পশ্চিম জলাহ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন চন্দ্র ৰাজখোৱাৰ দেহাবসান 

ডিজিটেল সেৱা:  নগাঁও জিলাৰ পশ্চিম জলাহ গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজহিতৈষী ,ধাৰ্মিক জীতেন চন্দ্র ৰাজখোৱাৰ দেৱ শনিবাৰে পুৱা ২-২০ বজাত বৈকুণ্ঠগামলৈ গতি কৰে। তেখেতে প্ৰধান শিক্ষকতাৰ  দৰে মহান সেৱাত ব্ৰতী হৈ জ্ঞানৰ বন্তি জ্বলাই জ্বলাই  অৱসৰ গ্রহণ কৰিছিল। ইয়াৰ পিছতে নগাঁও জিলাৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বৰপাঠৰী জলাহ উজৰা শঙ্কৰী কৃষ্টি সমাজৰ সভাপতি/সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত  অতুলনীয় অৱদান আগবঢ়াইছিল। তেখেতে পশ্চিম জলাহ বৰখেল বৰনামঘৰৰ সৰ্বাঙ্গীন উন্নয়নত নিজকে বিলীন কৰি দিছিল। তেখেতে বৰনামঘৰৰ সভাপতিৰ দৰে মূখ্য আসন গ্রহণ কৰাৰ ওপৰিও নামঘৰৰ মূৰব্বী বৰা বাপৰ দায়িত্ব আৰু সুত্রধাৰৰ দায়িত্ব পালন কৰাৰ  লগতে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠাণ সাফল্যমন্ডিত কৰিছিল। তেখেতে মৃত্যুৰ সময়ত তিনি পুত্র, তিনি বোৱাৰী, তিনি জোঁৱাই, নাতি নাতিনি, ভতিজা ভতিজানি এৰি থৈ যায়। তেখেতৰ মৃত্যুত  নগাঁও জিলাৰ বহু অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠনৰ(নগাঁও জিলাৰ কৰ্মচাৰী পৰিষদ, অধিবিদ্যা পৰিষদ, হাইস্কুল শিক্ষক সন্হা, সুৰভি সাহিত্য সভা, বৰপাঠৰী জলাহ উজৰা শঙ্কৰী কৃষ্টি সমাজ, শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাখিমৰীয়া বিজ্ঞান সমিতি, পশ্চিম জলাহ অৰুণোদয় পুথিভঁৰাল, পশ্চিম জলাহ বূঢ়ানামঘৰ, পশ্চিম জলাহ ২ নং ঘূৰীয়া নামঘৰৰ আৰু নগাঁও জিলাৰ অন্যতম স্বেচ্ছাসেবী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেখেতে ৯৩ বছৰত ভৰি দিয়ে।তেখেতৰ মৃত্যত নগাঁও জিলাৰ লগতে অঞ্চলটিৰ বৃহৎ ক্ষতি হ’ল বুলি সকলোৱে একেমূখে স্বীকাৰ কৰে।

Related Articles