ডিজিটেল সেৱা: জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত সন্দৰ্ভত আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ বৃহস্পতিবাৰে আদালতে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান কৰে ৷ শর্মিলা ভূঞাৰ আদালতে নাকচ কৰে শ্যামকানু মহন্তৰ জামিন আবেদন । যোৱা ১০ এপ্ৰিলত জামিনৰ বাবে ফাষ্টট্ৰেক আদালতত আবেদন জনাইছিল অভিযুক্ত শ্যামকানু মহন্তই । সেই আবেদনৰ ভিত্তিত আদালতে ২২ আৰু ২৩ এপ্ৰিলত হোৱা দুদিনীয়া শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখিছিল । আজি আদালতে বিষয়টোক লৈ চূড়ান্ত ৰায়দান কৰে ৷ সমান্তৰালকৈ শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈ মহন্তৰ অধিবক্তাই আদালতত কৰা আবেদনো খাৰিজ কৰে আদালতে । ২ মে’ত সিদ্ধাৰ্থৰ জামিন আবেদনৰো ৰায়দান কৰিব আদালতে ।
জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ