ডিজিটেল সেৱা: মিছা আঞ্চলিক মিলন সংঘৰ উদ্যোগত মিছা উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত চলি থকা গজেন্দ্ৰ নাথ বৰুৱা আৰু পুলিনা বৰুৱা দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল শনিবাৰে অনুষ্ঠিত হয়। চুড়ান্ত খেলত মিছা চাহবাগিচা ফুটবল একাদশ আৰু পানীগাঁও ফুটবল একাদশ দলে অংশগ্ৰহণ কৰে। আৰম্ভণিৰ পৰাই খেলখন উত্তেজনা পুৰ্ণ আছিল যদিও চুড়ান্ত খেলখনত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে মিছা চাহবাগিচা ফুটবল একাদশে। মিছা চাহবাগিচা ফুটবল একাদশে ৩ – ০ গ’লৰ ব্যৱধানত পানীগাঁও ফুটবল একাদশক পৰাস্ত কৰে। পানীগাঁও ফুটবল একাদশে কেবাটাও সুযোগ লাভ কৰিছিল যদিও সফল নহল। খেল পৰিচালনা কৰে বেদান্ত শইকীয়াই আৰু সহযোগিতা আগবঢ়াই জাগিৰ আলি আৰু ছাদিকুৰ ৰহমানে।খেলৰ অন্তত মিলন সংঘৰ সভাপতি শিৱ প্ৰসাদ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত বটা বিতৰণি সভাত বিজয়ী আৰু বিজিত দলক বটা প্ৰদান কৰা হয়। সংঘৰ সম্পাদক জগত মেধিয়ে আতধৰা অনুষ্ঠানত কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, সাংবাদিক কনক হাজৰিকা ,কলিয়াবৰ ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞা আদি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।প্ৰতিযোগিতাৰ আৰম্ভণিতে অসমৰ জনদৰদী কণ্ঠশিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ যে এই খেলৰ পৃষ্ঠপোষকতা কৰি আহিছে গজেন্দ্ৰ নাথ বৰুৱাৰ পুত্ৰ ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাই।
গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ