অদিতি সেৱা, নগাঁও: নগাঁও জিলাৰ নৱ নিযুক্ত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই মঙ্গলবাৰে নগাঁৱত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি, জলসিঞ্চন আদি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বুজ লৈ কয় যে, চৰকাৰে নতুনকৈ দুই লাখ লোকক চাকৰি দিবলৈ সিদ্ধান্ত লৈছে যদিও সেয়া নিবনুৱা সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত নহয়। তাৰবাবে গ্ৰহণ কৰা এই স্বনিয়োজনৰ আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ ব্যৱস্থা হ’ব লাগিব।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত ১০ লাখ যুৱক যুৱতীক স্বনিয়োজনৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে, এই আচঁনিৰ অধীনত ঋণ লাভ কৰা সকলে যাতে সঠিকভাৱে কাম কৰে সেইটো নিশ্চিত কৰিব লাগিব। তেওঁ জিলাখনৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ পঞ্জীয়নৰ সংখ্যা বৃদ্ধিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। জিলাখনৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে অতি সামান্য মাত্ৰাৰ কৃষিক্ষেত্ৰ সামৰি লোৱা বিষয়টোত তেওঁ গভীৰ উদ্বেগ আৰু অসন্তুষ্টি প্ৰকাশ কৰি বিকল বা অকাৰ্যক্ষম আঁচনি সমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে অতি শীঘ্ৰে এখন কৰ্ম আঁচনি প্ৰস্তুত কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে। তেওঁ অচিৰেই পুনৰ নগাঁৱলৈ আহি প্ৰতিটো বিভাগৰ কাম-কাজৰ বিস্তৃতভাবে পৰ্যালোচনা চলাব বুলি ঘোষণা কৰে। তেওঁ কয় যে, আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায়ভাগ সামগ্ৰীয়েই বাহিৰৰ পৰা আহে।

এই পৰ-নিৰ্ভৰশীলতা হ্ৰাস কৰি উৎপাদনমুখী কামত আমাৰ যুৱক-যুৱতী সকল জড়িত হলেহে ৰাজ্যখন আগবাঢ়িব পাৰিব। তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্চ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে। উল্লেখযোগ্য যে, নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিছত আজি প্ৰথমবাৰলৈ তেওঁ নগাঁও জিলাত উপস্থিত হৈ বিভাগীয় কাম-কাজৰ বুজ লয়। সভাত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ জিতু গোস্বামী, ৰহাৰ শশীকান্ত দাস, ধিঙৰ মেহবুব মুক্তাৰ , চামগুৰিৰ তাঞ্জিল হুছেইন, ৰূপহীহাটৰ নুৰুল হুদা প্ৰমুখ্যে জিলাখনৰ প্ৰায়সকল বিধায়কেই উপস্থিত থাকে। সভাৰ আঁতধৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নৱ নিৰ্বাচিত মন্ত্ৰীগৰাকীক জিলাখনলৈ আদৰণি জনায় আৰু তেওঁৰ দিহা-পৰামৰ্শৰ ভিত্তিত জিলাখনক আগবঢ়াই নিয়াৰ সকলো বিষয়া সষ্টম হৈ আছে বুলি উল্লেখ কৰে।

সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত গৰাকীয়ে ফুলাম গামোচা আৰু শৰাইৰে মন্ত্ৰীগৰাকীক উষ্ণ সম্ভাষণ জনায়। সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্তসকল প্ৰমুখ্যে সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীয়ে সকলোৰে সৈতে চা-চিনাকি হয়। ইয়াৰ পূৰ্বে তেওঁ হোজাই জিলাতো অনুৰূপ পৰ্যালোচনা সভা এখনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰী হাজৰীকাই নগাঁও জিলাৰ কঠিয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে। অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।