অদিতি সেৱা: বিগত কেইবা বছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে। ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন আগশাৰীৰ প্ৰতিযোগিতা । তেনে এক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছে ডিব্ৰুগড়ৰ খোৱাঙৰ দুই খেলুৱৈয়ে ।২৮ জুলাইৰ পৰা ৩০ জুলাইলৈ বোকাখাতত অনুষ্ঠিত হয় সদৌ অসম ছাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা । ছাব জুনিয়ৰৰ ছোৱালীৰ ২০ কিঃগ্ৰাঃ শাখাত খোৱাং চাৰিআলিৰ আয়ুশ্ৰী কোঁৱৰ আৰু চাব জুনিয়ৰ ল’ৰাৰ ২৭ কিঃগ্ৰাঃ শাখাত অনুৰাগ দিহিঙীয়াই স্বৰ্ণ পদক লাভ কৰে । একেটা অঞ্চলৰে দুই খেলুৱৈৰ সাফল্যত আনন্দিত হৈ পৰিছে খোৱাংবাসী । এই সফলতা লাভ কৰি স্ব-গৃহত উপস্থিত হোৱাৰ পাছতে দুয়োগৰাকী খেলুৱৈকে খোৱাং চাৰিআলি ব্যৱসায়ী সন্থা আৰু টাইপা খোৱাং আঞ্চলিকে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ।টাইপা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক গিৰীন বৰগোহাঁই, মৰাণ মহকুমা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অভিজিত বেজবৰুৱা আৰু নিপম দিহিঙীয়াসহ খোৱাং চাৰিআলি ব্যৱসায়ী সস্থাৰ সভাপতি আৰু সম্পাদকে প্ৰতিভাৱান দুয়োগৰাকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে । এই সফলতাৰ লগে লগে ওড়িশাত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈও নিৰ্বাচিত হৈছে দুয়োগৰাকী খেলুৱৈ ।
টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ আয়ুশ্ৰী আৰু অনুৰাগ