শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

সুনীল কুমাৰ শৰ্মা

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ সৃষ্টিৰ লগতে দেৱীৰ মাহাত্ম্য, ৰূপ-লাৱণ্য, পূজা, ভোগ, প্ৰসাদ আদি সম্পৰ্কে কালিকাপুৰাণ, শ্ৰী শ্ৰী চণ্ডী, স্কন্ধপুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বৃহৎনন্দিকেশ্বৰ পুৰাণ আদি গ্ৰন্থত বিস্তৃত বৰ্ণনা পোৱা যায় । উক্ত গ্ৰন্থত উল্লেখিত আখ্যান সমূহৰ মতে ৰম্ভা আৰু মহিষীৰ পুত্ৰ মহিষাসুৰে ব্ৰহ্মাক সন্তুষ্ট কৰি অমৰত্ব বৰ লভিবলৈ কঠোৰতকৈও কঠোৰ তপস্যাত ব্ৰতী হ’ল । ব্ৰহ্মাই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ অসুৰৰ আগত প্ৰকট হৈ কি বৰ লাগে সোধাত , তেওঁ অমৰত্ব বৰ মাগিলে  । উত্তৰত ব্ৰহ্মাই ক’লে ”জন্ম হ’লে মৃত্যু অনিবাৰ্য”  গতিকে এই বৰ দিয়াটো সম্ভৱ নহয় । সেয়েহে , এই  বৰৰ পৰিৱৰ্তে কি বৰ লাগে কোৱা /মাগা।  মহিষাসুৰে কৰযোৰে ব্ৰহ্মা দেৱতাক প্ৰাৰ্থনা জনালে প্ৰভু , অগত্যা যদি মই মৰিবই লাগে ,তেন্তে  অমৰত্ব বৰৰ সলনি এগৰাকী নাৰীৰ হাতত মৃত্যুৰ হোৱাৰ বৰ দিয়া । প্ৰজাপতি ব্ৰহ্মাই তথাস্তু বুলি অন্তৰ্ধান হ’ল । মহিষাসুৰে  ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি অট্টহাস্য কৰিবলৈ লাগিল । মহা মহা বীৰ আনকি দেৱতা সকলেও যাৰ ভয়ত কম্পমান , তেনে এজন বীৰৰ আকৌ এগৰাকী নাৰীৰ হাতত মৃত্যু ?  গতিকে, তেওঁ অমৰেই হ’ল বুলি গৰ্বত ক’ব নোৱৰা হ’ল । গৰ্ব আৰু আনন্দত আত্মহাৰা হৈ পাতাল পুৰি অৰ্থাৎ নিজ ৰাজ্যলৈ গৈ তেওঁ সগৰ্বে বৰ লাভৰ কথা সেনা আৰু পাৰিষদ বৰ্গক অবগত কৰি স্বৰ্গৰাজ্য আক্ৰমণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে আৰু বিলম্ব নকৰি সৈন্য সামন্ত সকলক লগত লৈ স্বৰ্গৰাজ্য আক্ৰমণ কৰিলেগৈ । দুয়োপক্ষৰ মাজত থৈয়া নথৈয়া ৰণ হ’ল । শেষত অসুৰৰ আক্ৰমণৰ সন্মুখত দেৱতা সকলে তিষ্ঠিব নোৱাৰি স্বৰ্গৰাজ্য ত্যাগ কৰিব লগা হ’ল । মহিষাসুৰে স্বৰ্গৰাজ্য দখল কৰি ৰাজসিংহাসনৰ অধিপতি হৈয়ে স্বৰ্গৰাজ্যত তেওঁৰ বাদে অন্য দেৱ দেৱীৰ পূজা নিষিদ্ধ কৰিলে ।
আনহাতে, ৰাজ্যচুত্য হৈ দেৱতা সকলৰ লগতে ঋষি মুনি সকলেও অনাই বনাই ফুৰিবলৈ ধৰিলে । তেওঁলোক উপায়ান্তৰ হৈ  ব্ৰহ্মাৰ ওচৰ পালেগৈ । ব্ৰহ্মাই দেৱতা সকলৰ দুখ – দুৰ্দশা দেখি তেওঁলোকক লগত লৈ শিৱ আৰু বিষ্ণুৰ ওচৰ পালেগৈ । দেৱতা সকলে তেওঁলোকৰ আগত দুখৰ বৃত্তান্ত বৰ্ণনা কৰিবলৈ ধৰিলে । অসুৰৰ অত্যাচাৰ আৰু দেৱতা সকলৰ দুখৰ বৃত্তান্ত শুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ক্ৰোধক সম্বৰণ কৰিব নোৱাৰিলে । ফলত তেওঁলোকৰ মুখৰ পৰা তেজ নিৰ্গত হ’বলৈ ধৰিলে লগে লগে দেৱতা সকলৰ শৰীৰৰ পৰাও তেজ নিৰ্গত হ’ল । কালক্ৰমত সেই তেজৰ পৰাই এক নাৰী মূৰ্তিৰ সৃষ্টি হ’ল। সেই নাৰী মূৰ্তিত ব্ৰহ্মা , বিষ্ণু , মহেশ্বৰৰ লগতে দেৱতা সকলৰ তেজ আৰু শৰীৰৰ প্ৰতিটো অঙ্গ পতংগৰে এক পূৰ্ণাংগ নাৰীমূৰ্তিৰ সৃষ্টি হ’ল ।  সেই নাৰীমূৰ্তিক প্ৰতিগৰাকী দেৱতাই নিজৰ নিজৰ একোপদ অস্ত্ৰ প্ৰদান কৰিলত দেৱীয়ে অস্ত্ৰ – সস্ত্ৰৰে সুসজ্জিত হৈ মহাপৰাক্ৰমী ৰূপ ধাৰণ কৰিলে । সেই নাৰীয়ে এফালৰ পৰা মহিষাসুৰৰ সমস্ত সৈন্যবাহিনীক বধ কৰি শেষত মহিষাসুৰক বধ কৰিলে ।পুৰাণৰ মতে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে দেৱতা আৰু ঋষি মুনি সকলক লগত লৈ হিমালয় পৰ্বতত দেৱীক কন্যা হিচাপে পাবৰ বাবে কঠোৰ তপস্যাত ব্ৰতী হৈ থকা কাত্যায়ন মুনিৰ তপস্যা স্থলী পালেগৈ। তাতে দেৱীৰ আবিৰ্ভাৱ বা সৃষ্টি হ’ল ।  যি কি নহওঁক , কাত্যায়ন মুনিয়ে প্ৰথমে দেৱীক পূজা কৰা বাবে তেওঁৰ আন এটা নাম কাত্যায়নী হ’ল বুলি শাস্ত্ৰত পোৱা যায় ।শাস্ত্ৰত মহিষাসুৰ বধৰ লগত সংগতি থকা অন্য এক কাহিনীও পোৱা যায়। কাহিনী মতে কাত্যায়ন মুনিৰ আশ্ৰমত শিষ্য সকলে বেদ শাস্ত্ৰ  অধ্যয়ন কৰি থকাৰ সময়ত মহিষাসুৰ ৰূপী দানৱে এগৰাকী সুন্দৰী মহিলাৰ ৰূপ ধৰি অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ ধ্যান ভংগ কৰিবলৈ চেষ্টা কৰাত  মুনিয়ে ধ্যানৰ বলত গম পালে যে সেই লাৱণ্যময়ী নাৰী মহিষাসুৰৰ বাদে আন কোনো নহয়। তেতিয়া তেওঁ ক্ৰোধত মহিষাসুৰক শাপ দিলে যে যি নাৰী ৰূপ ধৰি মোৰ শিষ্যৰ ধ্যান ভংগ কৰিলি তেনে এগৰাকী নাৰীৰ হাততে তোৰ মৃত্যু হ’ব । পৌৰাণিক শাস্ত্ৰৰ সমূহত এনে ধৰণৰ সাদৃশ্য থকা বহু কাহিনী পঢ়িবলৈ পোৱা যায় । সেয়ে, ঋগ্বেদত কোৱা হৈছে  একং সৎ বিপ্ৰা: বহুধা বদন্তি ।’ অৰ্থাৎ সত্য এক কিন্তু পণ্ডিত সকলে বহুপ্ৰকাৰে কয়‌ ।  দুৰ্গা দেৱীৰ সৃষ্টি বা আৱিৰ্ভাৱ সম্পৰ্কতো বিভিন্ন জনৰ উপস্থাপন শৈলী পৃথক হ’ব পাৰে কিন্তু  আৱিৰ্ভাৱৰ সম্পৰ্কত সকলো একমত । মহিষাসুৰক বধ কৰাত দেৱীৰ পৰাক্ৰম দেখি দেৱতা আৰু ঋষিমুনি সকল স্তম্ভিত হৈ সকলোৱে দেৱীক স্তুতি কৰিবলৈ ধৰিলে । দেৱতাসকলৰ স্তুতিত দেৱী সন্তুষ্ট হৈ দেৱতাসকলক কি বৰ লাগে মাগিবলৈ ক’লে । দেৱতা সকলে বিপদৰ সময়ত দেৱীৰ কৃপা লাভ কৰাৰ লগতে যি সকলে তেওঁৰ স্তৱ পাঠ পূজা অৰ্চনা কৰে তেওঁলোকৰ বিপদ আপদ দুখ কষ্ট দুৰ কৰি শান্তি প্ৰদান কৰাৰ প্ৰাৰ্থনা কৰিলে ।  দেৱীয়েও সেইমতে অভয় প্ৰদান কৰিলে । দেৱতা সকলেও হৃত স্বৰ্গৰাজ্য ঘুৰাই পাই মহানন্দে স্বৰ্গ ৰাজ্যত বাস কৰিবলৈ ধৰিলে ।অনাদি কালৰ পৰা সৃষ্টি স্থিতি বিনাসিনী মা দেৱী দূৰ্গাক পূজা কৰাৰ কথা বেদ,পুৰাণ, ভাগৱত, ৰামায়ণ , মহাভাৰতকে প্ৰমুখ্য কৰি বিভিন্ন ধৰ্মগ্ৰন্থত পোৱা যায় । স্বৰ্গৰাজ্যত ইন্দ্ৰই দুৰ্বাসা ঋষিৰ শাপৰ পৰা উদ্ধাৰ পাবলৈ দুৰ্গাদেৱীক পূজা কৰা, দেৱৰো দেৱ মহাদেৱ শিৱই ত্ৰিপুৰা সুৰক বধ কৰিবলৈ শক্তি পূজা কৰা,  প্ৰজাপতি ব্ৰহ্মাই মধু কৈতভ দানৱৰ পৰা ৰক্ষা পাবলৈ , সত্য যুগত মৰ্ত্যত মেধস মুনিৰ পৰামৰ্শমতে  সুৰথ ৰজাই হৃত ৰাজ্য ঘুৰাই পাবৰ বাবে প্ৰথম মৃন্ময় মূৰ্তি সাজি দেৱী দুৰ্গাক পূজা কৰাৰ কথা দেৱীভাগৱত, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, চণ্ডী আদি গ্ৰন্থত উল্লেখ আছে । ত্ৰেতা যুগত ৰাম চন্দ্ৰই ৰাৱণক বধ কৰিবলৈ অকাল বোধন দুৰ্গা পূজা কৰাৰ কথা ৰামায়ণত আৰু দ্বাপৰত শ্ৰীকৃষ্ণই জাম্বুৱানৰ লগত শ্যমন্তক মণি উদ্ধাৰ বাবে গহ্বৰত যুদ্ধ কৰি ওলাই নহাত গোপবাসীয়ে  দুৰ্গা পূজা কৰা, সেইদৰে মহাভাৰতৰ ভীষ্মপৰ্বত শ্ৰীকৃষ্ণই সখা অৰ্জুনক দূৰ্গা দেৱীক আৰাধনা কৰিবলৈ কোৱাৰ কথা,পাণ্ডৱৰ অজ্ঞাতবাসৰ আগমুহুৰ্ত কালী ,কপালী, মহাকালী আদিৰ স্তৱপাঠ আদি কৰাৰ কথা, আনকি পৰম বৈষ্ণৱ’পুৰাণশাস্ত্ৰ ভাগৱতত বেদব্যাসদেৱে গোপীসকলে কৃষ্ণক পাবৰ বাবে কাতিমাহত কাত্যায়নী ব্ৰত পালন কৰি যমুনা নদীৰ তীৰত দেৱীৰ মুৰ্তি সাজি 
‘কাত্যায়নী মহামায়ে মহাযোগীন্যধীশ্বৰী :
নন্দসুতং দেবী পতিং মে কুৰু তে নম:’
আদি মন্ত্ৰৰে পূজা কৰাৰ কথা পোৱা যায় ।
ভাৰতীয় সাহিত্যত ভাৰতবৰ্ষক দেৱতাৰ আৱাসভূমি বুলি উল্লেখ কৰিছে । এই ভাৰত ভূমিত যুগ যুগ ধৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূৰ্গাৰ পূজা কৰি আহিছে। পণ্ডিতসকলৰ মতে ভাৰতবৰ্ষত শক্তি বাদ বা দেৱীৰ উপাসনা অনাৰ্যসকলেই ভাৰত বৰ্ষত প্ৰথমে প্ৰতিষ্ঠা কৰিছিল। আমাৰ অসমতো প্ৰাচীন কালৰে পৰা দুৰ্গা দেৱীৰ পূজা অৰ্চনা কৰাৰ কথা পোৱা যায় । অসমৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা মহিষমৰ্দ্দিনীৰ মূৰ্তি, কামাখ্যা, তাম্ৰেশ্বৰী আদি মন্দিৰৰ ইতিহাসে তাকে কয়। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰত উল্লেখ থকা :- 
কামৰূপং দেৱী ক্ষেত্ৰং কুত্ৰাপিতং সমংনচ ।
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে ।। 
দেৱীক্ষেত্ৰং কামৰূপং বিদ্যতে অন্যন্ন তৎ সমংনচ।
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে ।। 
অসমত মাতৃ পূজাৰ প্ৰাধান্যৰ প্ৰসঙ্গত ” পৱিত্ৰ শক্তপীঠ শ্ৰী শ্ৰী কল্যানী”  গ্ৰন্থত অধ্যাপক খগেন গোস্বামী দেৱে  সুন্দৰ কৈ বৰ্ণনা কৰিছে । তেখেতে লিখিছে অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজত শক্তি আৰাধনাই এক বিশেষ স্থান লাভ কৰি আহিছিল। অতীতত এই ভূখণ্ডত জাতি জনজাতি সকলৰ মাজত ভগৱান আৰাধনাৰ প্ৰক্ৰিয়াটোৱেই আছিল তন্ত্ৰ, মন্ত্ৰ, বলি উচৰ্গা ভিত্তিক । আনহাতে , এইসকল লোকক যেতিয়া আৰ্যকৰণৰ ব্যৱস্থা কৰা হ’ল তেতিয়া আৰ্য , ব্ৰাহ্মণ সকলে জনজাতি সকলৰ মাজত প্ৰচলিত সংস্কৃতিৰ হঠাৎ পৰিৱৰ্তন নকৰি ক্ৰমাৎ পৰিৱৰ্তনৰ দিহা কৰিলে । সেয়ে , অনাৰ্যমূলীয় বহুত ক্ৰিয়া – প্ৰক্ৰিয়াকো সামৰি লোৱা হ’ল । উল্লেখনীয় যে , বলিৰ বৈদিক অৰ্থ হ’ল ত্যাগ । বেয়া অভ্যাস সমূহ ত্যাগ কৰাকে বলি বুলি আখ্যা দিয়া হৈছে। সেই ব্যৱস্থাটো আছিল সম্পূৰ্ণ প্ৰতীকধৰ্মী । কাম – ক্ৰোধ ,লোভ – মোহ এই চাৰি ৰিপুক গোঁসানীৰ আগত বলি অৰ্থাৎ ত্যাগ কৰিব লাগে । এয়াই আছিল বৈদিক নিৰ্দেশনা । কিন্তু তাৰ মাজতো আদিমতাক পৰম্পৰা ভাৱে চলাই নিয়া হ’ল । যি কি নহওঁক , আৰম্ভণিতে দুৰ্গা পূজা বসন্ত কালৰ চ’ত মাহৰ অমাৱশ্যাৰ পিছৰ প্ৰতিপদৰ পৰা নৱমীলৈ দুৰ্গা দেৱীৰ পূজা প্ৰচলিত আছিল । সাধাৰণতে, সেই পূজা পীঠস্থান সমূহতে প্ৰধানকৈ অনুষ্ঠিত হৈছিল । পীঠস্থান সমূহত নিৰ্দিষ্ট তিথিত দেৱীৰ নটা ৰূপ ক্ৰমে শৈল্যপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা,  স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী এই নটা ৰূপত বিধিবত পূজা অৰ্চনা কৰি দশমীত দেৱীক বিসৰ্জন দিয়াৰ প্ৰথা চলি আহিছে  । কালক্ৰমত বাসন্তী পূজাতকৈ শৰৎকালৰ পূজাহে আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হ’বলৈ ধৰিলে।শৰৎকালত অনুষ্ঠিত দুৰ্গা পূজাত দেৱীক বোধন অৰ্থাৎ জাগ্ৰত কৰাৰ অন্তৰ্নিহিত কাৰণ হ’ল সূৰ্যৰ উত্তৰায়ণ আৰু দক্ষিণায়ন । এই উত্তৰায়ণৰ ছয় মাহত দেৱতা সকলৰ দিন আৰু দক্ষিণায়নৰ ছয়মাহ ৰাতি হিচাপে বিবেচিত হয় । সেই সূত্ৰে উত্তৰায়ণৰ সময়ত দেৱ – দেৱী সকল জাগ্ৰত হৈ থাকে আৰু দক্ষিণায়নৰ ছয় মাহ সুপ্ত হৈ থাকে ।উল্লেখ্য যে ৰাম ৰাৱণৰ যুদ্ধৰ সময়ত সূৰ্যৰ দক্ষিণায়ন ছলি আছিল । যুদ্ধত লংকাপতি ৰাবণৰ পৰাক্ৰমৰ আগত শ্ৰীৰাম চন্দ্ৰই তিষ্ঠিব নোৱাৰি ৰাৱণধ বধকৰি সীতাক উদ্ধাৰ কৰাৰ আশা ত্যাগ কৰিব লগা অবস্থাৰ সৃষ্টি হ’ল । কিয়নো ৰজা ৰাৱণ এজন নৈষ্ঠিক ব্ৰাহ্মণ হোৱাৰ উপৰিও তেওঁ দুৰ্গাদেৱীৰ পৰম ভক্ত আছিল । গতিকে ,ৰামচন্দ্ৰৰ পৰাক্ৰমৰ কথা জানি তেওঁৰ পৰম আৰাধ্যা দেৱী দুৰ্গাক স্তুতি কৰিবলৈ ধৰিলে । দেৱীয়ে ৰাৱণৰ স্তুতিত সন্তুষ্ট হৈ সেই সংকট কালত তেওঁৰ পৰম ভক্ত ৰাৱণৰ ৰথত অৱতৰণ কৰিলেহি । আৰু শ্ৰীৰাম চন্দ্ৰই ৰথত দেৱী মহামায়াক দেখি যুদ্ধ জিনাৰ আশা ত্যাগ কৰি ধনু আৰু শৰ পেলাই দেৱী মহামায়াক প্ৰণাম জনাবলৈ ধৰিলে। শ্ৰীৰাম চন্দ্ৰৰ অৱস্থা দেখি ইন্দ্ৰাদি দেৱতা গণে ব্ৰহ্মাৰ ওচৰ পালেগৈ । ব্ৰহ্মাই দেৱতা গণক দুৰ্গা পূজা পাতিবলৈ পৰামৰ্শ দিলে । পিছে সেয়াটো দুৰ্গা পূজা পতাৰ উপযুক্ত সময় নাছিল কিয়নো তেতিয়া সূৰ্য্যৰ দক্ষিণায়নৰ চলি আছিল। গতিকে , উপায়ান্তৰ হৈ দেৱীক অকালত বোধন অৰ্থাৎ জাগ্ৰত কৰি হ’লেও পুজা পাতিবলৈ পৰামৰ্শ দিলে । সেই অনুসাৰে শ্ৰীৰাম চন্দ্ৰই অকালত দেৱীক বোধন কৰি দুৰ্গা পূজা সমাপ্ত কৰি  ৰাৱণক বধ কৰিলে । সেই অকালত দুৰ্গা দেৱীক বোধন কৰি পূজা কৰাৰ বাবে অকালবোধন পূজা হিচাপে খ্যাত হল।আচৰিত কথা আছিল যে সেই দুৰ্গাপূজাৰ পুৰোহিত আছিল আকৌ স্বয়ং ৰাৱণ । ৰামচন্দ্ৰই সেই পূজাভাগত পুৰোহিতৰ কাৰ্য সমাপন কৰিবলৈ ৰাৱণক অনুৰোধ কৰাত ৰজা ৰাৱণেও পূজাৰ উদ্দেশ্য অৰ্থাৎ নিজৰ মৃত্যুৰ কথা জানিও পূজাভাগ কৰিবলৈ সন্মতি জনাই এজন নৈষ্ঠিক ব্ৰাহ্মণৰ পৰিচয় দিলে । নিৰ্দিষ্ট দিনত ৰাৱণে বিধিবতে দেৱী দুৰ্গাৰ পূজা সমাপন কৰিলে । অৱশ্যে ইয়াৰ অন্তৰালতো এটা উদ্দেশ্য আছিল ।  ৰামচন্দৰ হাতত মৃত্যু বৰণ কৰি তেওঁ স্বৰ্গগামী হোৱা । উক্ত পূজাত আকৌ ৰামচন্দ্ৰই দেৱীৰ পূজাত প্ৰয়োজন হোৱা ১০৮ পাহ পদুম ফুলক লৈ আন এক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা পোৱা যায় । কাহিনী মতে পূজাত প্ৰয়োজন হোৱা ১০৮ পাহ পদুমফুল আনিবলৈ হনুমানক পাচিছিলে । হনুমানে ফুল আনি পূজাৰ স্থলীত যোগাৰ ধৰিলে । কিন্তু সময়ত এপাহ ফুল কম পোৱাত উপায়ান্তৰ হৈ ৰামচন্দ্ৰই ফুলৰ পৰিৱৰ্তে নিজৰ এটা চকু উলিয়াই পূজাত আগবঢ়াবলৈ উদ্যত হোৱাত দেৱী দূৰ্গাই ৰামচন্দ্ৰৰ ভক্তিত সন্তুষ্ট হৈ ৰাৱণৰ সংগ ত্যাগ কৰিলত ৰামচন্দ্ৰই ৰাৱণক বধ কৰিলে । দুষ্টক দমন আৰু শান্তক পালন কৰাই হ’ল সৃষ্টিকৰ্তাৰ প্ৰধান কৰ্ম আৰু ধৰ্ম । গতিকে , দেৱীয়েও তেওঁৰ পৰম ভক্ত হলেও পৰস্ত্ৰী হৰণকাৰী, ও অহংকাৰী ৰাৱণৰ সংগ ত্যাগ কৰি শ্ৰীৰাম চন্দক ৰাৱণ বধত সহায় কৰিলে । 
সাধাৰণতে দুৰ্গা পূজা বুলিলে একেখন পূজা স্থলীতে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা, দেবাদি দেব মহাদেৱ,ধন – ঐশ্বৰ্য দেৱী মা লক্ষ্মী , বিদ্যাৰ দেৱী মা সৰস্বতী, বিঘিনি নাশক তথা সিদ্ধীদাতা গনেশ দেৱতা, আৰু সৌন্দৰ্যৰ প্ৰতীক কাৰ্তিক দেৱতাক একত্ৰিতে পূজিত হোৱাত ভক্ত সকল অধিক আকৰ্ষিত হোৱা দেখা যায় ।
শাৰদীয় দুৰ্গা পূজাই কালক্ৰমত পূজাৰ পৰা দূৰ্গোৎসৱলৈ ৰূপান্তৰিত হ’ল। য’ত আধ্যাত্মিকতাৰ উপৰিও ৰং ৰহইছ আনন্দ স্ফূৰ্তিৰ পয়োভৰ ঘটিল। মহালয়াৰ আগৰ পক্ষক পিতৃ পক্ষ আৰু পিছৰ পক্ষ হ’ল দেৱী পক্ষ । পীঠস্থান সমূহত এই দেৱী পক্ষত প্ৰতিপদৰ পৰা নৱমীলৈ দেৱীৰ নটা ৰূপত বিধিৱত পূজা অৰ্চনা কৰাৰ পৰিৱৰ্তে সৰ্বসাধাৰণৰ পূজা স্থলীত , ষষ্ঠিত বেলবোধন কৰি সপ্তমীত নৱপ্ৰত্ৰিকা আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি নৱমীলৈকে বিধিৱত পূজা অৰ্চনা কৰি দশমীত দেৱীক পুনৰ আমন্ত্ৰণ জনাই দেৱীক বিসৰ্জন দি ৰাইজ বিষণ্ণ মনেৰে গৃহমুখী হয়। এক দীঘলীয়া আধ্যাত্মিক পৰিৱেশৰ লগতে ৰং ৰহইচৰ পৰিৱেশৰ পৰিসমাপ্তি ঘটে ।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে পূজাস্থলী সমূহতো পৰিৱৰ্তন আহিল  । বৰ্তমান পূজাস্থলী বিলাকত আধ্যাত্মিকতাতকৈ বাহ্যিকতাৰ প্ৰয়োভৰ বাঢ়িল। পূজাসমিতি সমূহে ভক্তক আকৰ্ষণ কৰিবলৈ পূজা মণ্ডপৰ পৰা ৰাস্তালৈ নিত্য নতুন বিজুলী বাতিৰ চমক, মণ্ডপৰ সন্মুখত বৃহৎ বৃহৎ আকাৰৰ ভিন ভিন দেৱ দেৱীৰ প্ৰতিমূৰ্তি,  আকৰ্ষণীয় মঠ, মন্দিৰ, গুহা আদিৰ ৰূপত পূজাস্থলী সমূহক  আলোক শৰ্য্যাৰে সজাই পৰাই এক অঘোষিত প্ৰতিযোগিতাত নমাৰ চেষ্টা কৰিবলৈ ধৰিলে । যাৰ বাবে প্ৰয়োজন হ’ল এক বুজন পৰিমাণৰ ধনৰ । এই ধনৰ বোজা ভক্ত সকলৰ লগতে বিভিন্ন ব্যক্তি , ব্যৱসায়ী প্ৰতিষ্ঠান আদিৰ ওপৰত পৰাৰ ওপৰিও কোনো কোনো ক্ষেত্ৰত ধন সংগ্ৰহক লৈ অনাকাংক্ষিত ঘটনাও ঘটিবলৈ ধৰিলে । যিটো পূজাৰ প্ৰকৃত উদ্দেশ্যৰ পৰিপন্থী ।
যি কি নহওঁক , আমি সাধাৰণ  নৰমনিষে ঋষি মুনি সকল বা অসুৰৰ দৰে সৰ্বস্ব ত্যাগ কৰি একান্তভাৱে তপস্যা  কৰিব  নোৱাৰো সঁচা  কিন্তু অন্যায় – অনীতি ,দম্ভ ,অহংকাৰ, ত্যাগ কৰি একান্ত ভক্তি ভাৱেৰে দেৱীৰ ওচৰত আত্মসমৰ্পণ কৰিব নোৱাৰোঁ তেন্তে পূজা পতাৰ সাৰ্থকতা ক’ত । একান্ত ভক্তি ভাৱেৰে দেৱীৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰিলেহে মনলৈ  আহিব অদম্য শক্তি, সাহস,  আৰু অনাবিল আনন্দ । সেয়েহে ‘আমি আশা কৰোঁ পূজাসমিতি সমূহে বাহ্যিকতা পৰিহাৰ কৰি আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়া উচিত । ভক্ত সকলেও একান্ত ভক্তি ভাৱে মা দুৰ্গাক পূজা অৰ্চনা কৰি নিজৰ লগতে দহৰো শান্তি কামনা কৰি পূজাৰ প্ৰকৃত উদ্দেশ্য সফল কৰাৰ লগতে হিন্দু ধৰ্মৰ উদাৰতা ৰক্ষা কৰা উচিত ।শেষত , মা দুৰ্গাৰ ওচৰত এটাই প্ৰাৰ্থনা তোমাৰ ভক্ত সকলৰ মনৰ কলুষতা দুৰ কৰি সমাজৰ পৰা অন্যায় – অনীতি, সাম্প্ৰদায়িক অশান্তি দুৰ কৰি সমাজখনত শান্তি বিৰাজ কৰোৱা । এয়ে মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা।
ওঁ সৰ্বমঙ্গল্য মাঙ্গল্যে শিৱে সবাৰ্থ সাধিকে
চৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে ।
সৃষ্টি স্থিতি বিনাশনাং সৰ্বভূতে সনাতনী
গুণাশ্ৰয়ে গুণময়ে নাৰায়নী নমহস্তুতে ।।

Related Articles