ডিজিটেল সেৱা: ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। তেনে এক অভিযানৰ মাজতে নগাঁও আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই বৰঘাট এলেকাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ ড্ৰাগছখিনিৰ মূল্য ডেৰ কোটিৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে ।শিলচৰৰ পৰা নগাঁৱলৈ বিলাসী বাহনেৰে এই ড্ৰাগছখিনি সৰবৰাহ কৰি থকা হৈছিল । সেই সময়তে আৰক্ষীয়ে অভিযান চলায় । বিলাসী বাহনেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি থকাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ এটা দলে চলোৱা অভিযানত ড্ৰাগছসমূহ জব্দ কৰাৰ লগতে সৰবৰাহকাৰী তিনিজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লিয়াছ হুছেইন, নগাঁৱৰ জুৰীয়াৰ ইনামুল হুছেইন আৰু নজৰুল ইছলাম । আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই তিনিওজনে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছিল । অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নিৰ্দেশতে আৰক্ষীয়ে এই অভিযান চলাইছিল । অভিযানটো সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “পুংখানুপুংখভাৱে তালাচী কৰোঁতে এই ড্ৰাগছখিনি পাইছো । ৬৮ টা চাবোনৰ বাকচত আছিল ড্ৰাগছখিনি । এতিয়াও প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই । ৩ জন মানুহক আটক কৰিছোঁ । দুজন নগাঁৱৰ আৰু এজন মৰিগাঁৱৰ । শিলচৰৰ পৰা নগাঁৱলৈ আহি আছিল ।”
নগাঁও আৰক্ষীৰ অভিযানত ডেৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ