অদিতি সেৱা: সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে অষ্ট্ৰেলিয়া চৰকাৰ।এতিয়াৰে পৰা ইউটিউব চেনেল খোলোতে অৱলম্বন কৰিব লাগিব সাৱধানতা । যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল। অষ্ট্ৰেলিয়া চৰকাৰৰ সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনিকা ৱেলছে সদৰী কৰে যে, এতিয়াৰে পৰা দেশখনৰ ১৬ বছৰৰ তলৰ বসয়ৰ কিশোৰ- কিশোৰীয়ে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট। অৱশ্যে তেওঁলোকে ইউটিউব ব্যৱহাৰ কৰিব পাৰিব।এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১৬ বছৰৰ তলৰ কিশোৰ- কিশোৰীক সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ পৰা দেশখনৰ কিশোৰ- কিশোৰীক মুক্ত কৰি ৰখাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছিল।
যধে-মধে খুলিব নোৱাৰিব ইউটিউব চেনেল