ডিজিটেল সেৱা, গুৱাহাটী: সদ্য বিজেপি ত্যাগী ৰাজেন গোঁহায়ে যোগ দিব আঞ্চলিক দলত ৷একালৰ বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, সদ্য বিজেপি ত্যাগী ৰাজেন গোঁহায়ে পদুম এৰি আহি এতিয়া উঠিব জাহাজত ৷ ৰাজেন গোঁহায়ে দলে-বলে যোগ দিব অসম জাতীয় পৰিষদত ৷মঙলবাৰে এই কথা নিশ্চিত কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই ।বুধবাৰে গুৱাহাটীত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগ দিব একালৰ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ৷ ৫ নৱেম্বৰৰ দিনা গুৱাহাটীত লুৰীণজ্যোতি গগৈৰ উপস্থিতিত ৰাজেন গোঁহায়ে অসম জাতীয় পৰিষদত যোগদান কৰিব ৷ ৰাজেন গোঁহাইৰ লগতে আন কেইবাগৰাকীও প্ৰাক্তন আছু নেতাই অসম জাতীয় পৰিষদত বুধবাৰে যোগ দিয়াৰ কথা । উল্লেখযোগ্য যে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বঢ়মপুৰৰ পৰা ৰাজেন গোঁহায়ে অজাপৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
বিজেপি এৰি ৰাজেন গোঁহায়ে যোগ দিব অসম জাতীয় পৰিষদত