নাজিৰাৰ বানাক্ৰান্তৰ কাষত বদৰুদ্দিন আজমল: ২ কোটি টকাৰ সাহায্য ঘোষণা

ডিজিটেল সেৱা,গেলেকী: শেহতীয়া প্ৰলয়ংকৰী বানত বিধ্বস্ত নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈছে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট চমুকৈ (AIUDF) ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। শুক্ৰবাৰে তেওঁ নাজিৰাৰ বানত অতিশয় ক্ষতিগ্রস্ত চন্টক অঞ্চলত সশৰীৰে উপস্থিত হৈ ক্ষতিগ্রস্ত ৰাইজৰ দুখ-দুৰ্দশা আৰু অৱস্থাৰ বুজ লয়। উক্ত পৰিদৰ্শনৰ পূৰ্বেই মৌলানা আজমলে নাজিৰাৰ বানাক্ৰান্ত অঞ্চলসমূহৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে ২ কোটি টকাৰ এক বৃহৎ সাহায্য পুঁজি ঘোষণা কৰে।নামঘৰ-মন্দিৰ মেৰামতি আৰু সংবাদকৰ্মীলৈ অনুদান।বানৰ তাণ্ডৱৰ ফলত জহি-খহি যোৱা নাজিৰা অঞ্চলৰ ধৰ্মীয় আৰু সামাজিক উপাসনা স্থানসমূহৰ পুনৰ্নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে AIUDF মুৰব্বীগৰাকীয়ে।বানত ক্ষতিগ্রস্ত প্ৰতিটো নামঘৰ আৰু মন্দিৰৰ মেৰামতিৰ বাবে ২৫ লাখ টকাকৈ বিশেষ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। লগতে এই দুৰ্যোগপূৰ্ণ সময়ত নিজৰ জীৱন বিপন্ন কৰি দিনে-নিশাই বাতৰি সংগ্ৰহ কৰি থকা স্থানীয় সংবাদকৰ্মীসকলৰ অৱদানক স্বীকাৰ কৰি তেওঁলোকৰ বাবে ৫,০০০ আৰু ১০,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লয়। বানাক্ৰান্ত অঞ্চলসমূহৰ প্ৰকৃত দুৰ্দশা আৰু ৰাইজৰ সমস্যাক প্ৰত্যক্ষভাৱে বুজ ল’বলৈ মৌলানা বদৰুদ্দিন আজমলে পৰৱৰ্তী দুটা দিন নাজিৰাতে অৱস্থান কৰিব বুলি জানিবলৈ দিয়ে। এই দুটা দিনত তেওঁ নাজিৰাৰ বিভিন্ন দুৰ্গম আৰু বানপীড়িত এলেকা পৰিদৰ্শন কৰি ক্ষতিগ্রস্ত লোকসকলৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰিব আৰু সাহায্য বিতৰণ প্ৰক্ৰিয়া তদাৰক কৰিব।স্থানীয় ৰাইজৰ মতে, তেওঁৰ এই ভ্ৰমণে নাজিৰাৰ বানপীড়িত ৰাইজক মানসিক আৰু আৰ্থিকভাৱে যথেষ্ট সকাহ দিব।

Related Articles