ডিজিটেল সেৱা, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আচঁনি জল জীৱন মিছনৰ বৰ্তমান অচল অৱস্থা। নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বেঙেনাআটিৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে বেঙেনাআটিত দুটাকৈ স্থানত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (নগাঁও সংমণ্ডলে) জল জীৱন মিছনৰ অধিনত কেইবা কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিছিল দুটাকৈ পানী যোগান আঁচনি। ইয়াৰে এটা আচঁনি বেঙেনাআটি গাওঁপঞ্চায়ত কাৰ্যলৰ সমীপত আনটো পশ্চিম বেঙেনাআটি কলংপাৰ পথত। এই দুয়োটা আঁচনিৰ নিৰ্মানকাৰ্যৰ ঠিকা লাভ কৰা ঠিকাদাৰ প্ৰতিষ্ঠানে নিম্ন মানৰ কাম কৰাৰ বাবেই বৃহত্তৰ বেঙেনাআটিৰ শ-শ ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে। পশ্চিম বেঙেনাআটি পানীযোগান আঁচনিৰ পৰা প্ৰায় ৩০০ হিতাধিকাৰীয়ে পানী পোৱাৰ ব্যৱস্থা কৰা হৈছিল যদিও বৰ্তমান প্ৰায় ৫০ ঘৰ পৰিয়ালে কিছু পৰিমানে পানী লাভ কৰাৰ বিপৰিতে ২৫০ ঘৰ পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ লাভৰ পৰা বঞ্চিত হৈছে। আনহাতে বেঙেনাআটি গাওঁপঞ্চায়তৰ সমীপৰ পানীযোগান আচঁনিটো বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে দীৰ্ঘদিনে পানীযোগান ব্যাহত হৈ আছে। যাৰ ফলত বৃহত্তৰ বেঙেনাআটীৰ ৰাইজে বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে। নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে এই বিষয় বিলাকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। এই সমগ্ৰ বিষয়টো ওপৰত ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ জিলা আয়ুক্তৰ লগতে জিলা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক স্থানীয় ৰাইজে দাবী জনাইছে।
নগাঁও জিলাৰ বেঙেনাআটিত জল জীৱন মিছনৰ অচল অৱস্থা