অসম আন্দোলনৰ বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত শ্বহীদ দিৱস উদযাপন

ডিজিটেল সেৱা,নগাঁও :-অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে, ৮৬০ গৰাকী শ্বহীদৰ বলিদানক সোঁৱৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলা প্ৰশাসনে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে “শ্বহীদ দিৱসটি” উদযাপন কৰে । এই উপলক্ষে ৯ ডিচেম্বৰ তাৰিখে, জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত বিয়লিভাগত অসমী আইৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ পূণ্য স্মৃতিত এখনি দেশপ্ৰেমৰ অৰ্থবহক চিত্ৰ প্ৰদৰ্শনীৰ শুভ উদ্ধোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । ইয়াৰ পিছতেই অমৰ শ্বহীদ সকলৰ পূণ্য আত্মাৰ সদগতিৰ অৰ্থে জিলা আয়ুক্তকে প্ৰমুখ্য কৰি উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলনেৰে তেখেতসকলক স্মৰণ কৰে । বন্তি প্ৰজ্বলন কৰি আয়ুক্ত গৰাকীয়ে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ লগতে বৰ অসম গঢ়াৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা অসমী আইৰ সুসন্তান বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ, নমন কৰে ।

তেখেতে উল্লেখ কৰে যে, বৰ অসম গঢ়াৰ ক্ষেত্ৰত শ্বহীদ সকলৰ অৱদানৰ বিষয়ে আমাৰ যুৱ প্ৰজন্মৰ মাজত সঠিক বিশ্লেষণ, প্ৰচাৰ আৰু প্ৰসাৰ হব লাগে, আৰু এই ক্ষেত্ৰত সকলোকে আগভাগ লবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় ।শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি উদযাপন স্থলীত নবসুৰুজ সাংস্কৃতিক গোষ্ঠী, দক্ষিণপাটৰ শিল্পী সকলে দিহা নাম পৰিবেশন কৰে । নামৰ অমিয়া ধ্বনিত আয়ুক্ত কাৰ্যালয়ৰ সমগ্র চৌহদত আধ্যাত্মিকতাৰ এক মধুৰ পৰিবেশৰ সৃষ্টি কৰে ।এই শ্বহীদ দিৱসৰ সমগ্ৰ কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰীকে প্ৰমুখ্য কৰি অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্ত সকল, জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী বিষয়াসকলৰ লগতে আয়ুক্ত কাৰ্য্যালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকি শ্বহীদ সকলৰ স্মৃতিত আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন কৰে ।

Related Articles