ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু ৰামধেনু ট্ৰেভেল এজেঞ্চিৰ সহযোগত নগাঁৱৰ বৰঘাট বাইপাছত আজি পুৱা এখনি “পথ সুৰক্ষা সজাগতা সভা” অনুষ্ঠিত হয়। আজিৰ এই পথ সুৰক্ষা সজাগতা সভাত সভাপতিত্ব কৰে জিলা পৰিবহন বিষয়া সীমান্ত বৰাই ৷ নগাঁও পৰিবহন প্ৰৱৰ্তক বিষয়া প্ৰহ্লাদ হাজৰিকা,সুদীপ্ত শইকীয়া,তুলতুল গগৈ,প্ৰদীপ ভূঞা লগতে অন্যান্য সকল,ৰামধেনু ট্ৰেভেল এজেঞ্চিৰ ইন্দ্ৰ কলিতা,ধ্ৰুৱ কলিতাকে প্ৰমুখ্য কৰি বহু গন্য-মান্য ব্যক্তিৰ লগতে যান বাহনৰ চালক কণ্ডাক্টৰ সকল উপস্থিত থাকে । পৰিবহন বিষয়া সীমান্ত বৰাই পথ সুৰক্ষা সজাগতাৰ ওপৰত আলোকপাত কৰি বৰ্তমান ঘন কুৱলিৰ আৰু পিকনিকৰ বতৰত যানবাহন চালক সকলক প্ৰতিটো ক্ষেত্ৰতে অধিক সৰ্তক হৈ থাকি যানবাহন সমূহ চলাচল কৰিবলৈ আহ্বান জনাই ৷ লগতে যানবাহন চলোৱাৰ সময়ত যদি কোনোবা চালকে মাদকদ্ৰব্য সেৱন কৰি যানবাহন চলাই দূৰ্ঘটনা সংঘটিত কৰে তেনে হলে সেই যানবাহনৰ চালকৰ ওপৰত যানবাহন আইন অনুসৰি শাস্তিৰ ব্যৱস্থা কৰাৰ লগতে দহ হেজাৰ টকাৰ জৰিমনা আৰু চালকৰ অনুজ্ঞাপত্ৰ বাতিল হব বুলি কঠোৰভাৱে জনায় ৷ সভাত ৰামধেনু ট্ৰেভেল এজেঞ্চিৰ হৈ মনি কলিতাই চালক-কনদাক্টৰ সকলক সদায় যাত্ৰী সকলক নিজৰ পৰিয়ালৰ এজন বুলি ভাবি বাহনত উঠোবাৰ লগতে তেওঁলোকক কেনেকৈ নিৰাপদে সুৰক্ষা প্ৰদান কৰি গন্তব্যস্থানত এৰিব পাৰে তাৰ প্ৰতি সৰ্তক হবলৈ আহ্বান জনাই লগতে নগাঁও পৰিবহন বিভাগক সকলো দিশতে সদায় সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰদান কৰি বক্তব্য আগবঢ়োৱাৰ লগতে পথ সুৰক্ষাই পথচাৰী আৰু যান বাহনৰ আৰোহী সকলৰ সৰ্তকতা আৰু নিয়মাৱলীক গুৰুত্ব প্ৰদান কৰাৰ লগতে পথ সুৰক্ষাই জীৱন ৰক্ষা এই বাক্যশাৰী মনত ৰাখিবলৈ আহ্বান জনাই ৷ উল্লেখ যে,নগাঁও বৰঘাট বাইপাছত উৰনীয়া সেতু আৰম্ভ হোবাৰ পাছৰে পৰা দূৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত নতুনকৈ চাৰিওটা দিশতে গতিৰোধক দিবলৈ দীৰ্ঘদিনৰ পৰা এক দাবী জনাই অহা হৈছিল ৷ সেই সকলো দাবী জিলা প্ৰশাসনৰ সহযোগত আৰু লোকনিৰ্মান বিভাগৰ তৎপৰতা অতি শীৰ্ঘে নিৰ্মাণৰ বাবে ব্যৱস্থা হাতত লোবা হব বুলি নগাঁও পৰিবহন বিষয়া সীমান্ত বৰাই জানিব দিছে ৷ আজি পুৱাৰ ভাগতে আয়োজিত সজাগতা অনুষ্ঠানটি সামগ্ৰীকভাৱে আঁতধৰে জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী তথা সাংস্কৃতিক কৰ্মী দৰ্শন মহন্তই।
নগাঁৱত পথ সুৰক্ষা সজাগতা সভা:সুৰা সেৱন কৰি যানবাহন নচলাবলৈ আহ্বান