ডিজিটেল সেৱা,নগাঁও : নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ অগ্রণী চকু চিকিৎসা প্ৰতিষ্ঠান ‘ ডা: গৌতমচ্ ব্ৰহ্মপুত্ৰ আই কেয়াৰ’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ৭ ডিচেম্বৰ তাৰিখে সন্ধিয়া নগাঁও চহৰৰ ইটাচালি স্থিত ষ্টাইল বজাৰ কম্পলেক্সত থকা বেনকুৱেট হলত আয়োজিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ চামগুৰিৰ নিজ ভেলেউগুৰি কমাৰচুক অঞ্চলৰ প্ৰচাৰবিমুখ বৰ্ষীয়ান কালীবাদক কলিৰাম বৰাক ‘গীতাধ্যায়ী কামাখ্যা চৰণ ঠাকুৰ সমাজৰত্ন’ বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে শিল্পী কলিৰাম বৰা অসমীয়া সমাজৰ ভাওনা,পূজা,বিবাহ আদিত মাংগলিক বাদ্য হিচাপে পৰিচিত কালীবাদ্যৰ এগৰাকী সুদক্ষ শিল্পী হিচাপে পৰিচিত । ১৯৯২ চনৰে পৰা ভাওনা,পূজা, বিবাহকে ধৰি বিভিন্ন আধ্যাত্মিকতা অনুষ্ঠানত কালী বাদ্য পৰিবেশন কৰি অহা শিল্পী কলিৰাম বৰাই সম্প্ৰতি আশী বছৰত খোজ পেলাইছে যদিও এই বাদ্যবিধ পৰিবেশন কৰি আহিছে। শিল্পী গৰাকীক চলিত বৰ্ষত অসম চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰে ।’গীতাধ্যায়ী কামাখ্যা চৰণ ঠাকুৰ সমাজ ৰত্ন বঁটা’ৰ বাবদ শিল্পী গৰাকীক গামোছা,শৰাই, চেলেং, কাঁহৰ জাপি, স্মাৰক, মানপত্ৰ, ফলমূলৰ টোপোলা আদিৰে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ তৰফৰ পৰা সন্মানিত কৰা হয় । “ডা: গৌতমচ ব্ৰহ্মপুত্ৰ আই কেয়াৰ” ৰ স্বত্বাধিকাৰী ডা: পি কে গৌতমে আঁতধৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কলিৰাম বৰাৰ দৰে এগৰাকী প্ৰচাৰ বিমুখ বৰ্ষীয়ান গুণী শিল্পীক ‘গীত্যাধায়ী কামাখ্যা চৰণ ঠাকুৰ সমাজ ৰত্ন বঁটা’ প্ৰদান কৰাৰ বাবে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ স্বত্বাধিকাৰী ডা: পিকে গৌতমৰ শলাগ লয় । বিধায়ক শৰ্মাই নগাঁও চহৰৰ আন্তঃগাঠনিৰ লগতে ক্ৰীড়া, চিকিৎসা আদি ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে গ্ৰহণ কৰা বহু কেইটা পদক্ষেপৰ বিষয়ে ব্যক্ত কৰে।আনহাতে চকু চিকিৎসক ডা: পি কে গৌতমৰ ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ উন্নত প্ৰযুক্তিৰ সংযোজনে মধ্য অসমৰ ৰোগীৰ চকু চিকিৎসাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভনিতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভাৰতৰত্ন অসম গৌৰৱ মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি শিল্পী নিপু ভূঞাই সুধাকণ্ঠৰ এটি গীত পৰিবেশন কৰে । আনহাতে অসমবাসীৰ হিয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুগৰাকী শিল্পীয়ে অনুষ্ঠানত শিল্পীগৰাকীৰ গীতত নৃত্য পৰিবেশন কৰে। ইপিনে বিদেশত উন্নত চকু চিকিৎসা ব্যৱস্থাৰ অনুকৰণেৰে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ চিকিৎসা সেৱাত উন্নত প্ৰযুক্তিৰ সংযোজনৰ আধাৰত ডা: পি কে গৌতমে নিৰ্মান কৰা এখন তথ্যচিত্ৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়। অত্যাধুনিক প্ৰযুক্তিৰে মধ্য অসমৰ ৰোগীক চকুৰ চিকিৎসা প্ৰদানত সহযোগিতা আগবঢ়োৱাৰ বাবে নগাঁও বাসীক চিকিৎসা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ডা: পি কে গৌতমে কৃতজ্ঞতা জ্ঞাপন কৰে । অনুষ্ঠানত “ডা: গৌতমচ ব্ৰহ্মপুত্ৰ আই কেয়াৰ” ৰ কৰ্মচাৰী সকলক প্ৰতিষ্ঠা দিৱস উপলক্ষে উপহাৰ প্ৰদানৰ লগতে প্ৰতিষ্ঠানটোৰ দুগৰাকী কৰ্মচাৰীক ‘বৰ্ষশ্ৰেষ্ঠ কৰ্মচাৰী বঁটা’ প্ৰদান কৰা হয় । অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, বিশিষ্ট নাট্যকাৰ সপোনটি বৰদলৈ, লায়ন্স ক্লাবৰ বিষয়ববীয়া ললিত কোঠাৰী, প্ৰয়াত গীতাধ্যায়ী কামাখ্যা চৰণ ঠাকুৰৰ পত্নী শৈল্য বৰঠাকুৰ, সাংবাদিক বীৰেন বৰা, শিল্পী যতীন্দ্ৰ কুমাৰ দাস, ডা: ভাস্বতী শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
নগাঁৱৰ ডা:গৌতমচ্ ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন