◆জমিৰ উদ্দিন তালুকদাৰ◆
দেশৰ শ্ৰেষ্ট ফেশ্বন আৰু পেজেণ্ট প্লেটফৰ্মত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অসমৰ ৰিয়ানা মাছুম ৰিয়াজে নিজ ৰাজ্যক গৌৰৱান্বিত কৰি তুলিছে। বিগত দুবছৰ ধৰি গ্লামানন্দ গ্ৰুপৰ অধীনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে আয়োজন কৰা মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ বেকষ্টেজ আৰু ৱাৰ্ডৰব মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰা ৰিয়ানা মাছুম ৰিয়াজে নিজ ৰাজ্যখনৰ লগতে জন্মস্থান নগাওঁ জিলাৰ ধিঙলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ধিঙৰ বিখ্যাত চিকিৎসক প্ৰয়াত ডাঃ ৰিয়াজুদ্দিন আহমেদ আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰহিমা খাতুনৰ কন্যা ৰিয়ানা মাছুম ৰিয়াজে সাত বছৰতকৈও অধিক সময় ধৰি গোটটোৰ সৈতে জড়িত হৈ গ্লামানন্দ ছুপাৰমডেল ইণ্ডিয়া, মিছ গ্ৰেণ্ড ইণ্ডিয়া, মিছ ইণ্টাৰনেশ্যনেল ইণ্ডিয়া, মিছ মাল্টিনেশ্যনেল, মিছ টিন ডিভা, মিছ টিন ইণ্টাৰনেশ্যনেল, মিছ টিন আৰ্থ আদি সন্মানীয় প্ৰতিযোগিতাতো কাম কৰি আহিছে।

জৈৱ-প্ৰযুক্তিৰ অভিযান্ত্ৰিকীকৰণৰ কাম কৰি ফেশ্বনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ৰিয়ানাই তেতিয়াৰ পৰাই ইণ্ডিয়া ক্যুট্যুৰ (couture) উইক, গ্ল’বেল ইণ্ডিয়া ক্যুট্যুৰ উইক, টাইমছ ফেশ্বন উইক, লুলু ফেশ্বন উইক আৰু শ্বাডি বাই মেৰিয়েটৰ দৰে শীৰ্ষ শ্ব’ পৰিচালনা কৰি আহিছে। অঞ্জু মোডী, ফালগুনি শ্বেন পিকক, অমিত আগৰৱাল, তৰুণ তাহিলিয়ানী, নীতা লুল্লা, আমাটো ক্যুট্যুৰ আৰু মাইকেল লম্বাৰ্ডকে ধৰি আগশাৰীৰ ডিজাইনাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ লগতে কৰিশ্মা কাপুৰ, চাৰা আলী খান, কৃতি ছানন, কিয়াৰা আদৱানী আৰু ডায়েনা পেণ্টীৰ দৰে চেলিব্ৰিটিসকলে অংশ লোৱা বৃহৎ শ্ব’তো সফলভাৱে দায়িত্ব পালন কৰিছে৷ ব্যাকষ্টেজ ক’ৰ্ডিনেচন, ৱাৰ্ড্ৰ’ব ষ্টাইলিং, ফিটিং আৰু ইভেণ্ট এক্সিকিউচনত নিখুঁততা আৰু নিষ্ঠাৰে কাম কৰি ৰিয়ানাই ফেশ্বন জগতত নিজৰ বিশেষ ঠাই গঢ়ি তুলিছে। এজন অসমীয়া কন্যা হৈ ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক মঞ্চত সফলতা অৰ্জন কৰা ৰিয়ানাৰ যাত্ৰা অসমৰ বহু উদীয়মান প্ৰতিভাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।