জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীৰ

ডিজিটেল সেৱা: লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকৰ আগত কয়, “মই পৰিয়ালবৰ্গক জনাওঁ যে মই ভাল সময়ত, সুখৰ কালত আহিব পৰা হ’লে ভাল পালোঁহেঁতেন ।””যেতিয়া মই ১৭ বছৰৰ আছিলোঁ, মই ছিকিমলৈ এবাৰ পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণৰ বাবে যাওঁতে আমাৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিছিলোঁ ।

মই পৰ্বতটোৰ বিষয়ে যিটো ভাল পাইছিলোঁ, সেয়া আছিল ইয়াৰ সততা, স্বচ্ছতা, অটলতা আৰু সৌন্দৰ্য । আজি, যেতিয়া মই আহি আছিলোঁ, গৌৰৱে কৈছিল যে জুবিন ডাঙৰীয়াই কৈছিল যে তেওঁ কাঞ্চনজংঘা ৷ তৎক্ষণাত মোৰ মনত এই কথা সংযোগ হ’ল যে তেওঁ কাঞ্চনজংঘা আছিল । কাৰণ তেওঁৰ মাজত কাঞ্চনজংঘাৰ গুণসমূহ আছিল… ।”কাহিলিপাৰাৰ ঘৰত জুবিন গাৰ্গৰ দৰে এক সম্পদ অসমবাসীৰ বাবে গঢ়ি উলিওৱাৰ বাবে পিতৃ মোহিনীমোহন বৰঠাকুৰক ধন্যবাদ জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে ৷জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি আহি এইদৰে কয় ৰাহুল গান্ধীয়ে— “তেওঁৰ সম্পদ আছিল, সফলতা আছিল ৷

তেওঁৰ মানৱতা আছিল । যিটো লৈ অসমবাসীয়ে গৌৰৱ কৰে । মই জুবিনজীৰ পিতৃক কৈছোঁ, তেওঁৰ জ্ঞান আছিল, তেওঁৰ সহযোগিতাই জুবিনজীক গঢ়ি উলিয়ালে, এই ধুনীয়া ৰাজ্যখনলৈ এক কণ্ঠ আগবঢ়ালে । সেই কাৰণে তেখেতৰ লগতে গোটেই পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।”ৰাহুল গান্ধীয়ে কয়, “এয়া গোটেই ৰাজ্যৰ বাবে এক দুখৰ ঘটনা । মই পৰিয়ালৰ সৈতে কথা পাতিলোঁ, আৰু তেওঁলোকে মাত্ৰ এটা কথাহে ক’লে: আমি আমাৰ জুবিনক হেৰুৱাইছোঁ আৰু আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক চৰকাৰৰ কৰ্তব্য হ’ল- যিটো ঘটিছে, সেইটো তৎক্ষণাত তদন্ত কৰা, স্বচ্ছভাৱে তদন্ত কৰা আৰু পৰিয়ালক ঠিক কি ঘটিছিল ছিংগাপুৰত সেইটো সদৰী কৰা।

“অসমবাসীৰ হৃদস্পন্দন, সংগীতৰ মহানায়কত পৰিণত হোৱা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শুকুৰবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী । জুবিন গাৰ্গৰ সমাধিথলীত শ্ৰদ্ধা জ্ঞাপন কৰি গুৱাহাটীৰ কাহিলিপাৰাত থকা জুবিনৰ ঘৰলৈ গৈ শোকস্তব্ধ পৰিয়ালক তেওঁ সমবেদনা জ্ঞাপন কৰে ৷

Related Articles