ডিজিটেল সেৱা: নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিৰ সদৌ নগাঁও ভোগালী বিহু উৎসৱে এইবাৰ ১১৩ সংখ্যক বৰ্ষত পদাৰ্পন কৰিব। ৰাজ্যখনৰ ভিতৰতে অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা নেহৰুবালিৰ ভোগালী বিহু উৎসৱ অহা ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। নগাঁও চহৰৰ শ্বহীদ ভৱন সভাকক্ষত কালি সন্ধিয়া সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক ভোগালী বিহু উৎসৱ উদযাপন সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত ৰঞ্জিত কুমাৰ তামুলী ফুকনক সভাপতি, নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কাৰ্যকৰী সভাপতি, জয়ন্ত কুমাৰ বৰা আৰু ৰঞ্জিত বৰা(দাদু)ক সাধাৰণ সম্পাদক হিচাপে লৈ ১৮খন শাখা সমিতি সহ ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিখন গঠন কৰাৰ লগতে বিহু উৎসৱৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। সভাত আগন্তুক ২০২৬ বৰ্ষৰ ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে নেহৰুবালিত ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।ভোগালী বিহু উৎসৱৰ কাৰ্যসূচীত এক আটকধুনীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত কলা সুলভ থলুৱা ক্ৰীড়া প্ৰতিযোগিতা,নগাঁৱৰ নেহৰুবালিৰ ভোগালী বিহুৰ পৰম্পৰা আৰু তথ্য সমৃদ্ধ স্মৃতিগ্ৰন্থ প্ৰকাশ,অসমৰ গ্ৰাম্য জীৱনৰ পটভূমিত প্ৰদৰ্শনী, অসম কুঁৱৰী প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা আদি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সভাৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাকে প্ৰমুখ্য কৰি অসমৰ সাংস্কৃতিক আৰু সমাজ জীৱনলৈ বৰঙণি আগবঢ়াই যোৱা সদ্য প্ৰয়াত বৰেণ্য ব্যক্তি সকলৰ লগতে নগাঁৱৰ সমাজজীৱন আৰু নেহৰুবালিৰ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ লগত জড়িত প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত উপস্হিত সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । সভাত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰাই বিগত বৰ্ষৰ ভোগালী বিহু উৎসৱৰ খতিয়ান দাঙি ধৰাৰ লগতে আয়-ব্যয়ৰ হিচাপ দাখিল কৰে । সভাত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শর্মাই কলংপৰীয়া ইতিহাস বহন কৰা ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সমূহ কাৰ্যসূচী সফল কৰি তোলাত সকলো শ্ৰেণী লোকৰ সহযোগিতা কামনা কৰে । সভাত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, নগাঁও পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰা, অধিবক্তা পৰাণ গোহাঁই, সাংস্কৃতিক কর্মী ৰঞ্জিত বৰা,প্ৰাণজিৎ গোস্বামী, জ্যেষ্ঠ নাগৰিক হিৰণ্য বল্লভ গোস্বামী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, নগাঁও সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, সাধাৰণ সম্পাদক মুক্তি বৰা প্ৰমুখ্যে ভোগালী বিহু উৎসৱৰে জড়িত ভালেসংখ্যক ব্যক্তি আৰু সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থাকে ।
১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি