ডিজিটেল সেৱা,নগাঁও: নগাঁৱত বিগত প্ৰায় চাৰি বছৰে সংঘটিত হৈ আহিছে কিডনী বিক্ৰীৰ দৰে এক ভয়ংকৰ ঘটনা । নিজৰ কিডনী বিক্ৰী কৰাৰ অভিযোগে উন্মোচন কৰিছে অভাৱগ্ৰস্ততাৰ এক ভয়ংকৰ ছবি । এই ঘটনা নগাঁও চহৰৰ হুজ কৈৱৰ্ত গাঁৱৰ ।গাঁওখনৰ প্ৰায় ৪০ শতাংশ লোকেই নিজৰ কিডনী বিক্ৰী কৰা বুলি স্থানীয় লোকৰ লগতে খোদ গাঁওপ্ৰধানেই এক অভিযোগ উত্থাপন কৰাৰ পাছতেই নগাঁও আৰক্ষীয়েও ঘটনাক লৈ আৰম্ভ কৰিছে অনুসন্ধান । ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ অনুসন্ধান চলাই সোমবাৰে নিশা কিডনী বিক্ৰীৰ অভিযোগত গাঁওখনৰ তিনিজনকৈ লোকক আটক কৰিছে । হুজ কৈৱৰ্ত গাঁৱৰ ধৰণী দাস, মহেন্দ্ৰ দাসৰ লগতে দ্বীপ দাস নামৰ তিনিজনকৈ লোকক আটক কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।আটক কৰা ধৰণী দাসে চাৰি বছৰ পূৰ্বে কলকাতাৰ এখন হাস্পতালত অস্ত্ৰোপচাৰ কৰি পূৰ্বে কাম কৰা মালিকক কিডনী দিয়াৰ কথা স্বীকাৰ কৰে । অৱশ্যে কিডনী দিয়াৰ বিনিময়ত কোনো ধন লোৱাৰ কথা অস্বীকাৰ কৰে ধৰণী দাসে । ইয়াৰ বিপৰীতে আৰক্ষীয়ে আটক কৰা দ্বীপ দাসে হেপাটাইটিছ হোৱা বাবে কিডনী দিব পৰা নাছিল বুলি উল্লেখ কৰে । গাঁওখনৰ লোকে অভাৱগ্ৰস্ততাৰ বাবেই কিডনী বিক্ৰী কৰাৰ কথাও স্বীকাৰ কৰে দ্বীপ দাসে ।এই সন্দৰ্ভত দ্বীপ দাসে কয়, “মই জুৰীয়াৰ এজন লোকক কিডনী দিবলৈ গৈছিলোঁ । কিন্তু মোৰ হেপাটাইটিছ হোৱা বাবে মই নিদিলোঁ । মোৰ লগত কোনো দৰ-দাম হোৱা নাছিল । কিন্তু যদি মিলে তেন্তে আলোচনা কৰিলেহেঁতেন । শুনা পাইছোঁ বহুত মানুহে দিছে । মই ইয়াত নাথাকো । কিডনী দিব পাৰিলে কিবা এটা দিব বুলি তেওঁলোকে কৈছিল । মোৰ মাৰ বেমাৰ আছিল । তেতিয়া মোৰো শাৰীৰিক অৱস্থা বেয়া আছিল । পইচাৰ অভাৱত কিডনী দিবলৈ ওলাইছিলোঁ । অভাৱতহে দিবলৈ গৈছিলোঁ ।”ইয়াৰ বিপৰীতে মহেন্দ্ৰ দাসে খুড়াকক কিডনী দান কৰা বুলিহে উল্লেখ কৰে । কিডনী বিক্ৰী কৰাৰ অভিযোগ নাকচ কৰে মহেন্দ্ৰ দাসে । কিন্তু গাঁওখনৰ প্ৰায় ৪০ শতাংশ লোকেই কিডনী বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰে খোদ গাঁওখনৰ গাঁও প্ৰধানগৰাকীয়ে । আনকি স্থানীয় লোকেও গাঁওখনৰ লোকে ধনৰ বাবে কিডনী বিক্ৰী কৰি নিজকে মৃত্যুমুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে ।ঘটনা সন্দৰ্ভত গাঁওখনৰ গাঁওপ্ৰধানগৰাকীয়ে কয়, “এইটো আজিৰ সমস্যা নহয় । ২০২১ চনৰ পৰাই এই সমস্যাটো চলি আহিছে । কম কমকৈ আৰম্ভ হৈ আজিৰ সময়ত গৈ আমি গম পোৱা মতে, এই হুজ কৈৱৰ্ত গাঁৱৰ ৪০ শতাংশ মানুহৰ হয়তো কিডনী নাই । সঠিকটো ক’ব নোৱাৰিম ।”গতিকে মই আপোনালোকৰ জৰিয়তে প্ৰশাসনক, আয়ুক্ত ডাঙৰীয়াক আন্তৰিকভাৱে আহ্বান জনাম যে তেওঁলোকে ইয়াৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি এই সমস্যাচো মষিমূৰ কৰে যেন ।”আনহাতে, এই কিডনী বিক্ৰীৰ ঘটনাত মধ্যভোগী জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । এইক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় লোকে । ইপিনে নগাঁও আৰক্ষীয়ে আটক কৰা দ্বীপ দাস, ধৰণী দাস আৰু মহেন্দ্ৰ দাসক জেৰা কৰাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এই ঘটনা সন্দৰ্ভত মন্তব্য কৰিছে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । কিডনী দিয়া সন্দৰ্ভত নগাঁৱৰ হুজ কৈৱৰ্ত গাঁৱৰ পৰা তিনিজন লোক ক্ৰমে ধৰণী দাস, মহেন্দ্ৰ দাস আৰু দ্বীপ দাসক কৰায়ত্ত কৰাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।গাঁওখনৰ কিডনী দিয়া চক্ৰৰ ছয়জনকৈ লোকক চিনাক্ত কৰা বুলিও উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে । এই সন্দৰ্ভত গাঁওখনৰ গাঁওবুঢ়াই দিয়া এক এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰা বুলিও জনায় আৰক্ষী অধীক্ষকে । লগতে গাঁওখনত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।এক সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে হুজ কৈৱৰ্ত গাঁৱৰ কিছুসংখ্যক ব্যক্তিয়ে বাহিৰত গৈ কিডনী দিয়া বুলি । আমি ইনভেষ্টিগেচন কৰি এতিয়ালৈকে ছজন ব্যক্তিৰ আমি সম্ভেদ পাইছোঁ । গাঁবুঢ়াই আজি এখন এফ আই আৰ দিছে । যিকেইজন ব্যক্তি এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে নিজেও দিছে । লগতে কিছু মধ্যভোগীৰ জৰিয়তে ইয়াৰ পৰা মানুহ কলিকতালৈ নিয়াৰ আমি খবৰ পাইছোঁ । আমি লগে লগে এটা গোচৰ পঞ্জীয়ন কৰি সেই তিনিজনক সোধা-পোছা কৰিছোঁ । ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছো ।