ডিজিটেল সেৱা,কলিয়াবৰ: নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই হাতীমূৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্তই জলসম্পদ বিভাগে হাতত লোৱা খহনীয়া প্ৰতিৰোধমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াবৰ্গৰ সৈতে খহনীয়া ৰোধ কৰাত দেখা দিয়া সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পৰ্কত গুৰুত্ব সহকাৰে আলোচনা কৰে। ক্ৰমাগত খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষাৰো বুজ লয়।আয়ুক্ত গৰাকীয়ে ক্ষতিগ্ৰস্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অধিক ভূমি ক্ষয় ৰোধ কৰিবলৈ সময়োপযোগী তথা কাৰ্যকৰী প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। লগতে খহনীয়া প্ৰৱণ স্থানসমূহত নিৰন্তৰ নিৰীক্ষণ চলাই থাকিবলৈ আৰু প্ৰয়োজনীয় সুৰক্ষামূলক কাম-কাজ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা প্ৰশাসন সদায় খহনীয়া সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাৰ সুৰক্ষা তথা কল্যাণ নিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি শৰ্মাই স্পষ্ট কৰি দিয়ে। এই পৰিদৰ্শন কালত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা আৰু সহকাৰী আয়ুক্ত নীলোৎপল চেতিয়ায়ো তেওঁক সংগ দিয়ে ।
নগাঁও জিলাৰ খহনীয়া পীড়িত হাতীমূৰা অঞ্চল পৰিদৰ্শন জিলা আয়ুক্তৰ