নগাঁও জিলাৰ ১৪ টা স্থানত একেলগে আৰম্ভ হ’ল জনকল্যান শিবিৰ

ডিজিটেল সেৱা, নগাঁও : জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা, জনসাধাৰণৰ ওজৰ-আপত্তি বা অভিযোগৰ ক্ষীপ্ৰ সমাধান কৰা আৰু সকলো জনকল্যাণমূলক সেৱা তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে আজি ১৮ জুনৰ পৰা নগাঁও জিলাত আৰম্ভ হৈছে তিনিদিনীয়া ‘জনকল্যাণ শিবিৰ, ২০২৬’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বিশেষ উপলক্ষ্যত জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডৰ উপৰি জিলা সদৰত পৃথক পৃথককৈ এই বিশেষ শিবিৰসমূহ আজি একেসময়তে আৰম্ভ হৈছে, যি অহা ২০ জুন তাৰিখ পৰ্যন্ত চলিব। প্ৰতিটো স্থানতে ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। জিলাখনৰ ৰহা উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰাংগণত আয়োজিত এটি শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উদ্বোধনী ভাষণত আয়ুক্তগৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বত সমগ্ৰ ভাৰত তথা অসমত হোৱা অভূতপূৰ্ব উন্নয়নমূলক কাম-কাজৰ খতিয়ান ডাঙি ধৰে। তেওঁ বিভিন্ন বিভাগৰ বিষয়াসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ সুবিধা যাতে প্ৰতিজন প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে, তাৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত জিলা আয়ুক্তগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ জনকল্যাণমূলক দিশ সম্পৰ্কে ৰাইজক অৱগত কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত, পি এম উজ্জ্বলা যোজনা, বিকশিত ভাৰত সংকল্প, পি এম কিষাণ, পি এম সূৰ্যঘৰ যোজনা, প্ৰধানমন্ত্ৰী আবাস যোজনা আদি। ইয়াৰ সমান্তৰালভাৱে অসম চৰকাৰৰ অৰুণোদয় ৩.০, নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আদি আঁচনিৰ লাভালাভৰ বিষয়েও তেওঁ বিশদভাৱে আলোচনা কৰে।ৰহা উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত বিভিন্ন চৰকাৰী বিভাগে নিজা নিজা প্ৰদৰ্শনীমূলক ষ্টল স্থাপন কৰি জনসাধাৰণক চৰকাৰী আঁচনি, সেৱা আৰু সুবিধাসমূহৰ বিষয়ে বিতং তথ্য প্ৰদান কৰাৰ লগতে পঞ্জীয়নৰ সুন্দৰ ব্যৱস্থা কৰা দেখা যায়। এই গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলী হাজৰিকা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱা, ৰহা সম-জিলাৰ আয়ুক্ত ড৹ অংকিতা বৰা, ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গিয়ামনি বৰগোহাঁই প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক হিতাধিকাৰী, গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজে উপস্থিত থাকে। ৰহা উন্নয়ন খণ্ডৰ সমান্তৰালভাৱে জিলাখনৰ আন ১২ টা উন্নয়ন খণ্ডতো এই ‘জনকল্যাণ শিবিৰ, ২০২৬’ক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। নগাঁও চহৰৰ আৰক্ষী ছাউনীতো জিলা ভিত্তিক অনুষ্ঠান অনুষ্ঠিত হৈছে, য’ত প্ৰায়ভাগ বিভাগে নিজা নিজা বিপনী স্থাপন কৰিছে।

Related Articles