিছতে প্ৰয়াত ধৰ্মীয় নেতাগৰাকীৰ সমাধিস্থললৈ গৈ তেওঁৰ আত্মাৰ মাগফিৰাত কামনা কৰি দোৱা কৰে।মনোনয়ন দাখিলৰ মাজতে আজমলৰ মোবাইল চুৰি ইফালে, নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ গৈ এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হয় এআইইউডিএফ প্ৰমুখ মৌলানা বদৰুদ্দিন আজমল। মনোনয়ন দাখিল কৰি কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে ভিৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই আজমলৰ মোবাইল ফোন চুৰি কৰি নিয়ে বুলি জানিব পৰা গৈছে। মনোনয়ন দাখিলৰ সময়ত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ব্যাপক উপস্থিতি আছিল। ইয়াৰ মাজতে দলীয় সমৰ্থকৰ বৃহৎ ভিৰৰ সৃষ্টি হয়। আজমল ওলাই অহাৰ সময়ত তেওঁক আগুৰি ধৰে দলীয় কৰ্মী-সমৰ্থকে। ভিৰৰ মাজত সৃষ্টি হোৱা হেঁচা-ঠেলাৰ সুযোগ লৈ চোৰে আজমলৰ মোবাইল ফোনটো লৈ উধাও হোৱা বুলি জানিব পৰা গৈছে।ঘটনাৰ পিছতে আজমলে নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ মাজতো এগৰাকী ভিআইপিৰ মোবাইল চুৰি হোৱা ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈ স্বাভাৱিকতে প্ৰশ্নৰ অৱকাশ সৃষ্টি কৰিছে।নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব। মনোনয়ন দাখিলৰ অন্তিম দিন ১৬ ছেপ্টেম্বৰ, ১৭ ছেপ্টেম্বৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব আৰু ১৯ ছেপ্টেম্বৰ হ’ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ভোটগণনা অনুষ্ঠিত হ’ব ৯ অক্টোবৰত। এতিয়া মনোনয়ন দাখিলৰ পৰ্ব সম্পূৰ্ণ হোৱাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ পৰ্যায় ক্ৰমাৎ অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা দিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিবামণি বৰা, এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুছ ছালামকে ধৰি কেইবাগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামি পৰাত সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণে নতুন ৰূপ লাভ কৰিছে।

Related Articles