নগাঁৱত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অনুমোদন পত্ৰ বিতৰণ

ডিজিটেল সেৱা, নগাঁও: সমগ্র ৰাজ্যজুৰি ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ-৩.০ (PMAY-G 3.0)-ৰ অধীনত প্ৰদান কৰা অনুমোদন পত্ৰ বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি ০৯ ডিচেম্বৰ তাৰিখে, নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলাখনৰ কেন্দ্ৰীয় অনুমোদন পত্ৰ বিতৰণী অনুষ্ঠানটি অনুষ্ঠিত হয় । এই অনুষ্ঠানত গুৱাহাটীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা কেন্দ্ৰীয় অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানতে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৫৪৪ গৰাকী যোগ্য হিতাধিকাৰীক আনুষ্ঠানিকভাৱে গৃহৰ বাবে অনুমোদন পত্ৰ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ অভিলাষী আঁচনি প্ৰধামন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ ৩.০ ৰ অধীনত সমগ্র ৰাজ্যখনৰ ৩,২৪,২৩৪ গৰাকী যোগ্য হিতাধিকাৰীক গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে ।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত, সুদীপ নাথ, জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণ কান্ত শইকীয়া, ভোটাইপাথৰি জিলা পৰিষদৰ সদস্য শ্ৰীমতী জোনালী চাংকাকতি আৰু খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰানা বৰাৰ লগতে নগাঁও জিলা পৰিষদ আৰু খাগৰিজান উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী, আমন্ত্ৰিত অতিথিসকল, সমাজকৰ্মী আৰু হিতাধিকাৰী ৰাইজ উপস্থিত থাকে।

Related Articles