ছত্তীশগড়ত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা: কমেও আঠজনকৈ লোকৰ মৃত্যু

ডিজিটেল সেৱা: এখন মালবাহী ৰে’লৰ সৈতে হোৱা যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষত অতি কমেও আঠজনকৈ লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে ৷ ছত্তীশগড়ৰ বিলাসপুৰ ষ্টেচনৰ সমীপত মঙলবাৰে সংঘটিত হয় এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ আৰক্ষীৰ মতে, ডবাৰ তলত একাংশ যাত্ৰী আবদ্ধ হৈ থকাৰ বাবে আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান । অৱশ্যে এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে স্থানীয় লোক ।দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষীৰ লগতে উদ্ধাৰকাৰী আৰু চিকিৎসা সেৱাৰ দল ৷ স্থানীয় প্ৰশাসনেও এই কাৰ্যত সহায় আগবঢ়াবলৈ উপস্থিত হয় ঘটনাস্থলীত । দুৰ্ঘটনাৰ বাবে সমগ্ৰ পথটোৰে বন্ধ হৈ পৰে ৰে’লৰ চলাচল ৷ইতিমধ্যে ৰে’ল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰে’ল দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইয়ে ঘটনাস্থলীত উপস্থিত হোৱা উদ্ধাৰকাৰী দলৰ সৈতে ভিডিঅ’ কলৰ জৰিয়তে কথা পাতি পৰিস্থিতিৰ বুজ লয় । আহতসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’ল বিভাগে যাত্ৰী আৰু পৰিয়ালৰ সুবিধাৰ্থে মুকলি কৰিছে হেল্পলাইন নম্বৰ মুকলি কৰে-বিলাসপুৰ – ৭৭৭৭৮৫৭৩৩৫,৭৮৬৯৯৫৩৩৩০,চম্পা – ৮০৮৫৯৫৬৫২৮,ৰায়গড় – ৯৭৫২৪৮৫৬০০,পেণ্ড্ৰা ৰোড – ৮২৯৪৭৩০১৬২,কোৰবা – ৭৮৬৯৯৫৩৩৩০। এই ৰে’ল দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ বাবে ঘোষণা কৰা হৈছে এককালীন সাহায্য ৷ মৃতকৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহতসকললৈ ৫ লাখ আৰু সামান্য পৰিমাণে আহত সকলক একলাখ টকা প্ৰদান কৰা হ’ব ৷

Related Articles