ভাৰতীয় ফুটবল টীমৰ নতুন প্ৰশিক্ষক নিযুক্তি

অদিতি সেৱা: নিখিল ভাৰত ফুটবল ফেডাৰেশ্যনৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষকৰ পদত নিযুক্তি দিছে খালিদ জমিলক । জমিলক নিযুক্তি দিয়া হৈছে মানোলো মাৰ্কেজৰ স্থানত ৷ষ্টিফেন কনষ্টেণ্টাইন আৰু ষ্টেফান টাৰ্কভিচক বাছনিত পৰাস্ত কৰি এই পদত নিযুক্তি লাভ কৰে জমিলে । ৪৮ বছৰীয়া জমিল বৰ্তমান ইণ্ডিয়ান ছুপাৰ লীগৰ জামছেদপুৰ এফ চিৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত । তেওঁৰ ভাৰতৰ হৈ ৪০ খন খেলত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা আছে ৷২০২৬ চনলৈকে ক্লাবটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ লগতে আই এছ এল আৰু আই লীগ ক্লাবৰ প্ৰশিক্ষক হিচাপে দশকৰো অধিক অভিজ্ঞতা আছে জমিলৰ।২০১৬-১৭ চনত তেওঁ প্ৰশিক্ষক জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৃতিত্ব অৰ্জন কৰে ৷ সেই সময়ত জমিলৰ প্ৰশিক্ষণপ্ৰাপ্ত আইজল এফ চিয়ে আই লীগৰ খিতাপ দখল কৰে ৷ মহিন্দ্ৰা ইউনাইটেড আৰু এয়াৰ ইণ্ডিয়া এফ চিৰ দৰে ক্লাবতো জমিলে ফুটবল খেলিছিল আৰু শেষবাৰৰ বাবে ২০০৯ চনত মুম্বাই এফ চিৰ হৈ তেওঁ খেলত অংশগ্ৰহণ কৰে ৷ আঘাতৰ বাবে অকালতে অৱসৰ লোৱাৰ পিছত জমিলে ফুটবল মেনেজমেণ্টৰ কেৰিয়াৰ গঢ়িবলৈ আৰম্ভ কৰাৰ লগতে প্ৰশিক্ষকৰো যাত্ৰা আৰম্ভ কৰে ।

Related Articles