ডিজিটেল সেৱা, নগাঁও: নগাঁও সদৰস্থ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ নগাঁও প্ৰেছ ক্লাবৰ ২০২৫ বৰ্ষৰ মধ্যকালীন অধিবেশনখন দেওবাৰে অনুষ্ঠিত হয়। এই উপলক্ষে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীৰ সভাপতিত্বত নগাঁও প্ৰেছ ক্লাবৰ ড° আবু হানিফা সভা কক্ষত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও প্ৰেছ ক্লাবৰ জন্মলগ্নৰ ইতিহাস ৰোমন্থন কৰি কয় যে নগাঁৱৰ সাংবাদিকসকলে সামাজিক দায়বদ্ধতা ৰক্ষা কৰি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে।

সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম আৰু পৰ্টেল মিডিয়াই সৃষ্টি কৰা প্ৰত্যহ্বানক নেওচি চপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমে নিজৰ দায়িত্ব সঠিকভাবে পালন কৰা কষ্টসাধ্য বিষয় হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে । সভাত আন এগৰাকী বিশিষ্ট অতিথি তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই তেওঁৰ সুদীৰ্ঘ সময়ৰ সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে বৰ্তমান সময়ত সাংবাদিকৰ সংখ্যা বাঢ়িছে।

সংখ্যা বৃদ্ধিয়ে সাংবাদিকতাৰ মান বৃদ্ধি কৰিব পৰা নাই।আনহাতে নৱপ্ৰজন্মৰ একাংশ সাংবাদিকৰ ভাষাজ্ঞান আৰু ভৌগোলিক জ্ঞান সীমিত হোৱাৰ বাবে কোনো কোনো ক্ষেত্রত তেওঁলোক সমালোচনাৰ সন্মুখীন হোৱাও দেখা যায়। তেওঁ লগতে কয় যে জনসংযোগৰ পাঠ্যক্ৰম গ্ৰহণ কৰেলেই সাংবাদিকতাত সফল নহবও পাৰে। সাংবাদিকতাত সফল হবলৈ হ’লে ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজন। জ্যেষ্ঠ সাংবাদিক মহন্তই আৰু কয় যে বিলাসীজীৱন, গাড়ী, অট্টালিকা আদি সাংবাদিকৰ পৰিচয় বুলি আজিকালি বহুতে ভাবে। কিন্তু ভাল সাংবাদিক সেইজনহে যিজনক সকলো মানুহে সকলো সময়ৰ বাবে মনত ৰাখে। আন এগৰাকী বিশিষ্ট অতিথি তথা জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই সময়ৰ পৰিবৰ্তন আৰু প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰিবৰ্তন হোৱা বুলি উল্লেখ কৰি কয় যে সম্প্ৰতি সামাজিক মাধ্যমৰ জৰিয়তে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ গুৰুত্ব বৃদ্ধি পাইছে।

আনকি ৰাজনৈতিক নেতাসকলেও সামাজিক মাধ্যমৰ জৰিয়তেহে তেওঁলোকৰ বক্তব্য সমূহ ৰাখিব বিচাৰে। তেনে ক্ষেত্ৰত বৃত্তিগত মূলসুঁতিৰ সাংবাদিক সকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সেয়ে মূলসুঁতিৰ বৃত্তিগত সাংবাদিক সকলে অনুসন্ধানমূলক বাতৰি পৰিবেশনৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁলোকৰ দক্ষতা আৰু কৌশল বৃদ্ধি কৰিব লাগে। সামাজিক মাধ্যমত দিব নোৱাৰা বা ঢুকি নোপোৱা বিষয়সমূহ যাতে জনতাৰ ওচৰলৈ নিব পাৰে সেই চেষ্টা কৰিব লাগে। সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিঙে সাম্প্ৰতিক সময়ত সংবাদকৰ্মী সকলক ঐক্যবদ্ধ ভাবে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই কয় যে কেতবোৰ পৰিস্থিতিত সাংবাদিক সকলে স্বতন্ত্ৰভাৱে নিজৰ দায়িত্ব পালনত অসুবিধাৰ সন্মুখীনহৈ আহিছে। সভাৰ উদ্দেশ্য বাখ্যা কৰে নগাঁও প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক নিলোৎপল বৰাই। সভাতে নগাঁৱৰ দুই জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ শইকীয়া আৰু ভাস্কৰজ্যোতি মেধিক নগাঁও প্ৰেছ ক্লাবৰ পৰম্পৰা ৰক্ষা কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আনহাতে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসৰ কন্যা শ্ৰুতিধাৰা শিৱাংগী আৰু জ্যেষ্ঠ সাংবাদিক বৈদ্যনাথ সাহানীৰ পুত্ৰ অংকিত সাহানীক নগাঁও প্ৰেছ ক্লবৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়। সভাৰ প্ৰাকমূহূৰ্তত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়। আনহাতে আজি পুৱা অধিবেশন উপলক্ষে নগাঁও প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি জিতেন বৰকটকীয়ে আৰু স্মৃতি তৰ্পন কৰে জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিঙে।ইপিনে আজি বিয়লি অনুষ্ঠিত সাংবাদিক সকলৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।