নগাঁও জিলাৰ সকলো উন্নয়ন খণ্ডত ১৮-২০ জুনত জনকল্যান শিবিৰ

ডিজিটেল সেৱা, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত তিনিদিনীয়া জনসেৱা মূলক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। সেই অনুসৰি অহা ১৮ ৰ পৰা ২০ জুনলৈ জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰতিটোতে এটাকৈ তিনি দিনীয়া “জনকল্যাণ শিবিৰ” অনুষ্ঠিত হ’ব য’ত কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা উপযুক্ততাৰ থকা স্বত্বেও বঞ্চিত হোৱা সকলে আবেদন কৰিলে তেওঁক যথাসম্ভৱ সোনকালে আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। তাৰ বাবে আগ্ৰহী ব্যক্তিয়ে আগতীয়াকৈ নিজৰ নাম অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব। এটা নিৰ্দিষ্ট কেয়াৰকোটৰ সহায়ত নিজৰ মোবাইলৰ পৰাই সহজতে নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও কোনোৱে এই ক্ষেত্ৰত কিবা অসুবিধা পালে নিজ নিজ পঞ্চায়তৰ কাৰ্যালয়লৈ আহিলে ইয়াৰ এই সুবিধা প্ৰদান কৰিবলৈ সকলো গাওঁ পঞ্চায়তৰ সচিবলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্তই কৃষি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আৰু পশু চিকিৎসা, মীন, শক্তি, খাদ্য আৰু অসামৰিক যোগান বিভাগ, উদ্যোগ আৰু বাণিজ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ভূমি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পৰিবহন, শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ, সমাজ কল্যাণ, অনুসূচিত জাতি -জনজাতি উন্নয়ন আদি যিবোৰ বিভাগৰ পোনপটীয়া জনহিতকাৰী আঁচনি বৰ্তমান চলি আছে সেই সকলো বিভাগে এই মেলাত একোটাকৈ বিপনী স্থাপন কৰি তাৰ দ্বাৰা আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে তেনে আচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই তিনি দিনীয়া শিবিৰতে যিকোনো কল্যাণকামী আঁচনিৰ পৰা উপযুক্ততা থকা স্বত্বেও কোনো কাৰণত বাদ পৰি যোৱা সকলোকে যাতে সামৰি ল’ব পৰা যায় সেয়া নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। এই জনকল্যান শিবিৰত স্থানীয় বিশিষ্ট ব্যক্তি, সফল হিতাধিকাৰী আদিকো সম্বৰ্দ্ধনা জনোৱা হ’ব। তদুপৰি ইয়াত ৰাইজৰ যিকোনো ওজৰ-আপত্তি আদিও গ্ৰহণ কৰা হ’ব। তদুপৰি, এই শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত, এনৰেগা, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ, প্ৰধানমন্ত্ৰী স্বনিধি, অসম চৰকাৰৰ নিযুত ম‌ইনা, লাখপতি বাইদেউ আদি গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ বিষয়ে বিশেষ সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ’ব। সভাত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়াৰ উপৰিও আটাইকেইগৰাকী অতিৰিক্ত আয়ুক্ত, সকলো বিভাগৰ জিলা মুৰব্বী, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, পৌৰসভাৰ কাৰ্যবাহী বিষয়া আদি উপস্থিত থাকে।

Related Articles