নগাঁও জিলাত ৬০ দিনীয়া কাৰ্যসূচীৰে বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভ

ডিজিটেল সেৱা: নগাঁও জিলাৰ খাগৰিজান মহাবিদ্যালয়ত কালি এইছ আই ভি-এইডছ সম্পৰ্কীয় ৬০ দিনীয়া বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভনি কৰা হয়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন. চি. চি. কেডেট, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সদস্য তথা অন্যান্য বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কমলজিত শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডাঃ পঞ্চম কুমাৰ বৰা, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ, এইড্‌ছ নিয়ন্ত্ৰণ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া তথা অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে এটি সজাগতামূলক সমদল উলিওৱা হয়। ইয়াৰ পিছতে এইচ আই ভি আৰু এইডছ সম্পৰ্কীয় বাটৰ নাট প্ৰদৰ্শন কৰি এইচ আই ভি আৰু এইডচ সংক্রমণ প্ৰতিৰোধ আৰু সজাগতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। ইয়াৰ পাছতেই ৰাজ্যিক সংগীতেৰে আনুষ্ঠানিক সভাৰ শুভাৰম্ভণি কৰা হয় আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে এইচ আই ভি প্ৰতিৰোধ, সজাগতা বৃদ্ধি, এইচ আই ভি আৰু এইডচ প্ৰতিৰোধত সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত বক্তব্য প্ৰদান কৰি বিস্তৃতভাৱে আলোচনা কৰা হয়। অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে বাঁহী বাদনৰ লগতে গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক মনোগ্ৰাহী আৰু অংশগ্ৰহণমূলক কৰি তোলে।
শেষত নগাঁও জিলাত ৬০ দিনীয়া তীব্ৰতৰ এই অভিযানত নগাঁওবাসী ৰাইজৰ সহযোগিতা কামনা কৰি ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Related Articles